নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত ২০২৬ৰ ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেন্টিনাক ১-০ গ’লত পৰাস্ত কৰি স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে। অতিৰিক্ত সময়ত ফেৰান টৰেছে দিয়া একমাত্ৰ গ’লটোৰে স্পেইনে এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে।নিকো উইলিয়ামছৰ হেডাৰৰ পৰা বল পাই খেলৰ অতিৰিক্ত সময়ত স্পেইনৰ ফৰৱাৰ্ড ফেৰান টৰেছে বিজয়ী গ’লটো দিয়ে।
সমগ্ৰ প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন কৰা স্পেইনে ৮ খন মেচত মাত্ৰ এটা গ’ল হেৰুৱাই সমগ্ৰ টুৰ্নামেণ্টত নিজৰ আধিপত্য বজাই ৰাখে। ৩৯ বছৰীয়া লিয়নেল মেছিৰ বাবে এইখন অন্তিম বিশ্বকাপ আছিল। স্পেইনৰ সুসংগঠিত ডিফেন্স আৰু বল দখলৰ বাবে আৰ্জেন্টিনাৰ আক্ৰমণ একেবাৰেই নিস্তেজ হৈ পৰে। খেলৰ শেষৰফালে অসদাচৰণৰ বাবে আৰ্জেন্টিনাৰ খেলুৱৈ এনজো ফাৰ্নাণ্ডেজক ৰেফাৰীয়ে ‘ৰেড কাৰ্ড’ দেখুৱাই পথাৰৰ পৰা উলিয়াই দিয়ে।
আৰ্জেন্টিনাৰ গ’লৰক্ষক এমিলিয়ানো ‘ডি বু’ মাৰ্টিনেজে হাতৰ আঘাত সত্ত্বেও ১১ টা সুন্দৰ ছেভ কৰি স্পেইনক সহজে গ’ল দিয়াৰ পৰা বাধা দিছিল। এই জয়েৰে স্পেইনৰ মেনেজাৰ লুইছ দে লা ফুৱেন্তেৰ নেতৃত্বত দলটোৱে একেৰাহে ৩৮ খন মেচত অপৰাজিত হৈ থকাৰ অভিলেখ গঢ়িলে।
