২০২৬ৰ ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখনৰ শেষত স্পেইন আৰু আৰ্জেণ্টিনাৰ খেলুৱৈসকলৰ মাজত হোৱা অনাকাংক্ষিত সংঘাতৰ বিৰুদ্ধে বিশ্ব ফুটবল সংস্থা ‘ফিফা’ই আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। বিশ্বকাপ ফাইনেলৰ খেলখনত স্পেইনে আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে। কিন্তু খেলৰ অন্তিম হুচেইল বজাৰ লগে লগে দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত তীব্ৰ বাকবিতণ্ডা আৰু মাৰপিটৰ সৃষ্টি হয়।
আৰ্জেণ্টিনাৰ খেলুৱৈ লিয়ান্দ্ৰ’ পাৰেডেছে স্পেইনৰ খেলুৱৈ এৰিক গাৰ্চিয়া আৰু গাভিক ঠেলা-হেঁচা কৰাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে।ফিফাৰ অনুশাসন সমিতিয়ে জনোৱা মতে, খেলপথাৰত নিয়ম ভংগ কৰা খেলুৱৈসকলৰ বিৰুদ্ধে এক বিশেষ তদন্ত চলোৱা হৈছে। তদন্তৰ প্ৰতিবেদন অহাৰ পাছতহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।
এফালে ফুটবল তাৰকা লামিন য়ামালে জয়ৰ পাছত ঈশ্বৰক প্ৰাৰ্থনা জনোৱা দৃশ্য আৰু মেছিকো সাবটি ধৰা দেখা গৈছিল, আনফালে পুৰস্কাৰ বিতৰণ অনুষ্ঠানত আৰ্জেণ্টিনাৰ খেলুৱৈসকলে স্পেইনৰ বিজয়ী দলটোলৈ পিঠি দি অসৌজন্যমূলক আচৰণ কৰা দেখা যায়।ফিফাই স্পষ্ট কৰি দিছে যে খেলপথাৰৰ শৃঙ্খলতা ভংগ কৰা যিকোনো ঘটনাৰ বিৰুদ্ধে সংস্থাই কঠোৰ আইনী অনুশাসনমূলক নীতি অনুসৰণ কৰিব।
