ক্ৰীড়া

ইতিহাস সৃষ্টিৰে প্ৰথমবাৰলৈ বিশ্বকাপৰ ৰাউণ্ড ১৬ত কানাডা

ইতিহাস সৃষ্টিৰে প্ৰথমবাৰলৈ বিশ্বকাপৰ ৰাউণ্ড ১৬ত কানাডা

ফিফা বিশ্বকাপ ২০২৬-ৰ ৰাউণ্ড অৱ ৩২ ৰ প্ৰথমখন খেলত কানাডাই উৎকৃষ্ট প্ৰদৰ্শন কৰি দক্ষিণ আফ্ৰিকাক ১-০ ব্যৱধানত পৰাস্ত কৰে। লছ এঞ্জেলছ ষ্টেডিয়ামত লাভ কৰা এই বিজয়ৰ সৈতে কানাডাই ইতিহাস ৰচনা কৰিলে। দলটোৱে বিশ্বকাপত প্ৰথমবাৰৰ বাবে অন্তিম ১৬ ত নিজৰ স্থান নিশ্চিত কৰিছে।খেলখনৰ আৰম্ভণিৰে পৰাই দক্ষিণ আফ্ৰিকাক কানাডাৰ ওপৰত আক্ৰমণাত্মক ৰূপত দেখা গৈছিল আৰু দলে একেৰাহে আক্ৰমণাত্মক খেলৰ জৰিয়তে কানাডাৰ ডিফেন্সৰ ওপৰত চাপ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল। দক্ষিণ আফ্ৰিকাৰ ফালৰ পৰা কিছু সুন্দৰ মুভ দেখিবলৈ পোৱা গৈছিল যদিও দলে সেইবোৰক গ'ললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। আনহাতে, প্ৰথম হাফৰ অন্তিম মিনিটত কানাডাৰ হাতলৈ গ'ল কৰাৰ দুটাকৈ সুন্দৰ সুযোগ আহিছিল, কিন্তু দলে এই সুযোগৰ…
Read More
গাভাস্কাৰে দিলে টকিঅ’ আৰ্হিৰ মাৰাথনৰ প্ৰস্তাৱ, মুখ্যমন্ত্ৰীয়ে ক’লে – পৰীক্ষা কৰা হ’ব

গাভাস্কাৰে দিলে টকিঅ’ আৰ্হিৰ মাৰাথনৰ প্ৰস্তাৱ, মুখ্যমন্ত্ৰীয়ে ক’লে – পৰীক্ষা কৰা হ’ব

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোক সেৱা ভৱনত থকা তেওঁৰ কাৰ্যালয়ত ক্ৰিকেটৰ কিংবদন্তি সুনীল গাভাস্কাৰক আদৰণি জনায় আৰু অসমৰ ক্ৰিকেট পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। বিশ্বৰ ভয়ংকৰ দ্ৰুত বলাৰসকলৰ বিৰুদ্ধে অসাধাৰণ দক্ষতাৰ বাবে পৰিচিত প্ৰাক্তন মহান অপেনিং বেটছমেনগৰাকীয়ে টকিঅ’ মাৰাথন ’২৫ৰ আৰ্হিত গুৱাহাটীত এটা আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজনৰ প্ৰস্তাৱ দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে এই প্ৰস্তাৱটো নিশ্চয়কৈ পৰীক্ষা কৰি চাব আৰু ইয়াক আয়োজন কৰিবলৈ পাই তেওঁ সুখী হ’ব। মুখ্যমন্ত্ৰীয়ে গাভাস্কাৰৰ সৈতে কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মাষ্টাৰক্লাছ ইনিংছ চোৱাৰ শৈশৱৰ স্মৃতিও ভাগ কৰে। ইয়াৰ উপৰি, ভাৰতীয় ক্ৰিকেটৰ গৌৰৱময় মুহূৰ্তৰ বিষয়ে আলোচনা কৰাৰ লগতে তেওঁলোকে ৰেড বল আৰু হোৱাইট বল…
Read More
​উছমান ডেম্বেলেৰ হেট্ৰিক গ’লৰ সহায়ত নৰৱেৰ বিৰুদ্ধে ফ্ৰান্সৰ জয়

​উছমান ডেম্বেলেৰ হেট্ৰিক গ’লৰ সহায়ত নৰৱেৰ বিৰুদ্ধে ফ্ৰান্সৰ জয়

 ষ্ট্ৰাইকাৰ উছমান ডেম্বেলেই প্ৰথম অৰ্ধতে হেট্ৰিক অৰ্জন কৰে, যাৰ সহায়ত ফ্ৰান্সে বিশ্বকাপ ফুটবলৰ গ্ৰুপ 'আই' ত নৰৱেক ৪-১ ব্যৱধানত পৰাজিত কৰি নিজৰ বিজয় যাত্ৰা অব্যাহত ৰাখিছে। ​ডেম্বেলেই সপ্তম, ২০ সংখ্যক আৰু ৩২ সংখ্যক মিনিটত গ’ল কৰে। তেওঁৰ এটা গ’লত কিলিয়ান এমবাপ্পেই সহায় কৰিছিল। বিশ্বকাপৰ যোৱা ৩২ বছৰৰ ভিতৰত এয়া প্ৰথমটো ঘটনা য’ত কোনো এজন খেলুৱৈয়ে প্ৰথম অৰ্ধতে হেট্ৰিক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ১৯৯৪ চনত আমেৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপত ৰাছিয়াৰ ফৰৱাৰ্ড ওলেগ ছালেঙ্কোৱে কেমেৰুণৰ বিৰুদ্ধে কৰা নিজৰ পাঁচটা গ’লৰ ভিতৰত তিনিটা গ’ল প্ৰাৰম্ভিক ৪৫ মিনিটতে কৰিছিল। এইদৰে ডেম্বেলে লিয়নেল মেছি আৰু নিজৰ সতীৰ্থ এমবাপ্পেৰ সৈতে 'গ’ল্ডেন বুট'ৰ দৌৰত চামিল হৈ পৰিছে।…
Read More
ফিফা বিশ্বকাপত ৩২ দলৰ নকআউট নিশ্চিত

ফিফা বিশ্বকাপত ৩২ দলৰ নকআউট নিশ্চিত

ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ প্ৰায় শেষ হোৱাৰ দিশে গতি কৰিছে আৰু 'ৰাউণ্ড অৱ ৩২'-ৰ দলসমূহ লাহে লাহে স্পষ্ট হৈ পৰিছে। ২৭ জুনত গ্ৰুপ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হ’ব। ইতিমধ্যে কেইবাখনো দেশে নকআউট পৰ্যায়ত নিজৰ স্থান সুৰক্ষিত কৰিছে, আনহাতে আন কিছুমান দেশৰ বিশ্বকাপ খেলাৰ সপোন ইয়াতেই অন্ত পৰিছে। নকআউট পৰ্যায়ত মুঠ ৩২টা দলে প্ৰতিযোগিতা কৰিব। ইয়াৰে ২৪টা দলে গ্ৰুপ পৰ্যায়ৰ পইণ্ট তালিকাৰ ভিত্তিত পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব আৰু বাকী থকা গ্ৰুপসমূহৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৮টা তৃতীয় স্থানৰ দলেও পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হ'ব ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা, সহ-আয়োজক মেক্সিকো, পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিল, জাৰ্মানী, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে পৰৱৰ্তী ৰাউণ্ডত…
Read More
স্কটলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ নকআউটত ব্ৰাজিল

স্কটলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ নকআউটত ব্ৰাজিল

ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিমখন গ্ৰুপ চি মেচত ব্ৰাজিলে স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰে।ফ্ল’ৰিডাৰ মিয়ামি ষ্টেডিয়ামত দুটা গ’ল দি ব্ৰাজিলৰ তাৰকা ভিনিচিয়াছ জুনিয়ৰে চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও মেথিউছ কুনহাইও এটা গ’ল দি ৩২ ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰে।ব্ৰাজিলে গ্ৰুপত শীৰ্ষস্থান দখল কৰে। মেচখনৰ এটা ইতিবাচক সংযোজন আছিল বহু অপেক্ষাৰ অন্তত কিংবদন্তি খেলুৱৈ নেইমাৰ জুনিয়ৰ খেলপথাৰলৈ ঘূৰি অহা। ৭৬ মিনিটত তেওঁ বিকল্প হিচাপে খেলপথাৰলৈ আহে। নকআউট ৰাউণ্ডৰ পূৰ্বে দলটোৰ বাবে এয়া এক উল্লেখযোগ্য খবৰ। ব্ৰাজিলৰ হৈ ভিনিচিয়াছে গ’লৰ আৰম্ভণি কৰে। সপ্তম মিনিটত তেওঁ এটা সুন্দৰ গ’ল দিয়ে। তাৰ পাছত ইনজুৰি টাইমত (৪৫ আৰু ৩ মিনিট) ৰিয়েল মাদ্রিদৰ খেলুৱৈগৰাকীয়ে দ্বিতীয়টো গ’ল দিয়ে৷…
Read More
ফিফা বিশ্বকাপত প্ৰথমবাৰলৈ নকআউটত দক্ষিণ আফ্ৰিকা

ফিফা বিশ্বকাপত প্ৰথমবাৰলৈ নকআউটত দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাই ফিফা বিশ্বকাপৰ ৩২ ৰাউণ্ডত স্থান দখল কৰিবলৈ সক্ষম হৈছে। গ্ৰুপ এ-ৰ এখন খেলত দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰি নকআউট পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰে। দক্ষিণ আফ্ৰিকাৰ ঐতিহাসিক জয়ৰ নায়ক থাপেলো মাছেকোৱে খেলখনৰ একমাত্ৰ গ’লটো দিয়ে। মেচখনৰ আৰম্ভণিৰে পৰা দক্ষিণ আফ্ৰিকাই আক্ৰমণাত্মকভাৱে খেলিছিল আৰু দক্ষিণ কোৰিয়াৰ ডিফেন্সক হেঁচা প্ৰয়োগ কৰিবলৈ অহৰহ চেষ্টা কৰিছিল। প্ৰথম মিনিটত মাছেকোৱে এটা শক্তিশালী শ্বট দিছিল যদিও কোৰিয়াৰ ডিফেণ্ডাৰ লি গিহিউকে সফল ছেভ কৰে। ইয়াৰ পিছত মাকগোপা আৰু থালেণ্টে এমবাথাই গ’ল দিবলৈ চেষ্টা কৰে যদিও দক্ষিণ কোৰিয়াৰ গ’লৰক্ষক কিম চেউংগিউৱে দুয়োবাৰেই উৎকৃষ্ট ছেভ কৰে। প্ৰথমাৰ্ধত দুয়োটা দলে গ’ল নিদিলে। দ্বিতীয়াৰ্ধত দক্ষিণ কোৰিয়াই…
Read More
৯২ বছৰৰ পিছত ফিফা বিশ্বকাপত জয়ৰে ইতিহাস ৰচিলে ইজিপ্তে

৯২ বছৰৰ পিছত ফিফা বিশ্বকাপত জয়ৰে ইতিহাস ৰচিলে ইজিপ্তে

ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ জি-ত  নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ইজিপ্তে ৩-১ গ’লত পৰাস্ত কৰে। এই জয়ৰে ইজিপ্তে ৰচিলে ইতিহাস। ফিফা বিশ্বকাপৰ ইতিহাসত ইজিপ্তে প্ৰথমটো জয় লাভ কৰিছে। এই জয় তেওঁলোকে ৯২ বছৰ ২৫ দিনৰ পিছত লাভ কৰিছে। ইজিপ্তৰ জয়ৰ নায়ক আছিল তেওঁলোকৰ তাৰকা খেলুৱৈ মহম্মদ চালাহ। বিজয়ী গ’ল দিয়াৰ উপৰিও ছালাহে বিশ্বকাপৰ দুটা সংস্কৰণত গ’ল দিয়া প্ৰথমজন ইজিপ্তৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। তদুপৰি ৩৪ বছৰ ৯ দিন বয়সত তেওঁ গ’ল দিয়া আটাইতকৈ বয়সীয়াল ইজিপ্তৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। ১৯৯০ চনত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৩০ বছৰ ৩২০ দিন বয়সত গ’ল দিয়া মেগডী আব্দেলঘানীক চেৰ পেলাইছে মহম্মদ চালাহে। খেলখনৰ আৰম্ভণিৰে পৰাই আগ্ৰাসী…
Read More
বিশ্বকাপত একেৰাহে দ্বিতীয় জয়ৰে দ্বিতীয় ৰাউণ্ড মেক্সিকো

বিশ্বকাপত একেৰাহে দ্বিতীয় জয়ৰে দ্বিতীয় ৰাউণ্ড মেক্সিকো

২০২৬ৰ ফিফা বিশ্বকাপত গ্ৰুপ এ-ত মেক্সিকোৰ বিৰুদ্ধে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলখন ১-০ গ’লত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ড অৰ্থাৎ ৰাউণ্ড অৱ ৩২লৈ আগবাঢ়ি যায়।৫০ মিনিটত লুইছ ৰোমোৱে মেক্সিকোৰ একমাত্ৰ গ’লটো দিয়ে। এইটোৱেই আছিল মেক্সিকোৰ একেৰাহে দ্বিতীয়টো জয়, আনহাতে দক্ষিণ কোৰিয়াৰ দুখন মেচত প্ৰথমটো পৰাজয়। মেক্সিকোৰ হাতত এতিয়া ৬ পইণ্ট, দক্ষিণ কোৰিয়াৰ হাতত আছে ৩ পইণ্ট। দুয়োটা দলৰ মাজত খেলখন ৰোমাঞ্চকৰ আছিল, প্ৰথমাৰ্ধত দুয়োটা দলে সুযোগ লাভ কৰিছিল যদিও কোনো পক্ষই গ’ল দিবলৈ সক্ষম নহ’ল। প্ৰথমাৰ্ধ গ’লবিহীনভাৱে শেষ হয়। দ্বিতীয়াৰ্ধৰ মাত্ৰ পাঁচ মিনিট বাকী থকা অৱস্থাত কোৰিয়াৰ গ’লৰক্ষক কিম চেউং-গিউৱে নিজৰ গ’লৰ ওচৰতে এক গুৰুত্বপূৰ্ণ ভুল কৰি লুইছ ৰোমোৱে (৫০ মিনিট) গ’ল…
Read More
মেছিৰ হেট্ৰিক গ’লৰে ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বৃহৎ জয়

মেছিৰ হেট্ৰিক গ’লৰে ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বৃহৎ জয়

ফিফা বিশ্বকাপ ২০২৬-ৰ নিজৰ প্ৰথমখন খেলত আৰ্জেণ্টিনাই আলজেৰিয়াক ৩-০ গ'লত পৰাস্ত কৰে। নিজৰ ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেল খেলিবলৈ অৱতীৰ্ণ হোৱা লিয়নেল মেছিৰ দুভৰিৰ যাদু এই খেলখনত দেখিবলৈ পোৱা যায়। মেছি এতিয়া বিশ্বকাপৰ ইতিহাসত যুটীয়াভাৱে আটাইতকৈ বেছি গ'ল কৰা খেলুৱৈ হৈ পৰিছে। আলজেৰিয়াৰ বিৰুদ্ধে খেলা খেলখনত মেছিয়ে সুন্দৰ প্ৰদৰ্শন কৰি তিনিটা গ'ল কৰে। ইয়াৰ সৈতে মেছিয়ে ফিফা বিশ্বকাপত আটাইতকৈ বেছি গ'ল কৰাৰ ক্ষেত্ৰত জাৰ্মানীৰ প্ৰাক্তন খেলুৱৈ মিৰ’স্লাভ ক্ল’জৰ ৰেকৰ্ড স্পৰ্শ কৰে। মেছি আৰু ক্ল’জ— দুয়োৰে নামত এতিয়া এই প্ৰতিযোগিতাত ১৬ টাকৈ গ'ল আছে। আলজেৰিয়াৰ বিৰুদ্ধে মেছিক সুন্দৰ ফৰ্মত দেখা যায় আৰু তেওঁ খেলখনৰ ১৭ সংখ্যক মিনিটত আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ'ল কৰে।…
Read More
বিশ্বকাপত উৰুগুৱেৰে ড্ৰ’ মেচ খেলিলে ছৌদি আৰবে

বিশ্বকাপত উৰুগুৱেৰে ড্ৰ’ মেচ খেলিলে ছৌদি আৰবে

ফিফা বিশ্বকাপৰ ১৫ সংখ্যক মেচত ছৌদি আৰবে উৰুগুৱেৰে ড্ৰ’ মেচ খেলে আৰু একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ বাবে বৃহৎ অঘটন কৰে। ২০২২ চনৰ কাটাৰ বিশ্বকাপত লিয়নেল মেছিৰ অধিনায়ক আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত কৰিছিল। তেওঁলোকে জয়ী নহ’লেও দক্ষিণ আমেৰিকাৰ এটা দলক জয়ী হোৱাত বাধা আৰোপ কৰে। মিয়ামি ষ্টেডিয়ামত দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা গ্ৰুপ 'এইচ'ৰ প্ৰথমখন খেল ১-১ গ’লত ড্ৰ’ত সমাপ্ত হয়। প্ৰথমাৰ্ধত ছৌদি আৰবে অদম্য আক্ৰমণ চলাই প্ৰথমাৰ্ধত অগ্ৰগতি লাভ কৰে। চৌদি আৰৱৰ হৈ ৪১ মিনিটত আব্দুল্লা আল মাৰীয়ে উৰুগুৱেক মোক্ষম আঘাত দিয়ে। ইয়াৰ পিছতে উৰুগুৱেই দ্বিতীয়াৰ্ধত আক্ৰমণ বৃদ্ধি কৰে। ৮০ মিনিটত মেক্সি আৰাউকানোৱে গ’ল দি খেলখন ১-১ গ’লত সমতা স্থাপন…
Read More