হাইলাকান্দিত সামাজিক ব্যাধি ৰোধত বিধায়কৰ হস্তক্ষেপ বিচাৰি মহিলাৰ দাবী

হাইলাকান্দি জিলাত অবৈধ সুৰাৰ ব্যৱসায়ক কেন্দ্ৰ কৰি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কাটলীছৰা থানাৰ অন্তৰ্গত ধলাই ৬ নম্বৰ খণ্ড, ধলাই বাগান গাঁও পঞ্চায়ত এলেকা আৰু একাদশ মালিছৰা অঞ্চলত মুকলিকৈ অবৈধ সুৰাৰ ব্যৱসায় চলি আছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে। আৰু অধিক উদ্বেগৰ বিষয় হ’ল, চৰকাৰে নিৰ্ধাৰণ কৰা বয়সৰ সীমা আওকাণ কৰি নাবালককো সুৰাৰ বটল বিক্ৰী কৰা হৈছে বুলি অভিযোগ উঠিছে। ইয়াৰ ফলত অঞ্চলটোৰ বহু পৰিয়ালত অশান্তি বৃদ্ধি পাইছে বুলি স্থানীয় বাসিন্দাসকলে দাবী কৰিছে।

স্থানীয় লোকৰ অভিযোগ, কম বয়সীয়া ল’ৰাৰ একাংশ সুৰাপানত আসক্ত হৈ পৰিছে। ইয়াৰ প্ৰভাৱ পৰিয়ালৰ জীৱনতো পৰিছে। নাবালকৰ সুৰাপানক কেন্দ্ৰ কৰি বিভিন্ন পৰিয়ালত অশান্তিৰ সৃষ্টি হৈছে বুলি বাসিন্দাসকলে দাবী কৰিছে।

এই অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ দাবীত একাধিকবাৰ অভিযোগ দিয়াৰ পিছতো আৰক্ষী বা আবকাৰী বিভাগৰ ফালৰ পৰা ফলপ্ৰসূ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি স্থানীয় লোকে অভিযোগ কৰিছে। তেওঁলোকৰ দাবী, অভিযোগৰ পিছত কেইদিনমানৰ বাবে ব্যৱসায় বন্ধ থাকিলেও কিছুদিনৰ পিছত পুনৰ আগৰ দৰেই ৰমৰমীয়াকৈ সুৰাৰ ব্যৱসায় আৰম্ভ হয়।

আনকি, আবকাৰী বিভাগৰ একাংশ বিষয়াৰ সহযোগতহে এই অবৈধ ব্যৱসায় চলি আছে বুলি স্থানীয় বাসিন্দাসকলে গুৰুতৰ অভিযোগ তুলিছে। তেওঁলোকৰ দাবী, অবৈধভাৱে আৰ্থিক লেনদেনৰ জৰিয়তে ব্যৱসায়ীসকলে নিৰ্বিঘ্নে এই ব্যৱসায় চলাই আছে।

ইফালে, অঞ্চলটোৰ মহিলা সংগঠন নাৰীশক্তি এন.জি.অ’.ৰ ফালৰ পৰা অবিলম্বে অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে। তেওঁলোকে সকীয়াই দিছে যে আৰক্ষী আৰু আবকাৰী বিভাগে শীঘ্ৰে ব্যৱস্থা নল’লে তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলনত নামিবলৈ বাধ্য হ’ব।

ইয়াৰ লগতে, এই সামাজিক ব্যাধি দূৰ কৰিবলৈ আৰু নাবালকৰ সুৰাপানৰ প্ৰৱণতা ৰোধ কৰিবলৈ হাইলাকান্দিৰ বিধায়ক ডা: মিলন দাসৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলটোৰ মহিলাসকলে।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *