উত্তৰ-পূৰ্বাঞ্চলত পুনৰ কঁপি উঠিল সন্ত্ৰাসবাদৰ বিস্ফোৰণ। এইবাৰ নাগালেণ্ডত অসম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি সংঘটিত আইইডি বিস্ফোৰণত শ্বহীদ হয় তিনিজন জোৱান। ঘটনাটোত কেইবাজনো জোৱান আঘাতপ্ৰাপ্ত হয়।
সোমবাৰে চুমুকেডিমা জিলাৰ সোখুভি গাঁৱৰ সমীপেৰে অসম ৰাইফলছৰ কনভয় অগ্ৰসৰ হৈ থকাৰ সময়তে পথৰ কাষত পুতি থোৱা আইইডিৰ বিস্ফোৰণ ঘটে। অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা এই আক্ৰমণত তিনিজন জোৱানে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আঘাতপ্ৰাপ্ত জোৱানসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। আহতসকলৰ স্বাস্থ্যৰ বিষয়ে এতিয়াও আনুষ্ঠানিকভাৱে একো জানিবলৈ দিয়া হোৱা নাই।
ঘটনাৰ পিছতে অসম ৰাইফলছ আৰু ডিমাপুৰ আৰক্ষীয়ে যৌথভাৱে তালাচী অভিযান আৰম্ভ কৰে। বিস্ফোৰণস্থল আৰু ইয়াৰ চৌপাশৰ অঞ্চলত নিৰাপত্তাও কটকটীয়া কৰা হৈছে।
উল্লেখযোগ্য যে, মাত্ৰ কেইদিনমান পূৰ্বেও নিৰাপত্তা বাহিনীক লক্ষ্য কৰি একেধৰণৰ আক্ৰমণ সংঘটিত হৈছিল। ৭ জুলাইত মণিপুৰৰ উখৰুল জিলাৰ নুংশাং কং এলেকাত ৰাষ্ট্ৰীয় ঘাইপথ-২০২ত সংঘটিত আইইডি বিস্ফোৰণত অসম ৰাইফলছৰ দুজন জোৱান শ্বহীদ হৈছিল।
ইফালে, অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা কীৰ্তি চক্ৰ বঁটা বিজয়ী মেজৰ দিগ্বিজয় সিং ৰাৱাতে সামাজিক মাধ্যমত দিয়া এক পোষ্টত এই আক্ৰমণৰ আঁৰত এনএছচিএন (আইএম) সংগঠন জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। অতীততো সংগঠনটোৱে আলফাৰ সৈতে মিলি নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনে।
অৱশ্যে, এই বিস্ফোৰণৰ সৈতে কোনো উগ্ৰপন্থী সংগঠনৰ জড়িত থকাৰ বিষয়ে এতিয়ালৈকে চৰকাৰীভাৱে নিশ্চিত কৰা হোৱা নাই। কোনো সংগঠনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। ঘটনাটোক কেন্দ্ৰ কৰি তদন্ত অব্যাহত আছে।
