নেপালৰ গোৰ্খাত আকস্মিক বান

নেপালৰ গোৰ্খাত আকস্মিক বান ৷ বানত বহুতো ক্ষতিসাধন হয় ৷ কেবাজনো নিৰুদ্দেশ, ৪৭ জনক উদ্ধাৰ ৷নৰ প্ৰকৃতিৰ ৰোষত নেপাল ৷ শেহতীয়াকৈ আকস্মিক বানৰ ফলত নেপালত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ দেওবাৰে পুৱাৰ ভাগত নেপালৰ গোৰ্খা জিলাত বুধী গণ্ডক নদীত হঠাতে বানৰ সৃষ্টি হয় ৷ হঠাতে অহা এই বানত ৩৫টাতকৈও অধিক ঘৰ, দলং উটি যায় ৷ লগতে এই বানৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰো ক্ষতিসাধন হয় ৷বুধী গণ্ডক নদীৰ কাষত বাস লোকসকলক ইতিমধ্যে সেই স্থান এৰি ওখ ঠাইলৈ যাবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *