18
Jul
দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ'ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। গুলীচালনাত আহত হোৱা যুৱতীগৰাকী কল্যাণী নামচম বুলি জানিব পৰা গৈছে। মমং গাঁৱৰ বাসিন্দা যুৱতীগৰাকীৰ ভৰিত গুলী লাগে। আহত অৱস্থাত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, এখন ৱেগন-আৰ গাড়ীত থকা লোক আৰু আন এটা পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ পিছত সংঘাতৰ সৃষ্টি হয়। সেই সময়তে পিষ্টলৰ পৰা কমেও দুজাই গুলী চলোৱা হয়। কিন্তু গুলীটো কেনেকৈ কল্যাণী নামচমৰ ভৰিত লাগে অথবা গুলী কোনে চলাইছিল, সেই…
