12
Oct
উত্তৰ আৰু পূব ভাৰতত সক্ৰিয় দেশৰ অন্যতম বৃহত্তম মাল্টি-স্পেচিয়েলিটী স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান মেদান্তই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰ আৰু মহিলাৰ স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে গুৱাহাটীত মহিলাৰ স্বাস্থ্য বিষয়ক আলোচনা চক্ৰৰ আয়োজন কৰে। নাৰী সবলীকৰণৰ বাবে কাম কৰা এটা বেচৰকাৰী সংগঠন অপৰূপাৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এই অধিবেশনত মেদান্ত গুৰুগ্ৰামৰ ইউৰ'গাইনক’লজী বিভাগৰ সহযোগী সঞ্চালিকা ডাঃ অমিতা জৈনে অংশগ্ৰহণ কৰি প্ৰাৰম্ভিক ৰোগ নিৰ্ণয়, নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু সঠিক চিকিৎসা সংক্ৰান্তীয় সিদ্ধান্ত গ্ৰহণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। বিশিষ্ট লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা তথা সমাজকৰ্মী আৰু অপৰূপাৰ প্ৰতিষ্ঠাপক ৰুণা লাইলাই এই পদক্ষেপৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মেদান্তা মেডিক্লিনিক গুৱাহাটীৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ…
