উত্তৰ-পূৱ

‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব লীছাই

‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব লীছাই

অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া Commonwealth Games 2026 ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাৱান পেৰা-চাইক্লিষ্ট লীছা দাস । মাত্ৰ ১৬ বছৰ বয়সতে লীছাই সমগ্ৰ ভাৰতীয় দলটোৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে এক অনন্য কীৰ্তিমান গঢ়িবলৈ সক্ষম হৈছে। তেওঁ এই ক্ৰীড়া মহোৎসৱত ‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ 'Women's C5' বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
Read More
পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি

আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশ্বৰ আনবোৰ ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বাবেও এয়া এক চিন্তাৰ বিষয়।আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। যাৰ ফলত সমগ্ৰ বিশ্বই ইন্ধনৰ নাটনিৰ সমুখীন হোৱাৰ আশংকাই দেখা দিছে। এফালে আমেৰিকাই ষ্ট্ৰেইট অৱ হৰমুজত নাকাবন্দী লগাইছে, আনফালে, ইৰাণৰ ইছলামিক ৰেভলিউশ্যনেৰি গাৰ্ড কৰ্পছ চমুকৈ IRGC-য়ে কৈছে যে- যেতিয়ালৈকে হৰমুজ প্ৰণালীত আমেৰিকাৰ কাৰ্যকলাপবোৰ চলি থাকিব, তেতিয়ালৈকে ইয়াৰ পৰা এটোপালো তেল বা গেছৰ ৰপ্তানি কৰা নহ'ব।
Read More
মৃত্যু হ’ব নেকি সোনম ৱাংচুকৰ ?

মৃত্যু হ’ব নেকি সোনম ৱাংচুকৰ ?

প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা খণ্ডত অন্যান্য দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমাজকৰ্মী সোনম ৱাংচুকে আমৰণ অনশনত বহি আছে । এই অনশনে ইতিমধ্যে ১৮ দিনত ভৰি দিছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে । তেওঁৰ শৰীৰৰ ওজনো ৮.৫ কেজি হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে । এনে ক্ষেত্ৰত বাংচুকৰ জীৱনলৈ যিকোনো মুহূৰ্ততে ভাবুকি অহাৰ আশংকা কৰা হৈছে ।সোনম ৱাংচুকৰ অনশন বন্ধ কৰাৰ আহ্বান জনাই দাখিল কৰা এক আবেদনত কেন্দ্ৰ আৰু দিল্লী চৰকাৰক জাননী জাৰি কৰা হৈছে । ১৬ জুলাইত শুনানিৰ নিৰ্দেশ ।ৰাকেশ কুমাৰ ছৈনী নামৰ এগৰাকী অধিবক্তাই দিল্লী উচ্চ ন্যায়ালয়ত এই আবেদন কৰিছে । শুনানিৰ সময়ত অধিবক্তা ছৈনীয়ে…
Read More
বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব

বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব

বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা 'ব্লেক মেইল'ৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বন বিভাগৰ কাম-কাজ আৰু বন্য প্ৰাণী সুৰক্ষাৰ অচিলা লৈ একাংশ স্বাৰ্থান্বেষী লোকে সাধাৰণ তথা দৰিদ্ৰ ৰাইজক ভয়-ভাবুকিৰে হাৰাশাস্তি কৰাৰ যি ষড়যন্ত্ৰ চলাইছে,সেয়া কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। সদনত আলোচনাৰ মাজতে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গৰজি উঠি কয় যে, একাংশ লোকে বন্য প্ৰাণীৰ সুৰক্ষাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিভাগটোক আৰু সৰ্বসাধাৰণক ব্লেক মেইল কৰি আহিছে। মই মন্ত্ৰী হৈ থকালৈকে বন বিভাগত এনেধৰণৰ কোনো ব্লেক মেইল চলিবলৈ দিয়া নহ’ব। বন বিভাগত…
Read More
কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন। গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট চকৰ সমীপত সাধাৰণ দিনৰ দৰেই সোমবাৰে পুৱাৰ ভাগত যান-বাহনৰ চলাচল হৈ আছিল। ঠিক তেনে সময়তে পাহাৰৰ এটা অংশৰ পৰা ধাৰাষাৰভাৱে ৰঙা মাটি আৰু ডাঙৰ শিল বাগৰি আহে। কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ব্যস্ত ৰাজপথত তীব্ৰ যান-জঁটৰ মাজতেই পাহাৰৰ ৰঙা মাটি খহি ৰাজপথৰ ওপৰত পৰে। যাত্ৰীবাহী বাছ, সৰু গাড়ী আৰু ট্ৰাক আদি ৰৈ থকাৰ মাজতেই এই ভূমিস্খলন হোৱাত কথমপি প্ৰাণৰক্ষা পৰে বহু যাত্ৰী।পথৰ ওপৰত বিশাল মাটিৰ স্তূপ জমা হোৱাৰ ফলত গুৱাহাটীৰ পৰা মেঘালয় তথা বৰাক উপত্যকা আৰু উজনি অসম সংযোগী ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।ঘটনাৰ খবৰ পোৱাৰ পাছতেই…
Read More
সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…

সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…

দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া (এফএছএছএআই)-এ বিভিন্ন সুৰা প্ৰস্তুতকাৰী সংস্থালৈ জাননী জাৰি কৰিছে।পৰিদৰ্শনৰ সময়ত ৰাম, ব্ৰেণ্ডি, জিন, হুইস্কি, ৱাইন আৰু বীয়েৰ দৰে সুৰাত প্ৰাকৃতিক সোৱাদ আৰু সুগন্ধ অনুকৰণ কৰিবলৈ কৃত্ৰিম ফ্লেভাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এফএছএছএআইয়ে সদৰী কৰা অনুসৰি, মদ্যপানীয়সমূহত কেৱল স্বাভাৱিকভাৱে উৎপন্ন হোৱা সোৱাদ আৰু সুগন্ধ থাকিব লাগিব। Food Safety and Standards (Alcoholic Beverages) Regulations, 2018-ৰ বিধি অনুসৰি, ব্লেণ্ডেড স্পিৰিটৰ ক্ষেত্ৰত লেবেলত উল্লেখ কৰা সংৰক্ষণকাল মিশ্ৰণত ব্যৱহৃত আটাইতকৈ কম বয়সৰ স্পিৰিটৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰিব লাগে। কিন্তু কিছুমান প্ৰস্তুতকাৰীয়ে কৃত্ৰিমভাৱে এনে ফ্লেভাৰ মিহলোৱাৰ প্ৰমাণ পোৱা গৈছে।কিন্তু বহু পণ্যত ‘Aged’ আদি শব্দ…
Read More
স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ। স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত নতুনকৈ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। এই সন্দৰ্ভত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহৰ বাবে ৬,৮১৪ গৰাকী এম বি বি এছচিকিৎসক, ৮২ গৰাকী আয়ুষ চিকিৎসক, ২২ গৰাকী দন্ত চিকিৎসক, ১০,৯৪২ গৰাকী ষ্টাফ নাৰ্ছ, ৪,৬৬৯ গৰাকী ফার্মাচিষ্ট, ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান, ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ, ১,২৮৩ গৰাকী এ এন এম, ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক/একাউন্টটেন্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্রায় ৩৩,২৪০ টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ।
Read More
পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি

পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি

এতিয়াৰে পৰা সন্তান জন্মহোৱাৰ পাছত কেৱল মহিলাই নহয়, পুৰুষেও লাভ কৰিব ছুটি। ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি। অচিৰেই এই নতুন নিয়ম কাৰ্যকৰী হ'ব অসমত। জয়ন্ত মল্ল বৰুৱাই এই ঘোষণা কৰি কয় যে, সন্তানৰ জন্মত উতসাহিত কৰিবলৈ আমাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Read More
ইমাম ৰেজাৰ মছজিদত সমাধিষ্ঠ আলী খোমেনেইক

ইমাম ৰেজাৰ মছজিদত সমাধিষ্ঠ আলী খোমেনেইক

লাখ লাখ জনতাৰ সমাগমৰ মাজতে পূব ইৰাণত থকা খোমেনেইৰ গৃহ চহৰ মাছহাদৰ ইমাম ৰেজাৰ মছজিদলৈ লৈ যোৱা হৈছিল পতাকাৰে আবৃত তেওঁৰ কফিনটো ৷খোমেনেইৰ পুত্ৰ তথা উত্তৰাধিকাৰী মোজতাবা খোমেনেই ৰাজহুৱাভাৱে উপস্থিত থকা কোনেও দেখা নাপালে এই অনুষ্ঠানত ।ছয়দিনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষৰ দিনটোত মাছহাদত খোমেনেইৰ সমাধিস্থলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছিল ৷ নিযুক্তি পোৱাৰ পিছত এতিয়াও ৰাজহুৱা স্থানত হাজিৰ নোহোৱা মোজতাবা খোমেনেই এই অনুষ্ঠানলৈ আহিছিল নে নাই তাৰ ওপৰত নজৰ ৰখা হয় ।
Read More
লখিমপুৰত নিশা গৰজিল আৰক্ষীৰ বন্দুক

লখিমপুৰত নিশা গৰজিল আৰক্ষীৰ বন্দুক

লখিমপুৰত বৃহস্পতিবাৰে নিশা গৰজিল আৰক্ষীৰ বন্দুক । ধৰাশায়ী হ’ল দুই জালনোট সৰবৰাহকাৰী ।শেহতীয়া খবৰ অনুসৰি, কেইদিনমানৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত লাখ লাখ জালনোট উদ্ধাৰ, সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত বৃহস্পতিবাৰে নিশা গৰজিল উঠিল আৰক্ষীৰ বন্দুক ।আৰক্ষীৰ গুলীত আহত হয় মুকছিদুল আলম আৰু মতিবুৰ ৰহমান নামৰ দুই অভিযুক্ত ৷ সম্প্ৰতি আহত ধৃত দুই অভিযুক্ত চিকিৎসাধীন হৈ আছে ৷
Read More