ফ্ৰান্সৰ প্ৰতিবাদ অৰ্থনৈতিক ভৱিষ্যতক লৈ ভয় আৰু উদ্বিগ্নতাৰ লক্ষণ

ইউৰোপৰ দেশ ফ্ৰান্সত ৰাজপথৰ প্ৰতিবাদ আৰু হিংসাৰ ঘটনাক লৈ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। প্ৰতিবাদকাৰীৰ সমাৱেশক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিৱেশ। ৰাজপথত প্ৰতিবাদ, সংঘৰ্ষ আৰু আইন-শৃংখলাক লৈ সৃষ্টি হৈছে উদ্বেগ।
ফ্ৰান্সৰ ৰাজপথত প্ৰতিবাদকাৰীৰ প্ৰতিবাদে সৃষ্টি কৰিছে চাঞ্চল্য। শেহতীয়াকৈ ফ্ৰান্সত জেন-জিৰ ব্যাপক প্ৰতিবাদ দেখা গৈছে ৷ এইবাৰ ছেপ্টেম্বৰৰ শেষৰ ফালে প্ৰতিবাদ আৰম্ভ হৈছিল ৷ হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ অভাৱ আৰু জৰাজীৰ্ণ বিদ্যালয় ভৱনৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিছিল ।স্কুললৈ যোৱা বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই অহাটো আচৰিত যেন লাগিল ৷ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আছিল আৰু এই প্ৰতিবাদ দেশখনৰ দক্ষিণৰ মাৰ্চেইলৰ পৰা পেৰিছ আৰু ফ্ৰান্স বাকী অংশলৈকে বিয়পি পৰিল ।কেইবাটাও স্থানত কিশোৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ সংঘটিত হয় ।প্ৰতিবাদৰ মাজতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ পোহৰলৈ আহিছে। এনে ঘটনাক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থাক লৈও উত্থাপন হৈছে প্ৰশ্ন।দেশজোৰা প্ৰতিবাদৰ সম্প্ৰসাৰণ ঘটাত এয়া জীৱন-যাপনৰ ব্যয় আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোৱা সাধাৰণ প্ৰতিবাদলৈ পৰিণত হয় ৷ চৰকাৰে কন্দুৱা গেছ আৰু পানী হিলৈ নিক্ষেপ কৰিবলৈ বাধ্য হয় । এই সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় প্ৰতিবাদতো ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল, কাৰণ পেৰিছত দোকান লুটপাত কৰা হৈছিল, গাড়ী জ্বলাই দিয়া হৈছিল আৰু টাউন হলৰ দৰে ৰাজহুৱা অট্টালিকা, লিলৰ দৰে কিছুমান ঐতিহাসিক অট্টালিকাও লক্ষ্য কৰি লোৱা হৈছিল ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *