স্কোডা অটো ইণ্ডিয়াই প্ৰথম ছমাহত বিক্ৰীৰে গঢ়িলে অভিলেখ

স্কোডা অটো ইণ্ডিয়াই ২০২৬ চনৰ প্ৰথমাৰ্ধত ৩৮,৮৯৪খন বাহন বিক্ৰী কৰি এইপৰ্যন্ত সৰ্বাধিক অৰ্ধ-বাৰ্ষিক বিক্ৰীৰ অভিলেখ গঢ়িছে, যি যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৭.৫ শতাংশ অধিক। ২০২৫ চনত কোম্পানীটোৱে সৰ্বাধিক বাৰ্ষিক বিক্ৰীৰ অভিলেখ অৰ্জনৰ পিছত এই প্ৰদৰ্শনে কোম্পানীটোৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিছে। ভাৰতত ক্ৰমাগত দ্বিতীয় বছৰৰ বাবে কোম্পানীটোৱে প্ৰথমাৰ্ধত এই অভিলেখমূলক বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই এই সাফল্যৰ কৃতিত্ব গ্ৰাহকৰ ক্ৰমবৰ্ধমান আস্থা আৰু এক সুপৰিকল্পিত প্ৰডাক্ট কৌশল বুলি অভিহিত কৰিছে। তেওঁ কয় যে, নতুন কুশ্বাক, আপডেটেড কডিয়াৰ্ক আৰু একেবাৰে নতুন কডিয়াৰ্ক আৰএছ-ৰ চাহিদা বহুত বেছি আছিল। আনকি কডিয়াৰ্ক আৰএছ বাহনখন মুকলি হোৱাৰ মাত্ৰ ছয় মিনিটৰ ভিতৰতে সকলো বিক্ৰী হৈ যায়। ইফালে কাইলাক বাহনখনে বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে আৰু শ্লাভিয়াই প্ৰিমিয়াম চিডান শ্ৰেণীত কোম্পানীটোৰ স্থিতি অধিক মজবুত কৰে।

কোম্পানীটোৱে ১৮৯ খন চহৰত ৩৪০তকৈও অধিক টাচ্চপইণ্টলৈ নিজৰ ৰিটেইল আৰু চাৰ্ভিছ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে। গ্ৰাহকৰ সুবিধা আৰু অভিজ্ঞতা উন্নত কৰাৰ বাবে শেহতীয়াকৈ স্কোডা এক্সপ্ৰেছ কেয়াৰ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও কইম্বাটুৰৰ কষ্ট্ ট্ৰেকত এটা চাৰ্কিটত একক প্ৰস্তুতকাৰী হিচাপে দ্ৰুততম মাল্টি-কাৰ ৰিলেৰ ৰেকৰ্ড গঢ়ি কোম্পানীটোৰ বাহনসমূহে ইণ্ডিয়া এণ্ড এচিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰিছে, যিয়ে মটৰস্পৰ্টছ ঐতিহ্যক পুনৰ প্ৰমাণিত কৰিছে।

গুৱাহাটী মহানগৰীত স্কোডাৰ এই সৰ্বভাৰতীয় নেটৱৰ্ক সম্প্ৰসাৰণ আৰু গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ স্থিতি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উন্নত পথ আন্তঃগাঁথনি আৰু বৰ্ধিত উপাৰ্জনৰ বাবে অসমত প্ৰিমিয়াম এছইউভি-ৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ ফলত ব্ৰেণ্ডটোৰ কুশ্বাক, কাইলাক আৰু কডিয়াৰ্ক মডেলসমূহৰ বাবে ন ন সুযোগ সৃষ্টি হ’ব পাৰে। লগতে সেৱাৰ সহজলভ্যতাই এই অঞ্চলৰ ক্ৰেতাসকলৰ আত্মবিশ্বাস আৰু বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *