এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতীয় শ্বুটাৰ নীৰু ধাণ্ডা আৰু কীনান চেনাইৰ যুটীয়ে ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। বুধবাৰে অনুষ্ঠিত ট্ৰ্যাপ মিক্সড টিম (Trap Mixed Team) ইভেন্টত দুর্দান্ত প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় যুটীটোৱে স্বৰ্ণ পদক লাভ কৰাৰ লগতে মহাদেশীয় অভিলেখো ভংগ কৰে।ফাইনেলত ভাৰতীয় দলটোৱে ৩৪ পইণ্ট সংগ্ৰহ কৰি সোণৰ পদক নিজৰ নামে কৰে।
এই প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকে কাটাৰৰ নামত থকা ৩০ পইণ্টৰ পূৰ্বৰ এছিয়ান অভিলেখটোক পিছ পেলায়। প্ৰতিযোগিতাত কাটাৰৰ মহম্মদ আল-ৰুমাইহি আৰু ৰে বাছিলৰ যুটীয়ে ৩২ পইণ্ট লাভ কৰি ৰূপৰ পদক আৰু চীনৰ কি ইং আৰু ছুন য়ুনঙে ২৩ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২৬ বছৰীয়া নীৰু ধাণ্ডাৰ বাবে এই বৰ্ষৰ এছিয়ান গেমছ অত্যন্ত স্মৰণীয় হৈ ৰ’ল।
ইয়াৰ পূৰ্বে তেওঁ মহিলাৰ একক ট্ৰ্যাপ ইভেন্টত নতুন এছিয়ান অভিলেখৰে সোণৰ পদক জিকাৰ লগতে দলীয় শাখাত ৰূপৰ পদক জিকিবলৈ সক্ষম হৈছিল। এই স্বৰ্ণ পদকৰ সৈতে চলিত এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰসকলে মুঠ ১৫ টা পদক (৩ টা সোণ, ৮ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জ) লাভ কৰিবলৈ সক্ষম হৈছে।
