চেনাপতিৰ ২৭ খন গাঁৱত খোৱা পানী যোগান ধৰিব ৰিখ্ৰুৰী বান্ধে: মুখ্যমন্ত্ৰীৰ ঘোষণা

বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচন্দ সিঙে চেনাপতি জিলাৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি জিলাখনত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে ৰাইজ আৰু অসামৰিক সমাজ সংগঠন (CSO) ৰ সৈতে মত বিনিময় কৰে আৰু বিভিন্ন চৰকাৰী প্ৰকল্প আৰু আঁচনিৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন কৰে।

মাওৰ এটা আলু খেতি পথাৰত উপস্থিত হৈ উদ্যান শস্য আয়ুক্ত টি.এন. পানমেইয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে যে যোৱা দুবছৰ ধৰি বিভাগটোৱে পৰ্যাপ্ত পুঁজি লাভ কৰা নাই। যাৰ বাবে খেতি পথাৰখনত পূৰ্বৰ দৰে বৃহৎ পৰিমাণত উৎপাদন কৰিব পৰা হোৱা নাই।

মাওৰ অনুকূল বতৰ কথা উল্লেখ কৰি সিঙে কয় যে চেনাপতি জিলাৰ মাওৰ বতৰ কেৱল আলু খেতিৰ বাবেই নহয়, ফুল আৰু অন্যান্য উদ্যান শস্য খেতিৰ বাবেও উপযোগী।

তেওঁ লগতে আশ্বাস দিয়ে যে মাও অঞ্চলৰ ৰাইজে সন্মুখীন হোৱা সমস্যা আৰু অভিযোগসমূহ সমাধানৰ বাবে চৰকাৰে সকলো অংশীদাৰ সৈতে আলোচনা কৰিব।

ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-মুখ্যমন্ত্ৰী ল’ছি দিখো, বিধায়ক আৰু চেনাপতিৰ উপায়ুক্তৰ সৈতে চেনাপতি নগৰৰ মিনি সচিবালয় চৌহদৰ সভাগৃহত ইউনাইটেড নাগা কাউন্সিল (UNC) ৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰে।

পিছত পুনানামেই গাঁৱৰ এচিআই অডিটৰিয়ামত মাও কাউন্সিল, মাও ছাত্ৰ সংঘ আৰু আলু খেতি পথাৰৰ ভূমিস্বত্বাধিকাৰীসকলে মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায়।

সভাত ভাষণ দি খেমচন্দ সিঙে ৰিখ্ৰুৰী বহুমুখী বান্ধ নিৰ্মাণৰ আনুষ্ঠানিক অনুমোদন ঘোষণা কৰে। এই বান্ধটোৱে ওচৰৰ ২৭ খন গাঁৱত খোৱা পানী যোগান ধৰিব।

আদৰণি অনুষ্ঠানৰ সময়ত মাও কাউন্সিল আৰু পৌমাই নাগা ইউনিয়ন (PNU) য়েও মুখ্যমন্ত্ৰীৰ ওচৰত দুখন স্মাৰক পত্ৰ দাখিল কৰে।

মাও ছাত্ৰ সংঘই মাওত এখন বহুমুখী দক্ষতা প্ৰশিক্ষণ, ব্যৱসায় আৰু যুৱ কাৰ্যকলাপ কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তাৱ সন্দৰ্ভত দাখিল কৰা স্মাৰক পত্ৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিষয়টো কেবিনেট বৈঠকত আলোচনা কৰা হ’ব।

আলু খেতি পথাৰ ভূমিস্বত্বাধিকাৰীসকলৰ সৈতে কৰা চুক্তি কাৰ্যকৰী কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে সম্পৰ্কীয় বিষয়াসকলৰ সৈতে এই বিষয়টো আলোচনা কৰিব।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *