সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ

সমগ্ৰ বিশ্বতে বৰ্তমান প্ৰকৃতিৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে । দুখীয়া বা উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ প্ৰকৃতিৰ ৰোষৰ পৰা কোনো সাৰি যাব পৰা নাই । বিশেষকৈ ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বান আৰু ভূমিস্খলনে বিশ্বজুৰি এক আতংকৰ সৃষ্টি কৰিছে ।দক্ষিণ আমেৰিকাৰ চিলিৰ বিভিন্ন প্ৰান্তত কিছুদিনৰ পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছে । যাৰ ফলত চিলিৰ ৰাজধানী ছেণ্টিয়াগো আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সমগ্ৰ অঞ্চল বোকা-পানীৰে ভৰি পৰিছে ।আগষ্ট মাহত হোৱা মহাপ্ৰলয়ৰ পৰা নেপাল উদ্ধাৰ হ’ব পৰাই নাই । তেনে সময়তে পুনৰ দেশখন আন এক দুৰ্যোগৰ মুখামুখি হৈছে । দেশখনৰ গোৰ্খা জিলাত বুধী গণ্ডক নদীয়ে কালৰূপ ধাৰণ কৰিছে । হঠাৎ নদীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু বহু অঞ্চল বুৰাই পেলাইছে । বাঢ়নী পানীয়ে প্ৰায় ৬ খন দলং উটুৱাই নিয়াৰ লগতে বহু আন্তঃগাঁথনিৰ ক্ষতি কৰিছে । নৈপৰীয়া অঞ্চলৰ লোকসকলে ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছে । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে ১০ গৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ খবৰ পোৱা গৈছে ।বিশ্বৰ আন আন প্ৰান্তৰ দৰে ভাৰতো বিগত কেইটামান মাহত ভয়ংকৰ বান, ভূমিস্খলনৰ দৰে প্ৰাকৃতিৰ দুৰ্যোগৰ সন্মুখীন হৈছে । শেহতীয়াকৈ কেৰালাত ধাৰাসাৰ বৰষুণৰ পিছত হোৱা ভূমিস্খলন আৰু কৃত্ৰিম বানত কেইবাগৰাকী লোকৰ মৃত্যু হৈছে । উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসমো অন্যতম প্ৰভাৱিত ৰাজ্য ।দক্ষিণ-পূব এছিয়াত বিশেষকৈ থাইলেণ্ড আৰু ফিলিপাইনছতো টাইফুন আৰু বৰষুণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বেংককৰ নগৰাঞ্চল প্লাৱিত হোৱাৰ সমান্তৰালকৈ বহু গাঁও পানীত বুৰ গৈছে ।শেহতীয়াকৈ এছিয়াৰ অন্যতম দেশ পাকিস্তানো ভয়ংকৰ বানৰ সন্মুখীন হৈছে । ইছলামাবাদ আৰু ৰাৱালপিণ্ডিৰ দৰে গুৰুত্বপূৰ্ণ চহৰ কৃত্ৰিম বানত বুৰ গৈছে । পথবোৰ নৈৰ ৰূপ লোৱা দেখা গৈছিল । জনজীৱন ব্যাহত হৈ পৰাৰ লগতে কৃষিভূমিৰো বিস্তৰ ক্ষতি হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *