অসম

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জ্বলি উঠিব মমবাতি! ডুমডুমাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জ্বলি উঠিব মমবাতি! ডুমডুমাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ ৰাজপথলৈ ওলাই আহিব সদৌ অসম ছাত্ৰ সন্থা। আজি বৃহস্পতিবাৰে বিয়লি পাঁচ বজাত তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰ খেলপথাৰৰ পৰা এক বিশাল মমবাতি সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থাই এই প্ৰতিবাদী সমদলৰ আয়োজন কৰিছে। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চলি থকা গোচৰৰ সাতজন অভিযুক্তৰ ভিতৰত দুজনক শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযুক্ত কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তই যোৱা ৯ অক্টোবৰত আৰু নিলম্বিত আৰক্ষী বিষয়া তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গে ১৬ অক্টোবৰত জামিন লাভ কৰে। অৱশ্যে উচ্চ ন্যায়ালয়ৰ এই জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই…
Read More
আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ভাৰতীয় পাইলটক ডুবাইৰ সন্মান! অৰ্ডাৰ অৱ জায়েদ প্ৰদান ৰাষ্ট্ৰপতিৰ

আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ভাৰতীয় পাইলটক ডুবাইৰ সন্মান! অৰ্ডাৰ অৱ জায়েদ প্ৰদান ৰাষ্ট্ৰপতিৰ

আকাশমাৰ্গত শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি অসাধাৰণ সাহসিকতা প্ৰদৰ্শন কৰা ফ্লাইডুবাইৰ কেপ্টেইন স্মিত মাচ্চাৰক সন্মানিত কৰিলে সংযুক্ত আৰব আমিৰাত প্ৰশাসনে। দেশখনৰ অন্যতম সন্মানীয় অসামৰিক তথা সামৰিক স্বীকৃতি 'অৰ্ডাৰ অৱ জায়েদ দ্বিতীয়, প্ৰথম শ্ৰেণী' সন্মানেৰে ভূষিত কৰা হয় ভাৰতীয় পাইলটগৰাকীক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতত বেল্ট বান্ধি সহকৰ্মীসকলৰ সৈতে অনুষ্ঠানত উপস্থিত হোৱা কেপ্টেইন মাচ্চাৰক প্ৰশংসাৰে উপচাই পেলায় উপস্থিত বিশিষ্ট ব্যক্তিসকলে। আবুধাবিত অনুষ্ঠিত এই বিশেষ সন্মান প্ৰদান অনুষ্ঠানত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে কেপ্টেইন মাচ্চাৰক ব্যক্তিগতভাৱে সাৱটি ধৰি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ লগতে দুয়োটা ৰাজপৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে। দেশ আৰু…
Read More
৩১ অক্টোবৰত অৱসৰ ল’বলগীয়া মহাপ্ৰবন্ধকক জাপি-এৰী চাদৰেৰে সম্বৰ্ধনা

৩১ অক্টোবৰত অৱসৰ ল’বলগীয়া মহাপ্ৰবন্ধকক জাপি-এৰী চাদৰেৰে সম্বৰ্ধনা

উত্তৰঃ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱক অগ্ৰণী ট্ৰেড ইউনিয়ন 'এন এফ ৰেলৱে এম্পলইজ ইউনিয়ন'ৰ উদ্যোগত ৰেল নগৰী মালিগাঁৱৰ বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ১৯৮৮ চনত আই আই টি খড়গপুৰৰ পৰা এম টেক ডিগ্ৰীধাৰী আৰু ১৯৯১ বেটছৰ ভাৰতীয় ৰেল সেৱাৰ বিষয়া চেতন কুমাৰ শ্ৰীবাস্তৱে অহা ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব। ভাৰতীয় ৰেলৱেত এজন নিষ্ঠাৱান বিষয়া হিচাপে পৰিচিত হৈ অহা চেতন কুমাৰ শ্ৰীবাস্তৱক অৱসৰৰ প্ৰাক ক্ষণত বিদায়ী সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য এম্পলইজ ইউনিয়নৰ উদ্যোগত আয়োজিত সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই। আনহাতে ইউনিয়নৰ কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ…
Read More
আৰণ্যকৰ উদ্যোগত প্রাইমেট সংৰক্ষণৰ পাঠ

আৰণ্যকৰ উদ্যোগত প্রাইমেট সংৰক্ষণৰ পাঠ

হলঙাপাৰ গিবন অভয়াৰণ্যত প্রাইমেট ৱাচৰ তৃতীয় সংস্কৰণ সফলভাৱে অনুষ্ঠিত হয়। বিভিন্ন শৈক্ষিক আৰু পেছাগত পটভূমিৰ ১৯ গৰাকী অংশগ্রহণকাৰীয়ে প্রাইমেট সংৰক্ষণৰ সজাগতা আৰু অংশগ্রহণ বৃদ্ধিৰ বাবে এই কার্যসূচীত ভাগ লয়। ভাৰতত পোৱা একমাত্ৰ বান্দৰ প্ৰজাতি পশ্চিমীয়া হলৌ বান্দৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। অংশগ্রহণকাৰীসকলৰ ভিতৰত ছাত্ৰ-ছাত্ৰী, পেছাদাৰী লোক, এগৰাকী চিকিৎসক, মৰিয়নী মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক আৰু আৰণ্যকৰ প্রাইমেট গৱেষণা আৰু সংৰক্ষণ শাখাৰ বিষয়াসকল আছিল। প্রাইমেট সংৰক্ষণৰ বিষয়ে বুজাবুজি বৃদ্ধি, প্রাইমেট প্রজাতিয়ে সন্মুখীন হোৱা প্রত্যাহ্বানৰ বিষয়ে সজাগতা আৰু সংৰক্ষণত ৰাইজৰ সক্রিয় অংশগ্রহণক উৎসাহিত কৰাই আছিল এই পদক্ষেপৰ লক্ষ্য। আদৰণি আৰু পৰিচয় পর্বৰে অনুষ্ঠান আৰম্ভ হয়। আৰণ্যকৰ প্রাইমেট গৱেষণা আৰু সংৰক্ষণ শাখাৰ সঞ্চালক তথা…
Read More
বিটিচি বন বিভাগ আৰু আৰণ্যকৰ যৌথ পদক্ষেপ

বিটিচি বন বিভাগ আৰু আৰণ্যকৰ যৌথ পদক্ষেপ

বন্যপ্ৰাণী সংৰক্ষণ শক্তিশালী কৰা আৰু ফিল্ড মোবিলিটি উন্নত কৰাৰ প্ৰচেষ্টাত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ (বিটিচি) পৰিৱেশ আৰু বন বিভাগে আৰণ্যকৰ লিগেল এণ্ড এডভোকেচি ডিভিজনৰ (এলএডি) সহযোগত শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত ফ্ৰণ্টলাইন বন কৰ্মীসকলক চাইকেল প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ উল্টাপানী বনাঞ্চলত ২৫ অক্টোবৰত আনুষ্ঠানিকভাৱে বন কৰ্মচাৰীসকলক চাইকেলসমূহ গতাই দিয়া হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে ফ্ৰণ্টলাইন কৰ্মীসকলৰ গতিশীলতা বৃদ্ধি কৰা, যাৰ ফলত তেওঁলোকে অধিক ফলপ্ৰসূ টহল চলাব পাৰে আৰু সংৰক্ষিত অঞ্চলটোৰ বন্যপ্ৰাণীৰ বাসস্থান নিৰীক্ষণ কৰিব পাৰে। বিতৰণ কাৰ্যসূচীত হালটুগাওঁ বন সংমণ্ডল বিষয়া পি.কে. ভূঞা, পৰ্বতঝোৰা বন সংমণ্ডল বিষয়া পংকজ কলিতা, উল্টাপানী বনাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়ো আৰু বন বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত…
Read More
উদ্ভিদৰ প্লাম্বিং ব্যৱস্থাৰ ওপৰত আইআইটি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ অধ্যয়ন

উদ্ভিদৰ প্লাম্বিং ব্যৱস্থাৰ ওপৰত আইআইটি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ অধ্যয়ন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-গুৱাহাটীৰ (আইআইটি-জি) গৱেষকসকলে খৰাং-জনিত পানীৰ চাপৰ সন্মুখীন হ'লে উদ্ভিদৰ প্লাম্বিং ব্যৱস্থাই কেনে আচৰণ কৰে সেই বিষয়ে অধ্যয়ন কৰিছে। উদ্ভিদৰ প্লাম্বিং ব্যৱস্থাই ইয়াৰ ভিতৰত পানী আৰু পুষ্টি পৰিবহণ কৰিবলৈ অনুমতি দিয়ে, যিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। উদ্ভিদৰ কাণ্ডত জাইলেম নামৰ মাইক্ৰ’টিউব থাকে, যিয়ে শিপাৰ পৰা পাতলৈ পানী কঢ়িয়াই নিয়ে। এই মাইক্ৰ’টিউববোৰ পিটছ নামৰ সৰু সৰু ছিদ্ৰৰ দ্বাৰা আন্তঃসংযুক্ত হৈ থাকে। পিটছবোৰে নিশ্চিত কৰে যে পানী আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থ কোনো বাধা নোহোৱাকৈ মসৃণভাৱে গতি কৰে। বিশ্বজুৰি বিজ্ঞানীসকলে খৰাঙৰ সময়ত এই জাইলেম নলীবোৰে কেনে আচৰণ কৰে সেয়া বুজিবলৈ চেষ্টা কৰি আছে যদিও বেছি অগ্ৰগতি লাভ কৰা নাই। কম্পিউটেচনেল মডেলিং অধ্যয়নে…
Read More
নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিলে নিৰ্মাণ কাৰ্য

নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিলে নিৰ্মাণ কাৰ্য

১৬ নৱেম্বৰত মুকলি হ'ব ৮৬৯ খন বিচনা যুক্ত  মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।  নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সম্পূৰ্ণ কৰিছে নিৰ্মাণ কাৰ্য। একেটা চৌহদতে থাকিব চিকিৎসকৰ বাবে আৱাস গৃহ । চিকিৎসালয়খনৰ  অগ্ৰগতিৰ  সোমবাৰে বুজ লয় মন্ত্ৰী অশোক সিংঘালে।জিএম চি এইচ পুণৰ নিৰ্মাণৰ বাবে এম এম চি এইচ লৈ স্থানান্তৰ কৰা হ'ব কেইবাটাও বিভাগ।
Read More
আৱিষ্কাৰৰ কথা সামাজিক মাধ্যমত সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আৱিষ্কাৰৰ কথা সামাজিক মাধ্যমত সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসমৰ বৈজ্ঞানিক সমাজৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মানস ৰাষ্ট্ৰীয় উদ্যানত Osbeckia Assamensis নামৰ উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰ। এই কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সদৰী কৰিছে। তেওঁ উল্লেখ কৰিছে এই আৱিষ্কাৰে ৰাজ্যখনৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে আমাৰ জ্ঞান অধিক সমৃদ্ধ কৰাৰ লগতে গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অব্যাহত থকা প্ৰচেষ্টাৰ গুৰুত্বকো প্ৰতিফলিত কৰিছে।এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ সৈতে জড়িত সমগ্ৰ দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।"
Read More
জামিয়াত ২০ বছৰৰ পাছত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰস্তাৱ

জামিয়াত ২০ বছৰৰ পাছত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰস্তাৱ

দীৰ্ঘ দুটা দশকৰ বিৰতিৰ পাছত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে ছাত্ৰ একতা সভা (ইউনিয়ন) নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। চৌহদত এক নিৰ্বাচিত প্ৰতিনিধি গোট গঠনৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে চলাই থকা ধাৰাবাহিক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে, বিশ্ববিদ্যালয় প্রশাসনৰ এই ঘোষণাক প্ৰত্যাখ্যান কৰিছে আন্দোলনৰত ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকৰ অভিযোগ— ছাত্ৰ একতা সভাৰ সংবিধান কেতিয়া অনুমোদন জনোৱা হ’ব, সেই সন্দৰ্ভত কোনো স্পষ্ট সময়সূচী উল্লেখ কৰা নাই। ইয়াৰ উপৰি, মুখ্য প্রক্টৰৰ পদত্যাগৰ যি মূল দাবী আছিল, তাকো প্রশাসনে সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে। উল্লেখ্য যে ২০০৬ চনত জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ একতা সভা ভংগ কৰা হৈছিল। তাৰ পাছৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে গণতান্ত্ৰিক অধিকাৰ আৰু ছাত্ৰ…
Read More
মানস ৰাষ্ট্ৰীয় উদ্যানত নতুন ফুলজাতীয় উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ; নামাকৰণ কৰা হ’ল ‘অচবেকিয়া আচামেনছিছ’

মানস ৰাষ্ট্ৰীয় উদ্যানত নতুন ফুলজাতীয় উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ; নামাকৰণ কৰা হ’ল ‘অচবেকিয়া আচামেনছিছ’

চহকী জৈৱ-বৈচিত্ৰ্যৰ বাবে বিশ্বজুৰি খ্যাতি থকা অসমৰ প্ৰাকৃতিক পৰিৱেশত সংযোজিত হ'ল আন এক অনন্য মাত্ৰা। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিত বিজ্ঞানীসকলে শেহতীয়াকৈ চিনাক্ত কৰিছে ফুলজাতীয় উদ্ভিদৰ এক নতুন প্ৰজাতি। আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ বিজ্ঞান গৱেষণা পত্ৰিকা 'ফাইটোটেক্সা'ত যোৱা ২২ অক্টোবৰত প্ৰকাশ পাইছে এই নতুন আৱিষ্কাৰৰ সবিশেষ তথ্য। উদ্ভিদবিজ্ঞান বিশেষজ্ঞ বৰ্ণালী দাস আৰু নমিতা নাথে যুটীয়াভাৱে চলোৱা দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এই নতুন প্ৰজাতিটোৰ নাম অসমৰ নামেৰে 'অচবেকিয়া আচামেনছিছ' ৰখা হৈছে। গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত মানস ৰাষ্ট্ৰীয় উদ্যানত চলোৱা ধাৰাবাহিক ক্ষেত্ৰভিত্তিক জৰীপৰ সময়ত ঘাঁহনি অঞ্চলত সিঁচৰতি হৈ থকা অৱস্থাত এই উদ্ভিদবিধ প্ৰত্যক্ষ কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০২২ চনৰ ৮…
Read More