আইচিচি ‘হল অব ফে’মত অন্তৰ্ভুক্ত সৌৰভ গাংগুলী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বুধবাৰে তেওঁৰ ৫৪ সংখ্যক জন্মদিনত এক অনন্য উপহাৰ লাভ কৰে। এডিনবাৰ্গত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ  বাৰ্ষিক বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে গাংগুলীক সন্মানীয় ‘আইচিচি হল অব ফে’ম’ত অন্তৰ্ভুক্ত কৰা হৈছে। এই সন্মানেৰে বিভূষিত হোৱা তেওঁ দ্বাদশগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। এই স্বীকৃতিৰ বাবে আইচিচিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গাংগুলীয়ে আইচিচিৰ অধ্যক্ষ জয় শ্বাহক ধন্যবাদ জনায়। ইয়াক এক ‘পৰম গৌৰৱৰ বিষয়’ বুলি অভিহিত কৰি প্ৰাক্তন অধিনায়কগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (টুইটাৰ)ত লিখে, “মোক ‘হল অব ফে’মত অন্তৰ্ভুক্ত কৰাৰ বাবে আইচিচি আৰু অধ্যক্ষ জয় শ্বাহক ধন্যবাদ।

বিশ্ব ক্ৰিকেটৰ মহান খেলুৱৈসকলৰ সৈতে এই তালিকাত স্থান পোৱাটো মোৰ বাবে এক ডাঙৰ সন্মান। ভাৰতীয় ক্ৰিকেটলৈ গাংগুলীৰ আটাইতকৈ ডাঙৰ অৱদান আছিল ২০০০ চনৰ পৰা ২০০৫ চনলৈ তেওঁৰ অধিনায়কত্বৰ সময়ছোৱা। মেচ ফিক্সিং কেলেংকাৰীৰ পিছত তেওঁ হতাশগ্ৰস্ত ভাৰতীয় দলটোক নতুনকৈ গঢ়ি তুলিছিল আৰু এক যুঁজাৰু মানসিকতা প্ৰদান কৰিছিল। বাওঁহতীয়া তাৰকা বেটছমেনগৰাকীয়ে ১১৩ খন টেষ্ট মেচত ৭,২১২ ৰান আৰু ৩১১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ১১,৩৬৩ ৰান সংগ্ৰহ কৰিছিল। ২০০৮ চনৰ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ শেষৰখন টেষ্ট খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয়।

ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ক্ৰিকেট প্ৰশাসনত যোগ দিয়ে আৰু ২০১৯ চনৰ ২৩ অক্টোবৰৰ পৰা ২০২২ চনৰ ১৮ অক্টোবৰলৈ বিচিচিআইৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। বৰ্তমান তেওঁ বংগ ক্ৰিকেট সংস্থাৰ সভাপতি হৈ আছে। গাংগুলীৰ পূৰ্বে এই সন্মান লাভ কৰা আন ১১ গৰাকী ভাৰতীয় ক্ৰিকেটাৰ হ’ল— বিছন সিং বেদী, সুনীল গাভাস্কাৰ, কপিল দেৱ, অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, শচীন টেণ্ডুলকাৰ, ভিনু মাংকৰ, ডায়েনা ইডুলজী, বীৰেন্দ্ৰ সেহৱাগ, নীতু ডেভিদ আৰু মহেন্দ্ৰ সিং ধোনী।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *