10
Sep
সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ ২০'ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতে পুনাৱালাই মডেলগৰাকীৰ সাধাৰণ জ্ঞান আৰু বৌদ্ধিক স্তৰক লৈ কটাক্ষ কৰে। এই তৰ্কৰ মাজতে ৰিয়াই পুনাৱালাক 'আংকল' বুলি সম্বোধন কৰাত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰজনে তেওঁক উভতি ধৰি কয় যে ৰিয়া আহিৰৰ আই কিউ আৰু জ্ঞানৰ মাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একে। এক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বাহন আগচি ধৰি সামাজিক মাধ্যমত চৰ্চালৈ অহা মডেল ৰিয়া আহিৰে বিগ বছৰ প্ৰৱেশদ্বাৰত মুখ থেকেচা খাইছিল। ইয়াৰ পিছতে পুনাৱালাই সামাজিক মাধ্যম এক্সত…
