অসমৰ বৈজ্ঞানিক সমাজৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মানস ৰাষ্ট্ৰীয় উদ্যানত Osbeckia Assamensis নামৰ উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ। এই কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সদৰী কৰিছে। তেওঁ উল্লেখ কৰিছে এই আৱিষ্কাৰে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে আমাৰ জ্ঞান অধিক সমৃদ্ধ কৰাৰ লগতে গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অব্যাহত থকা প্ৰচেষ্টাৰ গুৰুত্বকো প্ৰতিফলিত কৰিছে।
এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ সৈতে জড়িত সমগ্ৰ দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।”
আৱিষ্কাৰৰ কথা সামাজিক মাধ্যমত সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
