এছিয়ান গেমছ: ছেমি ফাইনেলত সহজ জয়ৰে পুনৰ দ্বৈত সোণৰ দিশে ভাৰতীয় কাবাডী দল

​ এছিয়ান গেমছত ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলে নিজৰ আধিপত্য বজাই ৰাখি ক্ৰমান্বয়ে থাইলেণ্ড আৰু নেপালক ছেমি ফাইনেলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এই চমকপ্ৰদ জয়েৰে দুয়োটা দলে নিজৰ স্বৰ্ণ পদক ৰক্ষা কৰাৰ দিশে আৰু এখোজ আগবাঢ়িছে।

প্রতিযোগিতাখনত বৰ্তমানলৈকে অপৰাজিত হৈ থকা ভাৰতীয় মহিলা দলে নেপালৰ বিৰুদ্ধে ৪৮-২৪ ব্যৱধানত এক সহজ জয় সাব্যস্ত কৰে। প্ৰথম অৰ্ধতেই ৩১-১৭ পইণ্টৰ অগ্ৰগতি লৈ ভাৰতে খেলখন সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল।ইফালে, পুৰুষৰ ছেমি ফাইনেলত ভাৰতীয় দলে থাইলেণ্ডক ৬৬-২৮ পইণ্টৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।

খেলৰ প্ৰথম অৰ্ধত ৩৭-১৮ পইণ্টত আগবাঢ়ি থকা ভাৰতীয় দলটোৱে নিজৰ অভিজ্ঞতা আৰু দক্ষতাৰ পূৰ্ণ ব্যৱহাৰ কৰি সমগ্ৰ খেলখনত আধিপত্য বিস্তাৰ কৰে।দুয়োটা ভাৰতীয় দলে এতিয়া ইৰান আৰু চাইনিজ টাইপেইৰ মাজত হ’বলগীয়া আনখন ছেমি ফাইনেলৰ বিজয়ী দলৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *