প্ৰথম টেষ্ট মেচত এক বৃহৎ বিজয়েৰে উৎসাহিত ভাৰতীয় দলটোৱে দেওবাৰৰ পৰা ইয়াত শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয় তথা চূড়ান্ত টেষ্ট ক্ৰিকেট মেচত নিজৰ বিজয় যাত্ৰা অব্যাহত ৰাখি বিদেশী মাটিত তিনি বছৰৰ পাছত প্ৰথমটো টেষ্ট শৃংখলা দখল কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব। আনহাতে, অধিনায়ক শুভমন গিল আৰু অ’পেনাৰ বেটছমেন যশস্বী জয়ছৱালৰ দৃষ্টি থাকিব এক বৃহৎ স্ক’ৰ সংগ্ৰহ কৰাৰ ওপৰত। ভাৰতে বিদেশৰ মাটিত শেষবাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰিছিল ২০২৩ চনৰ জুলাই মাহত, যিটো ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আছিল। তাৰ পাছৰে পৰা ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ মুখ দেখিবলগীয়া হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ সৈতে তেওঁলোকৰ ঘৰুৱা মাটিত শৃংখলা ড্ৰ’ কৰিছিল। ইয়াৰ মাজতে নিজৰ ঘৰুৱা মাটিত নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও ভাৰতে পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল।কিন্তু এতিয়া গালেত অনুষ্ঠিত প্ৰথমটো টেষ্টত ১৬৫ ৰানৰ সুন্দৰ বিজয়েৰে ভাৰতে কিছু পৰিমাণে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে, যিয়ে অধিনায়ক গিল আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক আশ্বস্ত কৰিব। ভাৰতে যদি এই শৃংখলাটো ২-০ ত ক্লীন ছুইপ কৰিব পাৰে, তেন্তে ৫৭.৫৮ শতাংশ পইণ্টেৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ৰেংকিংত চতুৰ্থ স্থানলৈ উন্নীত হোৱাৰ সম্ভাৱনা আছে। কিন্তু এইয়া কেৱল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত বাংলাদেশৰ পৰাজয়ৰ ওপৰতহে নিৰ্ভৰ কৰিব।
ডাৰউইনত প্ৰথম টেষ্টত ঐতিহাসিক বিজয় সাব্যস্ত কৰা বাংলাদেশ সম্প্ৰতি চতুৰ্থ স্থানত আছে। এই মেচখনত ভাৰতে গিল আৰু জয়ছৱালৰ পৰা এক বৃহৎ ইনিংছ আশা কৰিব। গিল বৰ্তমান সুন্দৰ ফৰ্মত আছে; তেওঁ বিগত ৬ টা ইনিংছত দুটা শতক অৰ্জন কৰিছে। অৱশ্যে, যোৱা মেচখনত তেওঁ দুৰ্বল প্ৰদৰ্শন দাঙি ধৰিছিল। বিশেষকৈ বাঁওহতীয়া স্পিনাৰৰ বিৰুদ্ধে তেওঁ কিছু সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে। গালে টেষ্টৰ দুয়োটা ইনিংছতে তেওঁক বাঁওহতীয়া স্পিনাৰ প্ৰভাত জয়সূৰিয়াই আউট কৰিছিল। ইয়াৰ বাহিৰে অধিনায়ক হিচাপে তেওঁৰ প্ৰদৰ্শন যথেষ্ট আকৰ্ষণীয় হৈয়েই আছে। অধিনায়কত্ব গ্ৰহণ কৰাৰ পৰা গিলে ১০ টা টেষ্ট মেচত ৭৩ তকৈও অধিক গড়ৰে ১১০০ ৰান সংগ্ৰহ কৰিছে। তেওঁ অধিনায়ক হিচাপে বিদেশৰ মাটিত নিজৰ প্ৰথমটো টেষ্ট শৃংখলা দখল কৰিবলৈ সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ হ’ব।জয়ছৱালৰ সমস্যাটো কিছু বেছি গুৰুত্বপূৰ্ণ। যোৱা বছৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নতুন দিল্লীত শতক অৰ্জন কৰাৰ পাছৰ পৰা এই অ’পেনাৰগৰাকীয়ে নিজৰ বিগত ৮ টা ইনিংছত কেৱল এটা অৰ্ধশতকহে কৰিবলৈ সক্ষম হৈছে। জয়ছৱাল ক্ৰমান্বয়ে দ্ৰুত বলৰ বিৰুদ্ধে কাট বা চিপ শ্বট খেলিবলৈ গৈ আউট হৈ থকাটো এক চিন্তনীয় বিষয় হৈ পৰিছে। গালে টেষ্টৰ প্ৰথম ইনিংছত ৰান আউট হোৱাৰ পাছত, দ্বিতীয় ইনিংছতো তেওঁ একেদৰেই আউট হৈছিল।
বাঁওহতীয়া বেটছমেনগৰাকীয়ে নিজৰ খেলৰ এই দিশটো উন্নত কৰাৰ উদ্দেশ্যৰে শুকুৰবাৰে এছ এছ চিত নেট অনুশীলনত যথেষ্ট সময় ব্যয় কৰে। ভাৰতৰ দ্ৰুত বলৰ প্ৰশিক্ষক মৰ্নে মৰ্কেল আৰু দ্ৰুত বলাৰসকলে অফ-ষ্টাম্পৰ বাহিৰৰ লাইনত বল পেলাই জয়ছৱালক কাট বা চিপ শ্বট খেলিবলৈ প্রলোভিত কৰাৰ চেষ্টা চলায়।কিন্তু ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে এইধৰণৰ বলবোৰত কোনোধৰণৰ শ্বট নেখেলি ষ্টাম্পৰ কাষেৰে পাৰ হৈ যাবলৈ দিয়ে। যদিহে মেচখনতো তেওঁ এনেধৰণৰ ধৈৰ্য বজাই ৰাখিব পাৰে, তেন্তে এক বৃহৎ ইনিংছ খেলাৰ সম্ভাৱনা আছে। ইফালে কুলদীপ যাদৱে চূড়ান্ত একাদশত স্থান লাভ কৰিব পাৰিবনে নাই, সেই বিষয়েও সকলোৰে দৃষ্টি থাকিব। প্ৰথমখন মেচত পিটচৰ পৰা যথেষ্ট সহায় পোৱাৰ পাছতো তেওঁ দুয়োটা ইনিংছ মিলি ২৫ অভাৰত কেৱল এটা উইকেটহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
