‘হৰ কল আছান’ প্ৰতিশ্ৰুতিৰে আইচিআইচিআই লাইফ ইঞ্চুৰেন্সৰ নতুন ব্ৰেণ্ড পৰিচয় উন্মোচন

আইচিআইচিআই লাইফ ইঞ্চুৰেন্স লিমিটেড(পূৰ্বতে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড নামেৰে জনাজাত)-এ সোমবাৰে ভাৰতীয় গ্ৰাহকসকলৰ বাবে জীৱন বীমা অধিক সৰল, স্বচ্ছ, নমনীয় আৰু সহজলভ্য কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন ব্ৰেণ্ড পৰিচয় আৰু টেগলাইন ‘হৰ কল আছান’ মুকলি কৰিছে। কোম্পানীটোৱে কয় যে নতুন ব্ৰেণ্ড পৰিচয়ে গ্ৰাহকসকলক অধিক স্পষ্টতা, আত্মবিশ্বাস আৰু সুবিধাৰে দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে। এই নতুন স্থিতিৰ লক্ষ্য হৈছে জীৱন বীমাৰ আলোচনা কেৱল অনিশ্চয়তাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাৰ পৰিসৰৰ পৰা আগুৱাই লৈ গৈ মানুহক বিত্তীয় ভৱিষ্যতৰ সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰা।

আইচিআইচিআই লাইফ ইঞ্চুৰেন্স লিমিটেডৰ মাৰ্কেটিং, ডিজিটেল আৰু বেংকুশ্বৰেঞ্চ শাখাৰ মুৰব্বী শ্ৰীনিবাস বালসুব্ৰমনিয়নে এই বিষয়ে কয় যে, “আইচিআইচিআই নামটোৱে কোটি কোটি ভাৰতীয়ৰ জীৱনত এক সুদৃঢ় স্থান দখল কৰি আহিছে, যি আস্থা, শক্তি আৰু বিত্তীয় সহজলভ্যতাৰ প্ৰতীক হিচাপে কাম কৰে। বিগত ২৫ বছৰত আমি ২০ কোটিতকৈও অধিক ভাৰতীয়ৰ স্বপ্ন আৰু ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰাৰ সৌভাগ্য লাভ কৰিছোঁ।”

বালসুব্ৰমনিয়নে উল্লেখ কৰে যে, সলনি হোৱা কেৰিয়াৰৰ পথ, পৰিৱৰ্তনশীল পাৰিবাৰিক গাঁথনি, দীঘলীয়া জীৱনকাল আৰু সলনি হোৱা বিত্তীয় অগ্ৰাধিকাৰসমূহে দীৰ্ঘম্যাদী পৰিকল্পনাক ক্ৰমান্বয়ে জটিল কৰি তুলিছে।  তেওঁ লগতে কয় যে, কোম্পানীটোৰ নতুন পৰিচয় কেৱল নামৰ পৰিৱৰ্তনতে সীমাবদ্ধ নহয়, বৰঞ্চ ই বিত্তীয় সুৰক্ষা সৰল কৰাৰ লগতে ২০৪৭ৰ ভিতৰত সকলোৰে বাবে বীমাৰ ৰাষ্ট্ৰীয় লক্ষ্যত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। কোম্পানীটোৱে কয় যে, জীৱন বীমা খণ্ডত নতুন মানদণ্ড স্থাপন কৰাৰ প্ৰয়াসত হৰ কল আছান-এ গ্ৰাহক আৰু অংশীদাৰসকলৰ সৈতে সম্পৰ্কক পথ প্ৰদৰ্শন কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *