২০২৬ কমনৱেলথ গেমছত ৩৯ টা পদকেৰে ভাৰতৰ অভিযানৰ সামৰণি

স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতে সৰ্বমুঠ ৩৯ টা পদক লাভ কৰি নিজৰ অভিযান সামৰিছে। ভাৰতীয় ক্ৰীড়াবিদসকলে এই প্ৰতিযোগিতাত ১৩ টা সোণ, ১৭ টা ৰূপ, আৰু ৯ টা ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰতীয় বক্সাৰসকলে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মুঠ ১০ টা পদক (৭ টা সোণ আৰু ৩ টা ৰূপ) অৰ্জন কৰে। কমনৱেলথ গেমছৰ ইতিহাসত বক্সিঙত ভাৰতৰ এইটোৱেই আটাইতকৈ সফলাতম অভিযান। এথলেটিকছত ভাৰতে ১২ টা পদক লাভ কৰে।জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই ৰূপৰ পদক জয় কৰে।

গুলৱীৰ সিঙে একেখন কমনৱেলথ গেমছতে দুটা পদক (১০,০০০ মিটাৰত ৰূপ আৰু ৫,০০০ মিটাৰত ব্ৰঞ্জ) লাভ কৰি ইতিহাস ৰচে। তেজস্বিন শংকৰে ডেকেথলনত প্ৰথমজন ভাৰতীয় হিচাপে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰোত্তোলনত ভাৰতে মুঠ ৮ টা পদক লাভ কৰে। মীৰাবাঈ চানুৱে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে সোণৰ পদক জিকি ইতিহাস সৃষ্টি কৰে।জুডোত  অসমিতা দে’ আৰু হৰ্ষ সিঙে জুডোত স্বৰ্ণ পদক লাভ কৰে। অস্মিতা দে’ জুডোত ভাৰতৰ হৈ প্ৰথমটো কমনৱেলথ সোণৰ পদক বিজয়ী ক্ৰীড়াবিদ হিচাপে পৰিগণিত হয়।

পেৰা-এথলীটত ভাৰতৰ পেৰা-এথলীটসকলে ৩ টা সোণ, ২ টা ৰূপ আৰু ২ টা ব্ৰঞ্জসহ মুঠ ৭ টা পদক জিকি উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে। পদক তালিকাত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু কানাডাৰ পিছতে ভাৰতে শীৰ্ষ স্থানসমূহত নিজৰ নাম অন্তৰ্ভুক্ত কৰে। ভাৰতীয় ক্ৰীড়াবিদসকলৰ এই সফলতাৰ বাবে সমগ্ৰ দেশবাসীয়ে তেওঁলোকক অভিনন্দন জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *