উত্তৰ-পূৱ

উমৰা হজযাত্ৰীক ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ বাবে উদ্যোগ লৈছে ভাৰতে

উমৰা হজযাত্ৰীক ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ বাবে উদ্যোগ লৈছে ভাৰতে

পশ্চিম এছিয়াৰ উত্তেজনাময় পৰিস্থিতি আৰু বিমানবন্দৰৰ আন্তঃগাঁথনিত আক্ৰমণৰ ফলত বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাৰ ছৌদিত বহু ভাৰতীয় নাগৰিক আৰু উমৰা হজযাত্ৰী আৱদ্ধ হৈ আছে ।আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিক বিশেষকৈ উমৰা হজযাত্ৰীসকলক আগতীয়াকৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ বাবে চৰকাৰে ছৌদি কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে ৷ ভাৰতে শনিবাৰে এক নতুন পৰামৰ্শ জাৰি কৰি এই তথ্য নিশ্চিত কৰে ৷জেদ্দাত থকা ভাৰতীয় কনছুলেটে কয় যে জেদ্দা আৰু মক্কাত থকা তেওঁলোকৰ ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষসমূহে সামূহিক সংগঠন আৰু স্বেচ্ছাসেৱকৰ সহযোগত ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিকসকলক প্ৰয়োজনীয় সহায় আগবঢ়াইছে ।কনছুলেটটোৱে কয় যে প্ৰয়োজন সাপেক্ষে আৰু সম্ভৱপৰ সময়ত ক্ষতিগ্ৰস্ত ভাৰতীয়সকলক খাদ্য, অত্যাৱশ্যকীয় ঔষধ আৰু অন্যান্য জৰুৰী…
Read More
কোকৰাঝাৰৰ বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক উদ্ধাৰ

কোকৰাঝাৰৰ বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক উদ্ধাৰ

কোকৰাঝাৰৰ বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক উদ্ধাৰ। মতিঝৰা বনাঞ্চলত NSLA-ই লুকুৱাই ৰখা মাৰণাস্ত্ৰসহ বহু বিস্ফোৰক উদ্ধাৰ। উদ্ধাৰ ৬.৫ কেজি IED, ১০টা ইলেকট্ৰনিক ডেটনেটৰ, ৬.৫ কেজি TNT পাউদাৰো । এটা ৭.৬৫mm পিষ্টল, ১টা মেগজিন আৰু ১ জাঁই সক্ৰিয় গুলী জব্দ। নেচনেল চাওতাল লিবাৰেচন আৰ্মীয়ে লুকুৱাই ৰাখিছিল মাৰণাস্ত্ৰখিনি। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই তথ্য।
Read More
ফ্ৰান্সৰ প্ৰতিবাদ অৰ্থনৈতিক ভৱিষ্যতক লৈ ভয় আৰু উদ্বিগ্নতাৰ লক্ষণ

ফ্ৰান্সৰ প্ৰতিবাদ অৰ্থনৈতিক ভৱিষ্যতক লৈ ভয় আৰু উদ্বিগ্নতাৰ লক্ষণ

ইউৰোপৰ দেশ ফ্ৰান্সত ৰাজপথৰ প্ৰতিবাদ আৰু হিংসাৰ ঘটনাক লৈ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। প্ৰতিবাদকাৰীৰ সমাৱেশক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিৱেশ। ৰাজপথত প্ৰতিবাদ, সংঘৰ্ষ আৰু আইন-শৃংখলাক লৈ সৃষ্টি হৈছে উদ্বেগ।ফ্ৰান্সৰ ৰাজপথত প্ৰতিবাদকাৰীৰ প্ৰতিবাদে সৃষ্টি কৰিছে চাঞ্চল্য। শেহতীয়াকৈ ফ্ৰান্সত জেন-জিৰ ব্যাপক প্ৰতিবাদ দেখা গৈছে ৷ এইবাৰ ছেপ্টেম্বৰৰ শেষৰ ফালে প্ৰতিবাদ আৰম্ভ হৈছিল ৷ হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ অভাৱ আৰু জৰাজীৰ্ণ বিদ্যালয় ভৱনৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিছিল ।স্কুললৈ যোৱা বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই অহাটো আচৰিত যেন লাগিল ৷ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আছিল আৰু এই প্ৰতিবাদ দেশখনৰ দক্ষিণৰ মাৰ্চেইলৰ পৰা পেৰিছ আৰু ফ্ৰান্স বাকী অংশলৈকে বিয়পি পৰিল ।কেইবাটাও স্থানত কিশোৰ প্ৰতিবাদকাৰী আৰু…
Read More
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১৬ ঘণ্টীয়া জটিল অস্ত্ৰোপচাৰ সফল

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১৬ ঘণ্টীয়া জটিল অস্ত্ৰোপচাৰ সফল

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শুকুৰবাৰে সফলতাৰে সম্পন্ন হয় যকৃত সংৰোপণ। যকৃত সংৰোপণৰ অস্ত্ৰোপচাৰে ৰাজ্যৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। প্ৰায় ১৬ ঘণ্টা ধৰি চলা এই জটিল অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন হৈছে । এই কথা আজি সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত ২০২৫ চনতে ৰাজ্যৰ স্বাস্থ্য বিভাগে যকৃত সংৰোপণ আৰু ইয়াৰ আনুষংগিক চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছিল।
Read More
চৰকাৰী চমফাই কলেজত ৫ কোটি টকাৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী লালদুহোমাৰ

চৰকাৰী চমফাই কলেজত ৫ কোটি টকাৰ প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী লালদুহোমাৰ

মুখ্যমন্ত্ৰী লালদুহোমাই শুকুৰবাৰে চৰকাৰী চমফাই কলেজত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (PM-USHA) আঁচনিৰ অধীনত ৰূপায়িত ৫ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ৩.৭০ কোটি টকা ব্যয়ৰ শ্ৰেণীকোঠা ভৱন, ৪০ লাখ টকাৰে বহুমুখী হলৰ নৱীকৰণ, ৪০ লাখ টকাৰ ছেমি-ৰানিং ট্ৰেক, আৰু ৫০ লাখ টকাৰ পেকেজ য’ত সৌৰ উদ্যোগ, বৃত্তিমূলক দক্ষতা আৰু ব্যক্তিত্ব বিকাশ কাৰ্যসূচী, কৰ্মশালা, আইটি আৰু লেবৰেটৰী সঁজুলি, আৰু সৌৰ সঁজুলি অন্তৰ্ভুক্ত। চৰকাৰী চমফাই কলেজ PM-USHA-ৰ প্ৰথম পৰ্যায়ৰ অধীনত নিৰ্বাচিত মিজোৰামৰ দুখন কলেজৰ ভিতৰত এখন। প্ৰকল্পটো ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে ২০২৬ চনৰ ১৫ জুলাইত সম্পূৰ্ণ হৈছিল। এই উদ্বোধন কলেজ সপ্তাহ ২০২৬-ৰ…
Read More
পাণ্ডুঘাটত দুদিনত ১১২ খন দূৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন

পাণ্ডুঘাটত দুদিনত ১১২ খন দূৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন

গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে জনমানসত ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটে এক সুকীয়া পৰিচিতি লাভ কৰি আহিছে। কিয়নো পাণ্ডুঘাটত যেনে ধৰণৰ শৃংখলাবদ্বভাৱে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় সেয়া তুলনাবিহীন। ইয়াত প্ৰতি বছৰে কোনে কিমান শৃংখলাবদ্ধ ভাৱে প্ৰতিমা বিসৰ্জন দিয়ে তাৰো এক প্ৰতিযোগিতা অনুষ্ঠিত হয় । সমান্তৰালভাৱে আন আন ক্ষেত্ৰ সমূহতো বিভিন্ন শিতানত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু সেই অনুসৰি সেই উদযাপন সমিতি সমূহক নগদ ধনসহ বঁটা প্ৰদান কৰা হয়। লক্ষণীয় বিষয়টো হল আন আন ঘাটত এদিনৰ বিপৰীতে পাণ্ডুঘাটত বিজয়া দশমী আৰু তাৰ পাছদিনা অৰ্থাৎ দুদিন ধৰি প্ৰতিমা বিসৰ্জন দিয়া হয়। পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্য আৰু সাধাৰণ…
Read More
মাটিৰ নমুনা আনিবলৈ মংগল গ্ৰহলৈ উৰিল মহাকাশযান

মাটিৰ নমুনা আনিবলৈ মংগল গ্ৰহলৈ উৰিল মহাকাশযান

মঙলবাৰে জাপানৰ এখন মহাকাশযানে মঙল গ্ৰহৰ ৰহস্যময়তাৰ অন্বেষণ আৰু তাৰ পৰা নমুনা সংগ্ৰহ কৰি অনাৰ এক অভূতপূৰ্ব অভিযান হিচাপে মংগল গ্ৰহৰ দিশলৈ ৰাওনা হয় ।এই অত্যুৎসাহী নমুনা সংগ্ৰহৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়া জাপান এৰ’স্পেচ এক্সপ্ল’ৰেশ্যন এজেন্সীয়ে দেশখনৰ টানেগাছিমা দ্বীপৰ মূল মহাকাশ কেন্দ্ৰৰ পৰা পুৱতি নিশা মহাকাশযানখন উৎক্ষেপণ কৰে ।এই অভিযানৰ অংশ হিচাপে মংগল গ্ৰহৰ দুটা সৰু আকাৰৰ চন্দ্ৰৰ ভিতৰত ডাঙৰ আৰু ওচৰৰ ফ’বছত ৰবটিক প্ৰস্পেক্টৰৰ লগতে ৰ'ভাৰ অৱতৰণ কৰাৰ চেষ্টা কৰিব ।
Read More
আশুতোষ-সৌৰভৰ ন্যায়িক জিম্মা বৃদ্ধি

আশুতোষ-সৌৰভৰ ন্যায়িক জিম্মা বৃদ্ধি

আশুতোষ ৰাংকা আৰু সৌৰভ দাসক নিষেধাজ্ঞা উলংঘা কৰি যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত ১৩ অক্টোবৰত প্ৰথমে আটক আৰু পাছত গ্ৰেপ্তাৰ কৰা হয় ৷তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ সোমবাৰে সমাপ্ত হোৱাত মন্দিৰ মাৰ্গ থানাত নৱনিযুক্ত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হৈছিল ৷ইয়াৰ পূৰ্বে সোমবাৰে মন্দিৰ মাৰ্গ থানাত নৱনিযুক্ত বিশেষ কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকৰ ন্যায়িক জিম্মা আৰু দুদিনৰ বাবে বৃদ্ধি কৰে ৷ এতিয়া আৰক্ষীয়ে গোচৰটো অধিক তদন্তৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ আন্তঃৰাজ্যিক কোষ ইউনিটলৈ হস্তান্তৰ কৰিছে ।
Read More
পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব

পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব

ইউৰোপৰ দুখন গুৰুত্বপূৰ্ণ দেশ ফ্ৰান্স আৰু ইটালীত যোৱা সপ্তাহত সংঘটিত হিংসাত্মক প্ৰতিবাদে চৰকাৰৰ চিন্তা বহুগুণে বঢ়াই তুলিছে।পেৰিছকে ধৰি কেইবাখনো চহৰত প্ৰতিবাদকাৰীয়ে দোকান-পোহাৰসমূহ ধ্বংস কৰাৰ লগতে ৰাজহুৱা সম্পত্তি লক্ষ্য কৰি লৈছে।এনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মুকলি প্ৰব্ৰজন নীতিৰ ওপৰত তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত ট্ৰাম্পে কয় যে তেওঁ বহু আগতেই মেক্ৰনক সতৰ্ক কৰি দিছিল। সমগ্ৰ বিশ্বৰ লোকক ফ্ৰান্সলৈ মুকলিকৈ আহিবলৈ দিয়াটো এটা অতি মাৰাত্মক ভুল হিচাপে পৰিগণিত হ’ব।ট্ৰাম্পে কয়, পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব । ফ্ৰান্সৰ সীমান্ত বন্ধ কৰাৰ পৰামৰ্শ দিছিলো যদিও দেশখনে সেই পৰামৰ্শ মানি চলা নাছিল।…
Read More
পূৰৈ শাকৰ আছে অসাধাৰণ গুণাগুণ! স্বাস্থ্যৰ বাবে কিয় উপকাৰী এই সহজলভ্য শাক?

পূৰৈ শাকৰ আছে অসাধাৰণ গুণাগুণ! স্বাস্থ্যৰ বাবে কিয় উপকাৰী এই সহজলভ্য শাক?

অসমীয়া খাদ্যাভ্যাসত শাক-পাচলিৰ এক বিশেষ স্থান আছে। তেনে এবিধ সহজলভ্য আৰু পুষ্টিকৰ শাক হৈছে পূৰৈ শাক। গাঁৱে-ভূঞে সহজে উপলব্ধ এই শাক কেৱল সুস্বাদু খাদ্যই নহয়, বৰঞ্চ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও পুষ্টি উপাদানৰো উৎস। পূৰৈ শাকত ভিটামিন এ, ভিটামিন চি, ফলেট, বিভিন্ন খনিজ পদাৰ্থ আৰু আঁহ থাকে। এই পুষ্টি উপাদানসমূহে শৰীৰৰ স্বাভাৱিক কাৰ্যকলাপ, দৃষ্টিশক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পাচন প্ৰক্ৰিয়া সুস্থ ৰখাত সহায় কৰিব পাৰে। পাচন প্ৰক্ৰিয়াৰ বাবে উপকাৰী পূৰৈ শাকত থকা আঁহে মলত্যাগৰ স্বাভাৱিক প্ৰক্ৰিয়াত সহায় কৰে। সুষম খাদ্যৰ অংশ হিচাপে এই শাক খালে পাচন স্বাস্থ্য বজাই ৰখাত সহায়ক হ’ব পাৰে। চকু আৰু ছালৰ স্বাস্থ্যৰ বাবে পূৰৈ শাকত থকা ভিটামিন…
Read More