উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি মণিপুৰৰ মইৰাং স্থিত আই এন এ সংগ্ৰহালয় পৰিদৰ্শন কৰে আৰু ভাৰতীয় জাতীয় সেনা (আই এন এ)ৰ বীৰত্ব আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনায়।
তেওঁ ভাৰতৰ মূল ভূখণ্ডত আই এন এয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰা ঐতিহাসিক স্থান পৰিদৰ্শন কৰে আৰু আই এন এ যুদ্ধ সংগ্ৰহালয়ৰ গেলেৰী পৰিদৰ্শন কৰে। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুকো পুষ্পাঞ্জলি অৰ্পণ কৰে।
পিছত উপ-ৰাষ্ট্ৰপতিয়ে ইম্ফলৰ সৈনিক স্কুল পৰিদৰ্শন কৰে, য’ত তেওঁ যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু কেডেটসকলে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত আই এন এৰ ঐতিহাসিক ভূমিকা স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে তামিলনাডুকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বহু স্বাধীনতা সংগ্ৰামীয়ে আই এন এত যোগদান কৰিছিল আৰু দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল।
তেওঁ শেহতীয়াকৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণৰ কথাও স্মৰণ কৰে, য’ত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল আৰু কয় যে এই ঐতিহাসিক স্থানসমূহে যুৱ প্ৰজন্মক ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ সাহস, দেশপ্ৰেম আৰু ত্যাগৰ কথা সোঁৱৰাই দিয়ে।
উপ-ৰাষ্ট্ৰপতিয়ে গুৰুত্ব আৰোপ কৰি কয় যে কোনো অনুষ্ঠানৰ প্ৰকৃত উত্তৰাধিকাৰ কেৱল ইয়াৰ ভৱন বা নথি-পত্ৰতে প্ৰতিফলিত নহয়, বৰঞ্চ ইয়াৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰতহে প্ৰতিফলিত হয়। তেওঁ কেডেটসকলক বিশেষকৈ অনুশাসন, সাহস আৰু নেতৃত্ব গঢ়ি তুলিবলৈ আহ্বান জনায়।
“আপুনি কম প্ৰতিভাৱান হ’লেও, অনুশাসনেৰে আপুনি উজলি উঠিব,” বুলি চি পি ৰাধাকৃষ্ণনে কয়, অনুশাসনেই উৎকৰ্ষৰ ভেটি বুলি গুৰুত্ব আৰোপ কৰে। সাহসৰ বিষয়ে তেওঁ কয় যে প্ৰকৃত সাহসৰ অৰ্থ হৈছে যেতিয়া কাৰোবাক অযথা ক্ষতি কৰা হয় তেতিয়া আনৰ বাবে থিয় দিয়া। নেতৃত্বৰ বিষয়ে তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এজন প্ৰকৃত নেতাই দায়িত্ব গ্ৰহণ কৰে, উদাহৰণ দাঙি ধৰে, আনৰ কথা শুনে আৰু সঠিক সিদ্ধান্ত লোৱাৰ নৈতিক সাহস ৰাখে।
জাতীয় সংহতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি চি পি ৰাধাকৃষ্ণনে কয় যে ভাৰতৰ ভাষা, পৰম্পৰা আৰু অঞ্চলৰ বৈচিত্ৰ্য এক উমৈহতীয়া জাতীয় পৰিচয়েৰে একত্ৰিত হৈ আছে। তেওঁ কয় যে সৈনিক স্কুলসমূহে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনা শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰে, কিয়নো বিভিন্ন পটভূমিৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে শিকে, প্ৰশিক্ষণ লয়, খায় আৰু খেলে।
প্ৰযুক্তিগত পৰিৱৰ্তনৰ দ্ৰুত গতিৰ কথা উল্লেখ কৰি তেওঁ কেডেটসকলক অনুশাসন, সততা আৰু দেশপ্ৰেমৰ চিৰন্তন মূল্যবোধ সংৰক্ষণ কৰাৰ লগতে খাপ খোৱা, উদ্ভাৱনীমূলক আৰু প্ৰযুক্তিগতভাৱে সচেতন হ’বলৈ আহ্বান জনায়। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ প্ৰযুক্তি, জৈৱ প্ৰযুক্তি, চাইবাৰ সুৰক্ষা আৰু ৰবটিক্সৰ দৰে উদীয়মান ক্ষেত্ৰসমূহক যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ প্ৰদান কৰা ক্ষেত্ৰ হিচাপে উল্লেখ কৰে।
কেডেটসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত উপ-ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূবক ভাৰতৰ এক অবিচ্ছেদ্য আৰু সুন্দৰ অংশ বুলি বৰ্ণনা কৰে আৰু ইয়াৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু অৱদানৰ প্ৰশংসা কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰিৱৰ্তনৰ লগত খাপ খোৱাৰ লগতে নিজৰ ভাল গুণসমূহ ধৰি ৰাখিবলৈ উৎসাহিত কৰে, পৰিৱৰ্তনেই পৃথিৱীৰ একমাত্ৰ স্থায়ী বুলি মন্তব্য কৰে।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জেল ভ্ৰমণ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত চি পি ৰাধাকৃষ্ণনে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে সহ্য কৰা কষ্ট বুজিবলৈ ঐতিহাসিক স্থানটো ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে এনে ভ্ৰমণে দেশপ্ৰেমক অনুপ্ৰাণিত কৰে আৰু যুৱ প্ৰজন্মক স্বাধীনতা সংগ্ৰামৰ সময়ত কৰা ত্যাগৰ কথা সোঁৱৰাই দিয়ে।
বিকশিত ভাৰত গঢ়াত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰতিগৰাকী ছাত্ৰই প্ৰতিদিনে নিজৰ কৰ্তব্য সৰ্বোত্তমভাৱে পালন কৰি অৱদান আগবঢ়াব পাৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিদিনে নিজৰ শ্ৰেষ্ঠখিনি দিয়াটোৱে সমূহীয়াভাৱে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত অৰিহণা যোগাব।
উপ-ৰাষ্ট্ৰপতিৰ সৈতে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লা, মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিং, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব দীপ্তি মহিল চাওলা, সৈনিক স্কুল ছ’চাইটিৰ পৰিদৰ্শন বিষয়া মেজৰ জেনেৰেল শুভংকৰ বসু, ভিএছএম, ব্ৰিগেডিয়াৰ অমিত চেটাৰ্জী আৰু ইম্ফলৰ সৈনিক স্কুলৰ অধ্যক্ষ কৰ্নেল এ ৰাজীৱকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
