25
Sep
বিশ্বখ্যাত কাৰ্ডিঅ’লজিষ্ট তথা হৃদ্পিন্ড প্ৰতিস্থাপন চৰ্জন ড° দিমিত্রি ইয়াৰানৱে সাম্প্ৰতিকভাৱে এখন ইনষ্টাগ্ৰাম ভিডিঅ’ৰ জৰিয়তে দীৰ্ঘদিন ধৰি মদ্যপান কৰাৰ ফলত হ’ব পৰা ভয়ংকৰ স্বাস্থ্যঝুঁকিৰ বিষয়ে সতর্ক কৰিছে। ভিডিঅ’টোত তেওঁ কয় যে দীৰ্ঘকালীনভাৱে এলক’হল গ্ৰহণ কৰিলে হৃদ্পিন্ডত গভীৰ ক্ষতি হয় আৰু সময়ৰ সৈতে হৃদ্পিন্ডৰ গঠন আৰু কাৰ্যক্ষমতা দুয়ো ক্ষয় হয়। ড° ইয়াৰানৱে বাখ্যা কৰি কয় যে, নিয়মীয়াভাৱে মদ্যপান কৰিলে অন্ততঃ পাঁচ প্ৰকাৰৰ গম্ভীৰ হৃদ্ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তেনে এটি বিপদজনক অৱস্থা হৈছে এলক’হলিক কাৰ্ডিঅ’মায়’পেথি, য’ত হৃদ্পিন্ডৰ মাংসপেশী ডাঠ, কঠিন বা অস্বাভাৱিকভাৱে ডাঙৰ হৈ উঠে। ফলত হৃদ্পিন্ড দুৰ্বল হৈ পৰে আৰু ৰক্ত পাম্প কৰাৰ ক্ষমতা কমি যায়। তেওঁৰ মতে, প্ৰতি ৩ গৰাকী নিয়মীয়া…
