অসম

সংগীত মহাতাৰকাৰ মৃত্যুৰ ৰহস্য; শ্যামকানুৰ পাছত এইবাৰ জামিন বিচাৰি আদালতৰ দাৰস্থ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা

সংগীত মহাতাৰকাৰ মৃত্যুৰ ৰহস্য; শ্যামকানুৰ পাছত এইবাৰ জামিন বিচাৰি আদালতৰ দাৰস্থ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা

অসমৰ সংগীত জগতৰ মহীৰূপ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাঞ্চল্যৰ হত্যাকাণ্ডৰ গোচৰত এতিয়া সৃষ্টি হৈছে এক নতুন পৰিস্থিতিৰ। এই সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই সোমবাৰে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতত দাখিল কৰে নিজৰ জামিনৰ আবেদন। অভিযুক্তগৰাকীৰ এই আবেদনৰ ওপৰত আদালতে অতি শীঘ্ৰেই শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্য কঁপোৱা এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াই গতি লাভ কৰাৰ সময়তে অভিযুক্তই আইনী সকাহ বিচাৰি আদালতৰ দ্বাৰস্থ হোৱা কাৰ্যই সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, এই গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তই ইতিপূৰ্বে জামিনৰ বাবে আবেদন জনাইছিল। অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ ঠিক এদিন পাছতেই মহন্তই আদালতত এই আবেদন দাখিল কৰিছিল। আদালতৰ সূচী…
Read More
চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ

চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ

নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশৰ ৭০০ গৰাকী বিশিষ্ট নাগৰিক। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ নামত বিৰোধী পক্ষক ৰাজনৈতিক আক্ৰমণ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত সোমবাৰে নিৰ্বাচন আয়োগত দাখিল দেশৰ বিশিষ্ট নাগৰিকে দাখিল কৰে এক এক যুটীয়া অভিযোগপত্ৰ। যোৱা ১৮ এপ্ৰিলত চৰকাৰী মাধ্যমৰ জৰিয়তে প্ৰচাৰিত ভাষণক লৈ প্ৰাক্তন আমোলা, সমাজকৰ্মী আৰু শিক্ষাবিদসকলে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া শাসকীয় পক্ষৰ লগতে আয়োগকো অস্বস্তিত পেলাইছে। প্ৰাক্তন আমোলা আৰু শিক্ষাবিদসহ ৭০০ বিশিষ্ট নাগৰিকে মোদীৰ এই কাৰ্যক চৰকাৰী যন্ত্ৰৰ চৰম অপব্যৱহাৰ বুলি অভিহিত কৰে। নিৰ্বাচন আয়োগক দিয়া পত্ৰখনত তেওঁলোকে কয়, "প্ৰধানমন্ত্ৰীৰ ভাষণ দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ দৰে…
Read More
মহানগৰীৰ বতাহঘুলিত ভূমিস্খলন

মহানগৰীৰ বতাহঘুলিত ভূমিস্খলন

মহানগৰী পাঞ্জাবাৰীৰ বতাহঘুলিত ভূমিস্খলনৰ ঘটনা।ভূমি স্খলনৰ ফলত খহিল এঘৰ লোকৰ গাৰ্ড ৱাল ।দেওবাৰৰ নিশাৰ বৰষুণ পাছত মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ লগতে খহনীয়াৰ সৃষ্টি হৈছে ।পাঞ্জাবাৰীৰ বতাহঘুলিৰ ৰঙা টিলা অঞ্চলৰ নিবাসী মহেশ তিৱাৰী নামৰ লোক জনৰ বাসগৃহত দেৱাল ভাঙি সংঘটিত হৈছে এই ঘটনা ।
Read More
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা

অৱশেষত প্ৰদান কৰা হ'ল ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ চূ়ড়ান্ত ৰায়দান। কাৰ্বি আংলঙৰ ডকমকাত ছয় বছৰ পূৰ্বে সংঘটিত হোৱা সেই নৃশংস গণপ্ৰহাৰৰ ঘটনাই আজিও জোকাৰি যায় প্ৰতিজন অসমীয়াৰ বিবেক। সোমবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক গোচৰৰ ৰায়দান কৰি ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰে। ইফালে পৰ্যাপ্ত সাক্ষ্য-প্ৰমাণৰ অভাৱত আন ২৫ জন অভিযুক্তক আদালতে মুক্তি প্ৰদান কৰিছে। হত্যাকাণ্ডৰ এই সংবেদনশীল গোচৰৰ শুনানিৰ অন্তত দোষী সাব্যস্ত হোৱা ২০ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ লগতে বেআইনী জনতা গঠন আৰু চৰকাৰী কৰ্তব্যত বাধা প্ৰদানৰ দৰে কেইবাটাও গুৰুতৰ ধাৰা প্ৰয়োগ কৰে আদালতে। জিলা চৰকাৰী অধিবক্তা জিয়াউল কামাৰে কয়, "মই মোৰ ফালৰ পৰা…
Read More
ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি

ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিতৰ্কই এতিয়া এক বিশেষ নাট্যৰূপ ধাৰণ কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে সোমবাৰে এই স্পৰ্শকাতৰ গোচৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গোচৰকাৰী বিজেপি কৰ্মীগৰাকীয়ে আদালতৰ ওপৰত আস্থা হেৰুওৱা বুলি ছ’চিয়েল মিডিয়াত কৰা মন্তব্যৰ পাছতেই বিচাৰকগৰাকীয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। ৰাহুল গান্ধী কেৱল ভাৰতৰে নহয়, বৰঞ্চ ব্ৰিটেইনৰো নাগৰিক বুলি অভিযোগ উত্থাপন কৰিছিল বিজেপি কৰ্মী বিঘ্নেশ শিশিৰে। এই অভিযোগৰ ভিত্তিত ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে প্ৰথমে এফআইআৰ দাখিলৰ নিৰ্দেশ দিয়ে যদিও মাত্ৰ ২৪ ঘণ্টাৰ পাছতেই তেওঁ নিজৰ ৰায় সলনি কৰিবলগীয়া হয়। ন্যায়াধীশ বিদ্যাৰ্থীয়ে স্বীকাৰ কৰে যে পূৰ্বৰ ৰায়টোত পদ্ধতিগত ত্ৰুটি ৰৈ…
Read More
এপলৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ টিম কুকৰ

এপলৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ টিম কুকৰ

এপলৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰিলে টিম কুকে। এপলে ঘোষণা কৰিছে যে ২০২৬ চনৰ ১ ছেপ্টেম্বৰৰ পৰা টিম কুক কোম্পানীটোৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী অধ্যক্ষ হ’ব আৰু জন টাৰ্নাছ নতুন চিইঅ’ হ’ব। জন টাৰ্নাছ বৰ্তমান হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ জ্যেষ্ঠ উপ-সভাপতি। ষ্টিভ জবছৰ পিছত চিইঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰে টিম কুক। তেওঁৰ প্ৰায় ১৫ বছৰীয়া কাৰ্যকাল এতিয়া শেষ হ’বলৈ ওলাইছে। কাৰ্যবাহী অধ্যক্ষ হিচাপে টিম কুক কোম্পানীটোৰ কিছুমান কামত সহায় কৰিব, যেনে বিশ্বৰ নীতি নিৰ্ধাৰকসকলৰ সৈতে জড়িত হোৱা। জন টাৰ্নাছে ২০০১ চনত এপলৰ প্ৰডাক্ট ডিজাইন টিমত যোগদান কৰে।২০১৩ চনত তেওঁ হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ ভাইচ প্ৰেচিডেন্ট হয়। টাৰ্নাছে ২০২১ চনত হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে…
Read More
তৃতীয় বাৰ্ষিক এছ’চিয়েচন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছ (ARIS)২০২৬ সন্মিলন

তৃতীয় বাৰ্ষিক এছ’চিয়েচন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছ (ARIS)২০২৬ সন্মিলন

এছ'চিয়েচন অৱ ৰবটিক আৰু ইন’ভেটিভ চাৰ্জনছ( এ আৰ আই এছ ২০২৬)-ৰ বাৰ্ষিক সম্মিলনখন অনুষ্ঠিত হয়। এই সন্মিলনখন ভাৰত আৰু বিশ্বজুৰি ৰ’ব’টিক আৰু উদ্ভাৱনীমূলক শল্যচিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মাইলষ্ট’ন হিচাপে পৰিগণিত। উল্লেখ‍্য, এ আৰ আই এছ ২০২২ চনত গুৱাহাটীতে জন্ম লৈছিল, সেয়া এক ধৰণৰ স্ব-গৃহত এইবেলি এই সন্মিলনৰ আয়োজন কৰা হয়। উদ্ভোধনী অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰা হয়।  অনুষ্ঠানত , মুখ্য অতিথি হিচাপে,উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব,ড° ৰবি কোটা,  সন্মানিত অতিথি হিচাপে, এইমছ  গুৱাহাটীৰ কাৰ্যর্বাহী সঞ্চালক ড° অশোক পুৰাণিক, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছুপ্ৰিম ক'ৰ্টৰ সন্মানীয় ন্যায়াধীশ উজ্জল ভূঞা উপস্থিত থাকে।সম্মিলনে ৰবটিক, লেপাৰ’স্ক’পিক আৰু এণ্ড’স্ক’পিক শল্যচিকিৎসাৰ অগ্ৰণী ৰাষ্ট্ৰীয় আৰু…
Read More
স্কৰ্পিয়নছ বেণ্ডৰ ভাৰত ভ্ৰমণ বাতিল; শ্বিলঙৰ সংগীতানুষ্ঠানক লৈ নিৰাশ সংগীত অনুৰাগী

স্কৰ্পিয়নছ বেণ্ডৰ ভাৰত ভ্ৰমণ বাতিল; শ্বিলঙৰ সংগীতানুষ্ঠানক লৈ নিৰাশ সংগীত অনুৰাগী

বিশ্ববিখ্যাত জাৰ্মান ৰক বেণ্ড স্কৰ্পিয়নছৰ বহু প্ৰত্যাশিত ভাৰত ভ্ৰমণক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যাপক উছাহ এতিয়া নিৰাশাত পৰিণত হ’ল। বেণ্ডটোৰ সদস্যসকলৰ হঠাৎ হোৱা শাৰীৰিক অসুস্থতাৰ বাবে মেঘালয়ৰ শ্বিলংসহ দেশৰ চাৰিখনকৈ চহৰত অনুষ্ঠিত হ’বলগীয়া আটাইকেইখন সংগীতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অহা ২১ এপ্ৰিলৰ পৰা শ্বিলঙৰ জে এন ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’বলগীয়া এই ভ্ৰমণসূচীত এতিয়া অনাকাংক্ষিত স্বাস্থ্যজনিত কাৰণত যতি পৰিছে। আয়োজনকাৰী প্ৰতিষ্ঠান বুক মাই শ্ব' লাইভে সামাজিক মাধ্যমৰ এক পোষ্টৰ জৰিয়তে এই দুৰ্ভাগ্যজনক ঘোষণা কৰে। বেণ্ডৰ সদস্যসকলৰ চিকিৎসা সংক্ৰান্তীয় জটিলতাৰ বাবে শ্বিলঙৰ উপৰি দিল্লী-এন চি আৰ, বাংগালুৰু আৰু মুম্বাইত অনুষ্ঠিত হ’বলগীয়া কামিঙ হোম ট্যুৰ সম্পূৰ্ণৰূপে বাতিল কৰা হয়। অনুৰাগীৰ মাজত সৃষ্টি…
Read More
আই আই টি গুৱাহাটীত সংঘটিত শক্তি চে জন আপডা সুৰক্ষা শীৰ্ষক মকড্ৰিল

আই আই টি গুৱাহাটীত সংঘটিত শক্তি চে জন আপডা সুৰক্ষা শীৰ্ষক মকড্ৰিল

ভাৰতীয় সেনা আৰু SDRF, NDRFৰ উদ্যোগত শণিবাৰে আই আই টি গুৱাহাটীত "সংঘটিত শক্তি চে জন আপডা সুৰক্ষা" শীৰ্ষক এক মকড্ৰিলৰ আয়োজন কৰা হয়। পানীৰ মাজত আবদ্ধ লোকক কি দৰে উদ্ধাৰ কৰিব পৰা যায় তাক প্ৰদৰ্শন কৰা হয়। বিপদকালীন সময়ত দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ লোক উপস্থিত হোৱাৰ পুৰ্বে উপস্থিত সাধাৰণ লোকে যাতে উদ্ধাৰ কৰিব পাৰে তাক সাধাৰণ ভাৱে প্ৰদৰ্শন কৰি দেখুৱাই দিয়া হয়। এই মকড্ৰিল প্ৰদৰ্শনে সাধাৰণ লোক আৰু শিক্ষাৰ্থীক এই উপকৃত কৰিব ।
Read More
কামাখ্যা মন্দিৰত বিশ্ব ঐতিহ্য দিৱস উদযাপন

কামাখ্যা মন্দিৰত বিশ্ব ঐতিহ্য দিৱস উদযাপন

North East Zone Cultural Centre-ৰ উদ্যোগত আৰু Nirbaak-ৰ সহযোগিতাত বিশ্ব ঐতিহ্য দিৱস উপলক্ষে আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰ প্ৰাঙ্গনত এক সমন্বিত স্বচ্ছতা অভিযান আৰু মূকাভিনয় প্ৰদৰ্শিত হয়।কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত অধিক সচেতনতা সৃষ্টি কৰা। এই উপলক্ষে আয়োজিত চাফাই অভিযানত অংশগ্ৰহণকাৰীসকলে মন্দিৰ চৌহদত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ এক দায়িত্বশীল দৃষ্টান্ত স্থাপন কৰে।ইয়াৰ লগতে, যুৱ মুকাভিনেতা মিনাংক ডেকাৰ পৰিচালনাত ‘স্বচ্ছতা’ শীৰ্ষক এক সাৰগৰ্ভিত মূকাভিনয় প্ৰদৰ্শন কৰা হয়।
Read More