সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী। জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত তথা অগণন অনুৰাগীৰ উপস্থিতিত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ‘মায়াবিনী’ গীত গাই প্ৰতিবাদত বহিল গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰৰ লগতে একাংশ জুবিন অনুৰাগী। ইপিনে,চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে আস্থাহীনতা প্ৰকাশ কৰি গৰিমা শইকীয়াই মূল অভিযুক্তৰ জামিন লাভক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এই শান্তিপূৰ্ণ ধৰ্ণা কাৰ্যসূচীয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত জুবিনক্ষেত্ৰত বৰ্তমানো হাজাৰ হাজাৰ অনুৰাগী একত্ৰিত হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে।সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে-“জুবিন সকলোৰে স্বাভিমান, সকলোৰে আৱেগ। আমি জুবিনৰ সঠিক ন্যায় বিচাৰি আজি ৰাজপথলৈ ওলাই আহিছো। আমাক কেৱল ন্যায় লাগে আৰু ঘটনাৰ মূল অভিযুক্তই কোনো কাৰণতে ৰেহাই পাব নালাগে।”
সোণাপুৰস্থিত জুবিনক্ষেত্ৰত আৰম্ভ বিক্ষোভ কাৰ্যসূচী
