বিনিয়োগকাৰীৰ সজাগতা আৰু চাইবাৰ সুৰক্ষা বৃদ্ধিৰ বাবে ৰিইমাজিন আইডিয়াথন ২.০ মুকলি চিডিএছএল-ৰ

গুৱাহাটী: চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ(ইণ্ডিয়া) লিমিটেড(চিডিএছএলL)-এ সমগ্ৰ ভাৰতৰ শিক্ষাৰ্থীসকলক বিত্তীয় সজাগতা আৰু চাইবাৰ সুৰক্ষা শক্তিশালী কৰিবলৈ অভিনৱ সমাধান প্ৰস্তুত কৰাৰ বাবে আমন্ত্ৰণ জনাই ৰিইমাজিন আইডিয়াথন ২.০ মুকলি কৰিছে, য’ত শীৰ্ষ পাঁচটা দলৰ বাবে সৰ্বমুঠ ১১.৫ লাখ টকাৰ পুৰস্কাৰ ৰখা হৈছে। বিশ্ব বিনিয়োগকাৰী সপ্তাহ ২০২৬ৰ সময়ত মুকলি কৰা এই পদক্ষেপ ‘চমঝ ছে ইনভেষ্টিং চিম্পল’ মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি হাতত লোৱা হৈছে আৰু ই ছেবি(ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বৰ্ড)ৰ প্ৰজেক্ট জাগৰুকৰ বিনিয়োগকাৰী শিক্ষাৰ উদ্দেশ্যসমূহক সমৰ্থন কৰে।
ছেবিৰ বিনিয়োগকাৰী জৰীপ ২০২৫ অনুসৰি, ভাৰতৰ আনুমানিক ৩৩.৭২ কোটি পৰিয়ালৰ ভিতৰত প্ৰায় ৩.২১ কোটি পৰিয়ালে অৰ্থাৎ প্ৰায় ৯.৫ শতাংশই প্ৰতিভূতি বজাৰৰ সামগ্ৰীসমূহত বিনিয়োগ কৰে। ইফালে, চৰকাৰী তথ্যই আঙুলিয়াই দিছে যে ২০২৫ চনত চাইবাৰ প্ৰৱঞ্চনাৰ বাবে ২২,৪৯৫ কোটি টকা লোকচান হোৱাৰ বাতৰি পোৱা গৈছে, যাৰ ভিতৰত প্ৰায় ৭৬% বিত্তীয় লোকচান ভুৱা বিনিয়োগ আৰু ট্ৰেডিং কেলেংকাৰীৰ বাবে হৈছে।
চিডিএছএলৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া নেহাল ভোৰাই কয় যে, এই পদক্ষেপে শিক্ষাৰ্থীসকলক বিনিয়োগকাৰী শিক্ষাৰ বাবে সহজলভ্য আৰু আকৰ্ষণীয় দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব, যাৰ দ্বাৰা মানুহে বিপদাশংকা মূল্যায়ন কৰিবলৈ, তথ্য পৰীক্ষা কৰিবলৈ আৰু সঠিক সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব।
অংশগ্ৰহণকাৰীসকলে ডিজিটেল প্লেটফৰ্ম, ম’বাইল এপ্লিকেচন, চেটবট, গেম, চিমুলেচন, সজাগতা অভিযান আৰু এআইচালিত সহকাৰী ব্যৱস্থাৰ জৰিয়তে নিজৰ সেৱাসমূহ আগবঢ়াব কৰিব পাৰিব। জমাকৃত প্ৰবিষ্টিসমূহ উদ্ভাৱন, ব্যৱহাৰকাৰীৰ অভিজ্ঞতা, প্ৰভাৱ, কাৰ্যকৰীতা, প্ৰসাৰণ যোগ্যতা, সহজলভ্যতা আৰু ডাটা সুৰক্ষাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হ’ব।
টিচিএছ(টাটা কনচলটেন্সী চাৰ্ভিচেছ)ৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক আৰু বিএছইৰ প্ৰাক্তন অধ্যক্ষ এছ ৰামাদোৰাইয়ে এই বিচাৰক মণ্ডলীৰ অধ্যক্ষতা কৰিব। এই প্ৰতিযোগিতাৰ পঞ্জীয়ন প্ৰক্ৰিয়া ২০২৬ চনৰ ৭ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। এই পদক্ষেপ নিজৰ উদ্বোধনী সংস্কৰণৰ সফলতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছে, য’ত দেশৰ ২১ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ১০০ টা প্ৰতিষ্ঠানৰ পৰা ১,০০০তকৈও অধিক পঞ্জীয়ন লাভ কৰিছিল। শিক্ষাৰ্থীসকলে cdslindia.com ৱেবচাইটত গৈ পঞ্জীয়ন কৰিব পাৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *