লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ ৷ শীঘ্ৰে পাঁচ হাজাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ সামাজিক মধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিল ৷ বিশেষকৈ যিসকল যুৱক-যুৱতীয়ে আৰক্ষী, বন বিভাগত চাকৰিৰ কৰিম বুলি ভাবিছে সেইসকল যুৱক-যুৱতীৰ বাবে তিনিমাহৰ পাছতে আবেদন প্ৰক্ৰিয়া মুকলি কৰিব ৷
শনিবাৰে এক্সযোগে মুখ্যমন্ত্ৰীয়ে কয়, “২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম আৰক্ষীকে ধৰি ৰাজ্যৰ ৬টাকৈ বিভাগত মুঠ ৫,৭৩৪টা পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ ইয়াৰ ভিতৰত অসম আৰক্ষীৰ ২,২৩৬টা, বন বিভাগৰ ১,৩০৭টা, হোমগাৰ্ডৰ ৮২৭টা, অসম আৰক্ষীৰ ৰেডিঅ’ সংগঠন (APRO)ৰ ৬৮৪টা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ ৪৮৯টা আৰু কাৰাগাৰ বিভাগৰ ১৯১টা পদৰ বাবে আবেদন আৰম্ভ হ’ব ৷”তেওঁ লগতে কয়, “৫,৭৩৪ পদৰ বাবে নিজকে সাজু কৰিবলৈ তিনি মাহৰ সময় পাব ৷ এই তিনি মাহত যাতে সম্পূৰ্ণ প্ৰস্তুতি চলাই ৫,৭৩৪ জনৰ ভিতৰত নিজকে এজন উপযুক্ত কৰি তুলিব বুলি আশা ৰাখিলো ৷”
লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰ
