Blog

চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত এক লাখৰো অধিক মহিলাৰ পঞ্জীয়ন

চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত এক লাখৰো অধিক মহিলাৰ পঞ্জীয়ন

মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগটোৰ প্ৰথমখন ত্ৰৈমাসিক নিউজলেটাৰ আৰু সামাজিক আচৰণ পৰিৱৰ্তন সম্পৰ্কীয় কৌশলপত্ৰ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ বাবে বিভাগৰ লগতে এই কামত সহযোগ কৰা আই পি ই গ্লোবেলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। লগতে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, বেটী বচাও বেটী পঢ়াও আৰু পোষণ অভিযানৰ দৰে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে মহিলা আৰু শিশুৰ কল্যাণৰ হকে বিভাগটোৱে আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ অংগনৱাড়ী কৰ্মীসকলকে ধৰি বিভাগটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সমাজৰ সৈতে সংযোগ স্থাপন আৰু সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত থকা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে। উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ…
Read More
গুৱাহাটীত মেদান্তৰ কল্যাণমূলক পদক্ষেপ: মহিলাৰ স্বাস্থ্য সজাগতা বৃদ্ধিৰ বাবে ‘ৱমেনছ হেল্থ টক’ৰ আয়োজন

গুৱাহাটীত মেদান্তৰ কল্যাণমূলক পদক্ষেপ: মহিলাৰ স্বাস্থ্য সজাগতা বৃদ্ধিৰ বাবে ‘ৱমেনছ হেল্থ টক’ৰ আয়োজন

উত্তৰ আৰু পূব ভাৰতত সক্ৰিয় দেশৰ অন্যতম বৃহত্তম মাল্টি-স্পেচিয়েলিটী স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান মেদান্তই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰ আৰু মহিলাৰ স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীত মহিলাৰ স্বাস্থ্য বিষয়ক আলোচনা চক্ৰৰ আয়োজন কৰে। নাৰী সবলীকৰণৰ বাবে কাম কৰা এটা বেচৰকাৰী সংগঠন অপৰূপাৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এই অধিবেশনত মেদান্ত গুৰুগ্ৰামৰ ইউৰ'গাইনক’লজী বিভাগৰ সহযোগী সঞ্চালিকা ডাঃ অমিতা জৈনে অংশগ্ৰহণ কৰি প্ৰাৰম্ভিক ৰোগ নিৰ্ণয়, নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু সঠিক চিকিৎসা সংক্ৰান্তীয় সিদ্ধান্ত গ্ৰহণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। বিশিষ্ট লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা তথা সমাজকৰ্মী আৰু অপৰূপাৰ প্ৰতিষ্ঠাপক ৰুণা লাইলাই এই পদক্ষেপৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মেদান্তা মেডিক্লিনিক গুৱাহাটীৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ…
Read More
দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী

দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানীত মেট্ৰ’ ষ্টেচন বন্ধ আৰু বিৰোধী নেতাসকলক আটক কৰা কাৰ্যক লৈ দেওবাৰে বিশেষ শুনানি অনুষ্ঠিত কৰে উচ্চতম ন্যায়ালয়ে। দেওবাৰৰ বন্ধৰ দিনটোতে অনুষ্ঠিত এই জৰুৰী শুনানিত প্ৰশাসনৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক বেআইনীভাৱে আটক নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে। একেদৰে দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱা পূৰ্বৰ দৰে স্বাভাৱিক কৰি তোলাৰ লগতে ইণ্টাৰনেট সেৱাত কোনো বাধা আৰোপ নকৰিবলৈ প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়ে ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে। উল্লেখ্য যে, শনিবাৰে যন্তৰ মন্তৰত বিৰোধী ঐক্যমঞ্চ আৰু চিজেপিয়ে আহ্বান জনোৱা প্ৰতিবাদ প্ৰতিহত কৰিবলৈ দিল্লীত একাধিক মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়াৰ…
Read More
ডেনমাৰ্ক অ’পেনত ভাৰতীয় বেডমিণ্টন তাৰকাসকলৰ সন্মুখত প্ৰত্যাহ্বান

ডেনমাৰ্ক অ’পেনত ভাৰতীয় বেডমিণ্টন তাৰকাসকলৰ সন্মুখত প্ৰত্যাহ্বান

কাইলৈ পৰা আৰম্ভ হ’বলগীয়া ৯,৫০,০০০ মাৰ্কিন ডলাৰ পুৰস্কাৰ মূল্যৰ ‘ডেনমাৰ্ক অ'পেন ছুপাৰ ৭৫০’ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈসকল এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুই  মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডতে বিশ্বৰ নম্বৰ-ৱান তথা ডিফেন্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াৰ আন চে-য়ংৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। জুলাই মাহত জাপান অ'পেন জয় কৰা ৩১ বছৰীয়া সিন্ধুৰ বাবে এই মেচখন অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব, কাৰণ আন চে-য়ংৰ বিৰুদ্ধে খেলা বিগত ১০ খন মেচৰ আটাইকেইখনতে সিন্ধু পৰাজিত হৈছে। আনহাতে, পুৰুষৰ ছিংগলছত লক্ষ্য সেনৰ সন্মুখতো কঠিন ড্ৰ' উপবিষ্ট হৈছে। অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয় পুৰুষ ছিংগলছ খেলুৱৈ লক্ষ্যই প্ৰথম ৰাউণ্ডতে প্ৰতিযোগিতাখনৰ তৃতীয় বাছনিৰ খেলুৱৈ…
Read More
‘ডায়মণ্ড-ডডেকাগন লেটিছ’ আৱিষ্কাৰ, ইলেক্ট্ৰনক আবদ্ধ কৰি ফ্লেট বেণ্ড সৃষ্টিৰ সম্ভাৱনা

‘ডায়মণ্ড-ডডেকাগন লেটিছ’ আৱিষ্কাৰ, ইলেক্ট্ৰনক আবদ্ধ কৰি ফ্লেট বেণ্ড সৃষ্টিৰ সম্ভাৱনা

নাগালেণ্ড বিশ্ববিদ্যালয় আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান-বোম্বে (আইআইটি বোম্বে)ৰ গৱেষকসকলে এক নতুন দ্বি-মাত্রিক লেটিছ আৰ্হিৰ প্ৰস্তাৱ আগবঢ়াইছে যিয়ে চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰি অস্বাভাৱিক কোৱাণ্টাম অৱস্থা নিয়ন্ত্ৰণৰ এক সহজ উপায় আগবঢ়াব পাৰে, যাৰ ফলত ভৱিষ্যতৰ কোৱাণ্টাম চেন্সৰ, প্ৰগ্ৰেমেবল কোৱাণ্টাম ডিভাইচ আৰু উন্নত কোৱাণ্টাম সামগ্ৰীৰ বাবে পথ মুকলি হ’ব পাৰে। দীৰ্ঘম্যাদীভাৱে, এই গৱেষণাই এনে প্ৰযুক্তি বিকাশৰ বাবে এক নতুন প্লেটফৰ্ম প্ৰদান কৰিব পাৰে য’ত অতি ক্ষুদ্ৰ পৰিসৰত শক্তি আৰু তথ্য কেনেদৰে গতি কৰে তাৰ ওপৰত নিখুঁত নিয়ন্ত্ৰণৰ প্ৰয়োজন। গৱেষকসকলে লগতে দেখুৱাইছে যে এই ব্যৱস্থাটোৱে বৈদ্যুতিক পৰিবহণক এনে ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰে যিটো ইয়াৰ চুম্বকীয় অৱস্থাৰ সৈতে জড়িত, যিটো তথ্য প্ৰক্ৰিয়াকৰণ আৰু ইলেক্ট্ৰনিক পৰিবহণৰ…
Read More
২০২৭ চনৰ মাৰ্চ মাহত হাইব-এ প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত কৰিব গ্লবেল কে-পপ মহোৎসৱ

২০২৭ চনৰ মাৰ্চ মাহত হাইব-এ প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত কৰিব গ্লবেল কে-পপ মহোৎসৱ

হাইব-এ নিজৰ ফ্লেগশ্বিপ উইভাৰ্ছ কন ফেষ্টিভেল ২০২৭ চনৰ ২৭-২৮ মাৰ্চত প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত কৰিব। দক্ষিণ কোৰিয়াৰ বাহিৰত প্ৰথমবাৰলৈ এই মহোৎসৱৰ উদ্বোধনী সংস্কৰণ অনুষ্ঠিত কৰিবলৈ নতুন দিল্লীক বাছনি কৰা হৈছে। এই দুদিনীয়া অনুষ্ঠানটোত কে-পপ শিল্পীৰ লগতে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলেও অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও বিশেষ যৌথ মঞ্চ, পোনপটীয়া মনোৰঞ্জন, অনুৰাগীৰ সৈতে বাৰ্তালাপ, ব্ৰেণ্ড সক্ৰিয়কৰণ আৰু সাংস্কৃতিক অভিজ্ঞতা ইয়াৰ আকৰ্ষণ হ’ব। অনলাইন অনুৰাগীসকলক লাইভ প্ৰদৰ্শনৰ সৈতে সংযোজিত কৰি শিল্পী আৰু অনুৰাগীৰ মাজত এক সুকীয়া পৰিৱেশ গঢ়ি তোলাটোৱে এই মহোৎসৱৰ মূল লক্ষ্য। হাইব-ৰ মুখ্য কাৰ্যবাহী বিষয়া জেছন জেইছাং লিয়ে এই বিষয়ে কয় যে এই অনুষ্ঠানে কোম্পানীটোৰ মাল্টি-হোম, মাল্টি-জেনাৰ ৰণকৌশলৰ এক নতুন পৰ্যায়ক…
Read More
সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ

সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ

সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে । দুখীয়া বা উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ প্ৰকৃতিৰ ৰোষৰ পৰা কোনো সাৰি যাব পৰা নাই । বিশেষকৈ ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বান আৰু ভূমিস্খলনে বিশ্বজুৰি এক আতংকৰ সৃষ্টি কৰিছে ।দক্ষিণ আমেৰিকাৰ চিলিৰ বিভিন্ন প্ৰান্তত কিছুদিনৰ পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছে । যাৰ ফলত চিলিৰ ৰাজধানী ছেণ্টিয়াগো আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সমগ্ৰ অঞ্চল বোকা-পানীৰে ভৰি পৰিছে ।আগষ্ট মাহত হোৱা মহাপ্ৰলয়ৰ পৰা নেপাল উদ্ধাৰ হ'ব পৰাই নাই । তেনে সময়তে পুনৰ দেশখন আন এক দুৰ্যোগৰ মুখামুখি হৈছে । দেশখনৰ গোৰ্খা জিলাত বুধী গণ্ডক নদীয়ে কালৰূপ ধাৰণ…
Read More
নেপালৰ গোৰ্খাত আকস্মিক বান

নেপালৰ গোৰ্খাত আকস্মিক বান

নেপালৰ গোৰ্খাত আকস্মিক বান ৷ বানত বহুতো ক্ষতিসাধন হয় ৷ কেবাজনো নিৰুদ্দেশ, ৪৭ জনক উদ্ধাৰ ৷নৰ প্ৰকৃতিৰ ৰোষত নেপাল ৷ শেহতীয়াকৈ আকস্মিক বানৰ ফলত নেপালত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ দেওবাৰে পুৱাৰ ভাগত নেপালৰ গোৰ্খা জিলাত বুধী গণ্ডক নদীত হঠাতে বানৰ সৃষ্টি হয় ৷ হঠাতে অহা এই বানত ৩৫টাতকৈও অধিক ঘৰ, দলং উটি যায় ৷ লগতে এই বানৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰো ক্ষতিসাধন হয় ৷বুধী গণ্ডক নদীৰ কাষত বাস লোকসকলক ইতিমধ্যে সেই স্থান এৰি ওখ ঠাইলৈ যাবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ।
Read More
সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী

সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী

সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী। জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত তথা অগণন অনুৰাগীৰ উপস্থিতিত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ‘মায়াবিনী’ গীত গাই প্ৰতিবাদত বহিল গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰৰ লগতে একাংশ জুবিন অনুৰাগী। ইপিনে,চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে আস্থাহীনতা প্ৰকাশ কৰি গৰিমা শইকীয়াই মূল অভিযুক্তৰ জামিন লাভক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এই শান্তিপূৰ্ণ ধৰ্ণা কাৰ্যসূচীয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত জুবিনক্ষেত্ৰত বৰ্তমানো হাজাৰ হাজাৰ অনুৰাগী একত্ৰিত হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে।সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে-"জুবিন সকলোৰে স্বাভিমান, সকলোৰে আৱেগ। আমি জুবিনৰ সঠিক ন্যায় বিচাৰি আজি ৰাজপথলৈ ওলাই আহিছো। আমাক…
Read More
উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ

উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ

উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ। জনতা ভৱন আৰু মন্ত্ৰী আৱাসৰ সমুখত ৰাইজৰ দলে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।মন্ত্ৰী আৱাস-জনতা ভৱনৰ সমুখৰ বেৰিকেড ভাঙি দিয়ে প্ৰতিবাদকাৰীয়ে।আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক ঠেলি-হেঁচি আৰক্ষীৰ বাহনত উঠাই আটক কৰে। আৰক্ষীয়ে বাধা দিয়াক লৈ উত্তেজনাৰ সৃষ্টি হয় প্ৰতিবাদস্থলীত।
Read More