অসম

নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ

প্ৰশাসনিক পদ ত্যাগ কৰি এতিয়া ৰাজনৈতিক ৰণাঙ্গণত নমাৰ যো-জা চলাইছে নগাঁৱৰ সদ্যপ্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাই। বিগত কিছুদিন ধৰি তেওঁৰ বিজেপিত যোগদানৰ চৰ্চাৰ মাজতে আয়ুক্তৰ পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে দেৱাশীষ শৰ্মাই। ইয়াৰ পিছতে তেওঁ বিজেপিৰ হৈ নগাঁৱৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনাক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে। কিন্তু ৰাজনীতিৰ পথাৰত ভৰি থোৱাৰ পূৰ্বেই প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে নামি পৰিছে কংগ্ৰেছ। আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত প্ৰশাসনিক ক্ষমতাৰ অপব্যৱহাৰ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিত অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলি শৰ্মাৰ বিৰুদ্ধে এক স্বতন্ত্ৰ আৰু সময়সীমাযুক্ত তদন্তৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ…
Read More
দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

দিল্লীৰ যন্তৰ-মন্তৰৰ ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি ছাত্ৰৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে! শেহতীয়াকৈ এজন তথাকথিত ইনফ্লুৱেন্সাৰে কৰা অকপট স্বীকাৰোক্তিৰ পিছতে উন্মোচিত হৈছে ছাত্ৰ আন্দোলনৰ হিংসাত্মক ঘটনাৰ প্ৰকৃত ৰহস্য। এটা প’ডকাষ্টত স্বতন্ত্ৰ ভৰদ্বাজ নামৰ বিতৰ্কিত যুৱকজনে প্ৰতিবাদকাৰী ছাত্ৰী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰৰ মূৰ ফালি দিয়াৰ কথা গৌৰৱেৰে সদৰি কৰে। হত্যাৰ চেষ্টাৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰিও দিল্লীৰ বিজেপি মন্ত্ৰী কপিল মিশ্ৰৰ এটা ফোনকলৰ বাবেই কাৰাগাৰলৈ যোৱাৰ পৰা ৰক্ষা পোৱা বুলিও মুকলিকৈ দাবী কৰে ভৰদ্বাজে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ’টোত অভিযুক্তই কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো আশীৰ্বাদ থকা বুলি দম্ভালি মৰা দেখা যায়। নিশাৰ ভিতৰতে…
Read More
ভুৱা ফেচবুক একাউণ্ট আৰু এআই ছবিৰে ব্লেকমেইল! ধুবুৰীত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

ভুৱা ফেচবুক একাউণ্ট আৰু এআই ছবিৰে ব্লেকমেইল! ধুবুৰীত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই প্ৰযুক্তিৰ অপব্যৱহাৰেৰে এগৰাকী মহিলাক ব্লেকমেইল কৰি ধন দাবী কৰা এক ভয়ংকৰ চাইবাৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। ভুৱা ফেচবুক একাউণ্ট খুলি মহিলাগৰাকীক প্ৰতাৰণা কৰা আৰু ভাবুকি দি ধন আদায় কৰাৰ অভিযোগত ধুবুৰী সদৰ আৰক্ষীয়ে আটক কৰে তিনিজন চাইবাৰ অপৰাধীক। ধৃত ব্যক্তিসকলক ধুবুৰী চহৰৰ চৰ মেইন ৰোড অঞ্চলৰ ৰনি কুণ্ডু, অৰুণ চৌধুৰী আৰু সন্তোষ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, চক্ৰটোৰ মূল অভিযুক্ত ৰনি কুণ্ডুৱে ‘বিশাল ৰায়’ নামৰ এক ভুৱা ফেচবুক প্ৰফাইল প্ৰস্তুত কৰিছিল। ধুবুৰীৰ ডি ডি ৰোডৰ বাসিন্দা আৰু ব্যক্তিগত, পাৰিবাৰিক তথা আৰ্থিক সমস্যাত ভাৰাক্ৰান্ত হৈ থকা ভুক্তভোগী মহিলাগৰাকীৰ…
Read More
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত  চাৰিখন চাৰিচকীয়া ইলেকট্ৰিক বাহন মুকলি কৰা হয়। এই উপলক্ষে কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত পতাকা জোকাৰি বাহন চাৰিখন মুকলি কৰে ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। অনুষ্ঠানত চমু ভাষণত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কয় যে ডিজেল আৰু পেট্ৰলচালিত বাহনে বায়ু আৰু শব্দ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। ইয়াৰ ফলত মানুহ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হবলগীয়া হৈছে।  গতিকে শব্দ আৰু বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ হলে পৰিবৰ্তিত পৰিস্থিতিত ইলেকট্ৰিক বাহনৰ কোনো বিকল্প নাই। এয়া সময়ৰ আহ্বান আৰু আমি…
Read More
নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী

নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী

ভয়ংকৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰা নেপালত যেন জীৱনদায়িনী দূত হৈ পৰিছে এগৰাকী মহিলা পাইলট। নেপালৰ প্ৰথমগৰাকী মহিলা হেলিকপ্টাৰ কেপ্তেইন প্ৰিয়া অধিকাৰীৰ দুঃসাহসিক উদ্ধাৰ অভিযানে এতিয়া বিশ্বজুৰি লাভ কৰিছে চৰ্চা। দুৰ্যোগৰ মাজতেই বিমান উৰুৱাই মাত্ৰ ছয়টা দিনৰ ভিতৰত প্ৰায় ১০০ টা বিপজ্জনক উদ্ধাৰ অভিযান সফলভাৱে সম্পন্ন কৰে সাহসী পাইলটগৰাকীয়ে। ৰাছুৱা জিলাৰ তিমুৰে অঞ্চলকে ধৰি নেপাল-তিব্বত সীমান্তৰ চৰম দুৰ্গম এলেকা সমূহত নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কাৰ্য চলায় প্ৰিয়া অধিকাৰীয়ে। মন কৰিবলগীয়া যে, বান আৰু ভূমিস্খলনত পাহাৰীয়া পথ আৰু দলং উভালি যোৱাত বিচ্ছিন্ন হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে হেলিকপ্টাৰেই আছিল একমাত্ৰ উপায়। হিমালয়ৰ অতি ঠেক উপত্যকা, প্ৰতিকূল বতৰ আৰু নামিবলৈ…
Read More
ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছেদ কংগ্ৰেছৰ; অৱশেষত আনুষ্ঠানিকভাৱে ভংগ বিৰোধী মিত্ৰজোঁট

ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছেদ কংগ্ৰেছৰ; অৱশেষত আনুষ্ঠানিকভাৱে ভংগ বিৰোধী মিত্ৰজোঁট

অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰজোঁট। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঠিক প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ সৈতে মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে দলটোৰ শীৰ্ষ নেতৃত্বৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধ আৰু মতবিৰোধৰ পৰিপ্ৰেক্ষিততে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে ৰাইজৰ দলৰ সৈতে থকা সকলো ৰাজনৈতিক সম্বন্ধ প্ৰত্যাহাৰ তথা কৰ্তন কৰা বুলি এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰে দলে। বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে এক আনুষ্ঠানিক সংবাদ মেল সম্বোধন কৰি এই সিদ্ধান্ত ৰাজহুৱা কৰে। উল্লেখ্য যে, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন…
Read More
বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত

বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত

নিশা কৰ্তব্যৰত অৱস্থাত আৰক্ষীৰ মাজতেই সংঘটিত গুলীচালনাত প্ৰাণ হেৰুৱালে দুজন আৰক্ষী জোৱানে। কামৰূপ জিলাৰ বকোস্থিত গামেৰীমূৰা আৰক্ষী পহৰা চকীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। সহকৰ্মী জোৱানৰ অতৰ্কিত আক্ৰমণত নিহত হোৱা আৰক্ষী জোৱান দুগৰাকীক উক্ত পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰজিৎ বৰা আৰু কনিষ্টবল ফজৰুল আলী বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক অনুসন্ধানৰ অন্তত পোহৰলৈ অহা তথ্য মতে, চিৰঞ্জীৱ চৌধুৰী নামৰ আন এজন আৰক্ষী জোৱানে নিজৰ হাতত থকা এ কে-৪৭ ৰাইফলেৰে নিৰ্বিচাৰ গুলীচালনা কৰে। গুলীৰ আঘাতত থিতাতে নিহত হয় দুয়োগৰাকী আৰক্ষী বিষয়া-জোৱান। সহকৰ্মীৰ ওপৰত কি পৰিস্থিতিত এনেদৰে মাৰণাস্ত্ৰৰে আক্ৰমণ চলোৱা হ’ল, সেই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ সম্পৰ্কে এতিয়াও তদন্ত চলাই আছে উচ্চপদস্থ আৰক্ষী…
Read More
ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰুপ কেপ্তেইন অভিনন্দন বৰ্ধমানৰ; আৰম্ভ কৰিব নতুন ইনিংছ

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰুপ কেপ্তেইন অভিনন্দন বৰ্ধমানৰ; আৰম্ভ কৰিব নতুন ইনিংছ

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে ২০১৯ চনৰ বালাকোট আক্ৰমণৰ পৰৱৰ্তী আকাশী যুদ্ধত পাকিস্তানৰ যুদ্ধবিমান ভূপতিত কৰা গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানে। বায়ুসেনাত প্ৰায় ২২ বছৰীয়া সেৱা আগবঢ়োৱাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে বীৰ চক্ৰ প্ৰাপক পাইলটগৰাকীয়ে। অৱসৰৰ পাছত এটা ব্যক্তিগত বিমান পৰিবহণ সংস্থাত এগৰাকী বাণিজ্যিক পাইলট হিচাপে নতুন কৰ্মজীৱন আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে বৰ্ধমানে। বায়ুসেনাৰ এক বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ২০২১ চনৰ ডিচেম্বৰ মাহত গ্ৰুপ কেপ্টেইন পদলৈ পদোন্নতি লাভ কৰা বিষয়াজনে সামৰিক বাহিনীৰ বাহিৰত নতুন পেচাদাৰী সুযোগ সন্ধান কৰাৰ লক্ষ্যৰেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সাধাৰণতে জ্যেষ্ঠ পদত প্ৰশাসনিক দায়িত্ব বৃদ্ধি পোৱাৰ বিপৰীতে বিমান উৰণৰ সুযোগ হ্ৰাস পোৱাৰ বাবেই…
Read More
ৰহাৰ টোলগে’টত ব্যক্তিগত বাহনৰ মাচুল ৰেহাই; স্থানীয় ৰাইজৰ বাবে টোলপাছৰ ব্যৱস্থা

ৰহাৰ টোলগে’টত ব্যক্তিগত বাহনৰ মাচুল ৰেহাই; স্থানীয় ৰাইজৰ বাবে টোলপাছৰ ব্যৱস্থা

ৰহাৰ টোলগে’টত এতিয়া আৰু স্থানীয় বাসিন্দাই দিব নালাগে টোল কৰ। স্থানীয় ৰাইজৰ ধাৰাবাহিক দাবীৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ আৰ্হিতেই ৰহাৰ ৰণথলী টোলগে’টৰ চৌপাশৰ বাসিন্দাসকলক সকাহ দিয়াৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। জিলা প্ৰশাসনে সদৰি কৰা মতে, এতিয়াৰে পৰা টোলগে’টৰ ৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বসবাস কৰা স্থায়ী লোকসকলৰ ব্যক্তিগত বাহনে সম্পূৰ্ণ কৰ ৰেহাই লাভ কৰিব। নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই জাৰি কৰা আনুষ্ঠানিক জাননী অনুসৰি, এই সুবিধা পাবলৈ বাসিন্দাসকলে বিশেষ টোলপাছ সংগ্ৰহ কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে আৱেদনকাৰীয়ে আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ আৰু বাহনৰ বৈধ পঞ্জীয়ন পত্ৰৰ প্ৰতিলিপি…
Read More
ভাৰত-ৱেষ্ট ইণ্ডিজ গুৱাহাটী এদিনীয়া: ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব টিকট বিক্ৰী

ভাৰত-ৱেষ্ট ইণ্ডিজ গুৱাহাটী এদিনীয়া: ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব টিকট বিক্ৰী

অসম ক্ৰিকেট সন্থা (এচিএ)য়ে বুধবাৰে ঘোষণা কৰে যে ৩০ ছেপ্টেম্বৰত এচিএ ষ্টেডিয়াম, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন এদিনীয়া মেচৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। টিকটসমূহ পুৱা ১১ বজাৰ পৰা কেৱল BookMyShow (BMS)ৰ জৰিয়তেহে উপলব্ধ হ’ব।এচিএয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, “সফল বুকিংৰ পিছত দৰ্শকে এম-টিকট লাভ কৰিব, যিয়ে ষ্টেডিয়ামত সুবিধাজনক আৰু নিৰৱচ্ছিন্ন প্ৰৱেশ প্ৰক্ৰিয়া নিশ্চিত কৰিব।” অসম আৰু ইয়াৰ বাহিৰৰ ক্ৰিকেট অনুৰাগীসকলৰ সৰ্বাধিক অংশগ্ৰহণক উৎসাহিত কৰিবলৈ টিকটৰ মূল্য সুলভ কৰি ৰখা হৈছে বুলি সন্থাটোৱে জানিবলৈ দিছে। ছাত্ৰ-ছাত্ৰীৰ বাবে টিকটৰ মূল্য ৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে অন্যান্য শ্ৰেণীৰ বাবে মূল্য ১,৫০০ টকাৰ পৰা…
Read More