নিশা ১০ বজাৰ পাছত মাইক-ছাউণ্ড বজোৱাত নিষেধাজ্ঞা, পূজা মণ্ডপত চিচি কেমেৰা বাধ্যতামূলক

আগন্তুক শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে সকলো পূজা কমিটিৰ বাবে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মহানগৰীৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু সাধাৰণ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আৰক্ষীৰ নিৰ্দেশনা অনুসৰি, নিশা ১০ বজাৰ পাছত কোনো পূজা মণ্ডপতে উচ্চ শব্দত মাইক বা ছাউণ্ড চিষ্টেম বজাব নোৱাৰিব। শব্দ প্ৰদূষণ ৰোধ কৰাৰ লগতে স্থানীয় বাসিন্দাসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। নিয়ম উলংঘা কৰা পূজা কমিটিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষীয়ে সকীয়াই দিছে।

কেৱল মাইকৰ ক্ষেত্ৰতে নহয়, পূজা কমিটিসমূহৰ বাবে আৰক্ষীয়ে বহু কেইটা নীতি-নিয়ম বান্ধি দিছে। প্ৰতিখন পূজা মণ্ডপতে নিশাৰ ভাগলৈকে ভলেণ্টিয়াৰ ৰাখিব লাগিব বুলি কোৱা হৈছে। লগতে সুৰক্ষাৰ দিশটো অধিক শক্তিশালী কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱককো প্ৰতিখন পূজা কমিটিতে নিয়োগ কৰা হৈছে।

নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিখন পূজা মণ্ডপতে চিচি কেমেৰা লগোৱাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ উপৰিও ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথক প্ৰৱেশ আৰু প্ৰস্থান পথ ৰাখিবলৈ পূজা কমিটিসমূহক নিৰ্দেশ দিয়া হৈছে।

আনহাতে, দেৱী বিসৰ্জনৰ বাবেও আৰক্ষী-প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিসৰ্জনৰ বাবে পাণ্ডু ঘাট আৰু লাচিত ঘাটত বিশেষ ব্যৱস্থা কৰা হৈছে। মূৰ্তিসমূহ সুৰক্ষিতভাৱে ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱা হৈছে। ইফালে চূণশালী ঘাটত বিসৰ্জনৰ বিষয়টোক লৈ প্ৰশাসনে আলোচনা অব্যাহত ৰাখিছে আৰু অতি সোনকালেই বিসৰ্জনৰ বাবে চূণশালী ঘাটো মুকলি কৰি দিয়া হ’ব বুলি জনোৱা হৈছে।

পূজাৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে আৰক্ষী অধিক কঠোৰ হৈছে। বিশেষকৈ সুৰাপায়ীসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব। লগতে বাইক আৰোহীসকলৰ বাবে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। পূজাৰ সময়ত যাতে কোনো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে অসামৰিক পোছাকতো পূজাস্থলীত আৰক্ষীৰ লোক নিয়োগ কৰি ৰখা হ’ব বুলি মহানগৰ আৰক্ষীয়ে জানিবলৈ দিছে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *