আইচিআইচিআই বেংকৰ ফেষ্টিভ বোনাঞ্জা মুকলি: শ্বপিং, ভ্ৰমণ আৰু লাইফষ্টাইলৰ ক্ষেত্ৰত লাভ কৰিব আকৰ্ষণীয় ৰেহাই

আইচিআইচিআই বেংকে ফেষ্টিভ ছিজন চমু চাপি অহাৰ লগে লগে গ্ৰাহকসকলৰ বাবে পুনৰ আগবঢ়াইছে বাৰ্ষিক উৎসৱকালীন উপহাৰ ফেষ্টিভ বোনাঞ্জা। এই বোনাঞ্জাৰ অধীনত অনলাইন শ্বপিং, ম’বাইল ফোন, ইলেক্ট্ৰনিক্স, ভ্ৰমণ, ফেশ্বন, আচবাব আৰু কুইক-কমাৰ্চ প্লেটফৰ্মসমূহৰ ক্ষেত্ৰত বিভিন্ন ৰেহাই আৰু কেশ্ববেকৰ সুবিধা প্ৰদান কৰা হৈছে। বেংক কৰ্তৃপক্ষই জনোৱা অনুসৰি ক্ৰেডিট আৰু ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, কাৰ্ডবিহীন ইএমআই আৰু নো-কষ্ট ইএমআই আদি বিকল্প ব্যৱহাৰ কৰা গ্ৰাহকসকলে এই অফাৰসমূহৰ লাভ আদায় কৰিব পাৰিব। ফ্লিপকাৰ্টৰ সৈতে বেংকৰ অংশীদাৰিত্বৰ ফলত অহা ৮ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া বিগ বিলিয়ন ডে’জ চেলৰ সময়ত গ্ৰাহকসকলে ১০% লৈকে ৰেহাই লাভ কৰিব।

নতুন আইফোন ডুঅ’, আইফোন ১৮ প্ৰ’ আৰু আইফোন ১৮ প্ৰ’  মেক্স ক্ৰয় কৰিলে বেংকে ৭,০০০ টকালৈকে কেশ্ববেক আগবঢ়াইছে। আনহাতে এলজি, চেমচাং, হেয়াৰ আৰু চনী আদিকে ধৰি বিভিন্ন ব্ৰেণ্ডৰ ইলেক্ট্ৰনিক্স সামগ্ৰী ক্ৰয় কৰিলে ৩০,০০০ টকালৈকে ৰেহাই পোৱা যাব। ভ্ৰমণ সংক্ৰান্তীয় অফাৰৰ ভিতৰত মেকমাইট্ৰিপ, গ’ইবিব’, যাত্ৰা আৰু অন্যান্য প্লেটফৰ্মৰ জৰিয়তে বিমান টিকট, হোটেল বুকিং আৰু হলিডে পেকেজৰ ক্ষেত্ৰত ৩৫,০০০ টকালৈকে ৰেহাই অন্তৰ্ভুক্ত কৰা হৈছে। ফেষ্টিভ শ্বপিঙৰ এই সময়ছোৱাত গুৱাহাটী মহানগৰীত এই উৎসৱকালীন অফাৰসমূহে ইলেক্ট্ৰনিক্স, স্মাৰ্টফোন, ফেশ্বন, ভ্ৰমণ আৰু ঘৰুৱা সামগ্ৰীৰ ক্ষেত্ৰত গ্ৰাহকৰ ব্যয় বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে। কাৰ্ডভিত্তিক এনে ৰেহাইসমূহে গ্ৰাহকসকলক অধিক মূল্যৰ সামগ্ৰী ক্ৰয় কৰিবলৈ উৎসাহিত কৰিব পাৰে।

অন্যান্য অফাৰসমূহৰ ভিতৰত গুগল পিক্সেল ১১ আৰু শ্বিঅমি স্মাৰ্টফোন ক্ৰয়ৰ ক্ষেত্ৰত ১০,০০০ টকালৈকে ৰেহাই, আচবাব আৰু ঘৰ সজোৱা সামগ্ৰীৰ ক্ষেত্ৰত ৩০% পৰ্যন্ত ৰেহাই, আৰু ব্লিংকিট তথা জেপ্টৰ দৰে কুইক-কমাৰ্চ প্লেটফৰ্মসমূহত বিভিন্ন অফাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও বেংকে নিৰ্বাচিত কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডৰ ৰিৱাৰ্ড পইণ্টৰ লাভসমূহো গ্ৰাহকে লাভ কৰিব পাৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *