ধাৰাসাৰ বৰষুণে ৰাজ্যজুৰি সৃষ্টি কৰিছে নতুন বান পৰিস্থিতি। সেই পৰিস্থিতিৰ প্ৰভাৱত দিখৌ নৈৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাৰ শিমলুগুৰি অঞ্চলত ৰে’ল যোগাযোগ ব্যাহত কৰিছে। ৰে’লপথৰ ওপৰেৰে পানী বৈ যোৱাত শিমলুগুৰি–নামতিআলি আৰু শিমলুগুৰি–চেলেংহাট অংশত ৰে’ল চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই।
ৰে’ল কৰ্তৃপক্ষই জনোৱা অনুসৰি, দিখৌ নৈৰ বাঢ়নী পানীয়ে শিমলুগুৰি ৰে’ল ষ্টেচনৰ চৌহদ, ৰে’ল আৱাসিক এলেকা আৰু ৰে’লপথ আৱৰি পেলাইছে। যাত্ৰী আৰু ৰে’ল চলাচলৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰে’ল কৰ্তৃপক্ষই।
ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰা দূৰণীবতীয়া ৰে’লসমূহ ৰঙিয়া–ৰঙাপাৰা পথেৰে চলাচল কৰোৱা হৈছে। বাঢ়নী পৰিস্থিতিৰ বাবে কেইবাখনো স্থানীয় ৰে’ল বাতিল কৰে ৰে’লৱেই আৰু আন কেইখনমান ৰে’লৰ যাত্ৰাপথ চুটি কৰা হৈছে।
ৰে’ল চলাচল যিমান সোনকালে সম্ভৱ স্বাভাৱিক কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই সদৰী কৰা অনুসৰি, ক্ষতিগ্ৰস্ত স্থানসমূহলৈ কৰ্মচাৰী, সঁজুলি, প্ৰয়োজনীয় সামগ্ৰী আৰু কাৰিকৰী দল প্ৰেৰণ কৰা হৈছে।
পৰিস্থিতিটোৰ ওপৰত উচ্চ পৰ্যায়ত নিৰন্তৰ নজৰ ৰখা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই জানিবলৈ দিয়া মতে, বৰ্তমানো পানীৰ স্তৰ অধিক হৈ থকাত ৰে’লপথৰ প্ৰকৃত ক্ষয়-ক্ষতি নিৰূপণ কৰা সম্ভৱ হোৱা নাই। পানীৰ স্তৰ হ্ৰাস পোৱাৰ পাছতহে ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ নিৰ্ধাৰণ কৰা সম্ভৱ হ’ব আৰু তাৰ পিছতহে ৰে’ল চলাচল পুনৰ আৰম্ভ কৰাৰ সময় সম্পৰ্কে নিশ্চিতভাৱে কোৱা সম্ভৱ হ’ব।
