10
Sep
দেশজুৰি চলোৱা এক ব্যাপক অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে চমুকৈ ডি আৰ আয়ে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা অভিযানত মেঘালয়ৰ ৰি-ভয় জিলাৰ পৰা ১৪.৬৮ কিলোগ্ৰাম শুকান বনৰৌৰ বাকলি জব্দ কৰে তদন্তকাৰী সংস্থাটোৱে। বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে সমগ্ৰ দেশত চলোৱা ছটা চোৰাংচোৱা-ভিত্তিক অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়। যোৱা ৭ ছেপ্টেম্বৰত ৰি-ভয় জিলাৰ মাওহাটী অভিমুখে গৈ থকা এখন বলেৰ' পিকআপ ভ্যানত তালাচী চলায় ডি আৰ আইৰ দলটোৱে। বাহনখনৰ পৰা তিনিটা বেগভৰ্তি বনৰৌৰ বাকলিসহ এজন ব্যক্তিক আটক কৰে তদন্তকাৰীয়ে। পৰৱৰ্তী সময়ত জব্দকৃত সামগ্ৰী আৰু বাহনখনসহ ধৃত লোকজনক বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ…
