অসম

ডিব্ৰুগড়ৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ ২৩৫ হেক্টৰত ৫৩৪ কোটিৰ বন্যপ্ৰাণী প্ৰকল্প

ডিব্ৰুগড়ৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ ২৩৫ হেক্টৰত ৫৩৪ কোটিৰ বন্যপ্ৰাণী প্ৰকল্প

বন্যপ্ৰাণী সংৰক্ষণ, গৱেষণা, উদ্ধাৰ আৰু পুনৰ সংস্থাপন কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে ৰাজ্যত ইক' টুৰিজিমক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাত প্ৰায় ৫৩৪ কোটি টকা ব্যয়েৰে এটা অত্যাধুনিক বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে অসমে। দেওবাৰে অসমৰ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগ আৰু আন সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত প্ৰস্তাৱিত প্ৰকল্পটোৰ পৰ্যালোচনা কৰে। টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত নামদাঙ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ২৩৫ হেক্টৰ ভূমিত এই সুবিধা গঢ়ি তোলাৰ প্ৰস্তাৱ কৰা হৈছে। প্ৰস্তাৱিত স্থান ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত, যাৰ ফলত পৰ্যটক আৰু…
Read More
১০ অক্টোবৰৰ পৰা হোম-এৱে ফৰ্মেটত ঘূৰি আহিব আই এছ এল, চলিব ২০২৭ৰ মে’লৈকে

১০ অক্টোবৰৰ পৰা হোম-এৱে ফৰ্মেটত ঘূৰি আহিব আই এছ এল, চলিব ২০২৭ৰ মে’লৈকে

নতুন ফুটবল ছিজনৰ কাউণ্টডাউন আৰম্ভ হৈছে, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ১০ অক্টোবৰত আৰম্ভ হ'ব বুলি নিশ্চিত হৈছে। এই উৎসাহৰ মাজতে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ গৰাকী জন আব্ৰাহামে দেশৰ ক্ৰীড়াৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত বুলি বিশ্বাস কৰা কথাটো সৰৱ হৈ পৰিছে, যিটো ছিজনে ভাৰতে ফুটবল চোৱাৰ ধৰণ সলনি কৰিব পাৰে। শনিবাৰে মুম্বাইত ৰিবকৰ সৈতে এন ই ইউ এফ চিৰ নতুন কিটৰ আনুষ্ঠানিক জাৰ্ছি উন্মোচন অনুষ্ঠানত বলীউড অভিনেতাগৰাকীয়ে আই এছ এলে এক নতুন যুগত প্ৰৱেশ কৰিছে বুলি তেওঁৰ বিশ্বাস পুনৰ দৃঢ় কৰে, যিটো যুগ ক্লাবসমূহৰ দ্বাৰা পৰিচালিত। আব্ৰাহামে দৃঢ়ভাৱে বিশ্বাস কৰে যে আগন্তুক ছিজনটো ভাৰতীয় ফুটবলৰ বাবে এক টাৰ্ণিং পইণ্ট…
Read More
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিৰ্মীয়মান ছাদ খহি কৰুণ মৃত্যু ৰোগীৰ আত্মীয়ৰ

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিৰ্মীয়মান ছাদ খহি কৰুণ মৃত্যু ৰোগীৰ আত্মীয়ৰ

মাতৃৰ জীৱন ৰক্ষাৰ আশা লৈ চিকিৎসালয়লৈ আহি নিজেই অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী দুৰ্ভগীয়া যুৱকে। মহানগৰীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্মীয়মান অংশৰ ছাদ ভাঙি মূৰত পৰাৰ ফলত এগৰাকী ৰোগীৰ আত্মীয়ৰ কৰুণ মৃত্যু ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। মৃত যুৱকজনক ধুবুৰী জিলাৰ গোলকগঞ্জৰ মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মাতৃৰ উন্নত চিকিৎসাৰ বাবেই মনোৱাৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ লৈ আহিছিল। চিকিৎসালয় চৌহদত কাম-কাজ চলি থকা অৱস্থাতে নিৰ্মীয়মান ছাদৰ এটা অংশ খহি হঠাৎ মনোৱাৰৰ মূৰৰ ওপৰত পৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ…
Read More
গুৱাহাটীত পুনৰ শিহৰণকাৰী হত্যাকাণ্ড! পত্নীক হত্যা কৰি পাষণ্ড স্বামীয়ে ফ্ৰীজত ভৰাই ৰাখিলে ছিন্নমুণ্ড

গুৱাহাটীত পুনৰ শিহৰণকাৰী হত্যাকাণ্ড! পত্নীক হত্যা কৰি পাষণ্ড স্বামীয়ে ফ্ৰীজত ভৰাই ৰাখিলে ছিন্নমুণ্ড

আন এক লোমহৰ্ষক কাণ্ডই জোকাৰি গ'ল মহানগৰবাসীক। চিনেমাৰ কায়দাত পত্নীক হত্যা কৰি ছিন্নমুণ্ড ক’লা পলিথিনত মেৰিয়াই ফ্ৰীজৰ ভিতৰত ভৰাই থ’লে পাষণ্ড স্বামীয়ে। মহানগৰীৰ বেলতলা অঞ্চলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে দেওবাৰে নিশা দিশপুৰ আৰক্ষী থানাত নিজে উপস্থিত হৈ আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামী ৰামানুজ গোস্বামীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পত্নীহন্তা ৰামানুজে দিয়া ইটোৰ পিছত সিটো বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বেলতলাৰ বশিষ্ঠপুৰ ৪ নং উপ-পথত অৱস্থিত ‘অঞ্জলি গৃহ’ নামৰ বহুমহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটত এই লোমহৰ্ষক ঘটনা সংঘটিত হয়। প্ৰায় ছমাহ ধৰি সেই ভাড়াঘৰটোত বাস কৰি অহা উবেৰ চালক ৰামানুজ গোস্বামীয়ে অতি নিষ্ঠুৰভাৱে পত্নী ৰিয়া তালুকদাৰক…
Read More
মণিপুৰত পুনৰ সশস্ত্ৰ গোটৰ মাজত ভয়ংকৰ গুলীয়াগুলী! আক্ৰমণকাৰীয়ে জ্বলাই দিলে প্ৰাথমিক বিদ্যালয়

মণিপুৰত পুনৰ সশস্ত্ৰ গোটৰ মাজত ভয়ংকৰ গুলীয়াগুলী! আক্ৰমণকাৰীয়ে জ্বলাই দিলে প্ৰাথমিক বিদ্যালয়

আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যখনৰ কাংপোকপী জিলাত শেহতীয়াকৈ সংঘটিত বন্দুক যুদ্ধত কঁপি উঠিছে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চল। দুই সশস্ত্ৰ গোটৰ মাজত প্ৰায় আধা ঘণ্টাজোৰা প্ৰচণ্ড গুলীয়াগুলীৰ পিছতে অঞ্চলটোৰ এখন প্ৰাথমিক বিদ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। সোমবাৰে পুৱা প্ৰায় ৫ বজাত চালৱা থানাৰ অন্তৰ্গত আই টি পথৰ সমীপৱৰ্তী লহুনজাং গাঁৱত এই সংঘৰ্ষৰ সূচনা হয়। আৰক্ষীৰ তথ্য অনুসৰি, গাঁওখনলৈ আক্ৰমণ চলোৱাৰ উদ্দেশ্যে কিছু সশস্ত্ৰ দুৰ্বৃত্ত আগবাঢ়ি অহাৰ লগে লগে অঞ্চলটোত মোতায়েন থকা নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে। প্ৰায় ৪০ গৰাকী বাসিন্দা থকা এই গাঁওখনত মণিপুৰ ৰাইফলছ আৰু আই আৰ বিৰ সুৰক্ষা চকীও আছে। আৰক্ষীৰ তথ্য অনুসৰি, নিৰাপত্তাৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত হোৱা এই গুলীয়াগুলীত কোনো লোক…
Read More
দিল্লীত ছাত্ৰাৱাস খহি পৰি ছয়জন নিহত! ধ্বংসস্তূপৰ মাজত সন্ধানহীন বহু শিক্ষাৰ্থী

দিল্লীত ছাত্ৰাৱাস খহি পৰি ছয়জন নিহত! ধ্বংসস্তূপৰ মাজত সন্ধানহীন বহু শিক্ষাৰ্থী

ভূমিকম্প সদৃশ বিকট শব্দৰে খহি পৰিল এটি পাঁচমহলীয়া আৱাসিক ছাত্ৰাৱাস। ৰাজধানী দিল্লীৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ সত্য নিকেতন অঞ্চলত দেওবাৰে সংঘটিত এই শোকাৱহ ঘটনাত ইতিমধ্যে ছয়জন লোকে প্ৰাণ হেৰুওৱাৰ কথা নিশ্চিত কৰিছে এইমছ কৰ্তৃপক্ষই। ধ্বংসাৱশেষৰ তলত এতিয়াও বহু ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ থকাৰ আশংকা কৰি চলাই থকা হৈছে যুদ্ধকালীন উদ্ধাৰ অভিযান। দেওবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত সংঘটিত এই দুৰ্ঘটনাত ধূলিসাৎ হয় 'হোষ্টেল ডেজ' নামৰ ছাত্ৰাৱাসটো। বন্ধৰ দিন হোৱাৰ বাবে ঘটনাৰ সময়ত নিজ নিজ কোঠাতে আৱদ্ধ আছিল অধিকাংশ শিক্ষাৰ্থী। স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে, ভৱনটো খহি পৰাৰ সময়ত তাৰ ভিতৰত আছিল প্ৰায় দুইৰ পৰা চাৰি ডজন লোক। ধ্বংসস্তূপৰ মাজৰ পৰা ইতিমধ্যে উদ্ধাৰকাৰী দলে ছয়গৰাকী ছাত্ৰক সংকটজনক…
Read More
জন্মদিনৰ এদিন পূৰ্বেই অজান দেশলৈ গুচি গ’ল অনিশা: তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যু যুৱতীগৰাকীৰ

জন্মদিনৰ এদিন পূৰ্বেই অজান দেশলৈ গুচি গ’ল অনিশা: তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যু যুৱতীগৰাকীৰ

জন্মদিনৰ এদিন পূৰ্বেই চিৰদিনৰ বাবে মেলানি মাগিলে অনিশাই। অপূৰ্ণ হৈ ৰ’ল আৰক্ষীৰ খাকী পোছাকযোৰ পিন্ধাৰ হেঁপাহটোও। জন্মদিনৰ আনন্দৰ প্ৰস্তুতি চলি থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাই মৃত্যু নমাই আনে মেধাৱী ছাত্ৰীগৰাকীলৈ। দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় অনিশা কুমাৰী প্ৰজাপতি নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে। ডিকেডি কলেজৰ ইতিহাস বিভাগত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে আৰক্ষী আৰু সেনা বাহিনীত ভৰ্তি হোৱাৰ সপোন পুহি ৰাখিছিল। সেই লক্ষ্যৰেই নিয়মীয়াকৈ চলাই গৈছিল শাৰীৰিক অনুশীলন। জানিব পৰা মতে, প্ৰতিদিনৰ দৰেই দেওবাৰে সন্ধিয়াও পথৰ কাষেৰে দৌৰাৰ অনুশীলন চলাই আছিল অনিশা আৰু বান্ধৱী মুনু ৰৱিদাসে। এনে সময়তে AS-01BP-7134 নম্বৰৰ এখন তীব্ৰবেগী মাৰুতি চিয়াজ বাহনে মহতিয়াই লৈ…
Read More
মাখনা খেতি শিকিবলৈ বিহাৰলৈ যাব অসমৰ কৃষক: পীযুষ হাজৰিকা

মাখনা খেতি শিকিবলৈ বিহাৰলৈ যাব অসমৰ কৃষক: পীযুষ হাজৰিকা

অসমৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে দিমৰীয়াৰ বিধায়ক তপন দাসৰ সৈতে কামৰূপ (মহানগৰ) জিলাৰ টোপাতলীস্থিত মাখনা প্ৰচেছিং ইউনিট অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰে আৰু মাখনাৰ প্ৰচেছিং আৰু মূল্য সংযোজনৰ বিষয়ে প্ৰত্যক্ষভাৱে জানিবলৈ চেষ্টা কৰে। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে দূৰুং অঞ্চলত মাখনা খেতিও প্ৰত্যক্ষ কৰে আৰু স্থানীয় কৃষকসকলৰ সৈতে মত বিনিময় কৰি শস্যৰ সৈতে জড়িত তেওঁলোকৰ অভিজ্ঞতা, সুযোগ আৰু প্ৰত্যাহ্বানসমূহ বুজিবলৈ চেষ্টা কৰে। ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰিকাই কয় যে মাখনা অসমত বিপুল সম্ভাৱনা থকা এক মূল্যৱান আৰু লাভজনক শস্য। তেওঁ কয় যে ৰাজ্যখনত বিল আৰু নিম্ন অঞ্চলকে ধৰি বহু জলাশয় আছে, যিবোৰ মাখনা খেতি সম্প্ৰসাৰণ আৰু কৃষকৰ বাবে…
Read More
কিশোৰ ন্যায় আইনৰ ১০ বছৰ: গুৱাহাটীত বহু-অংশীদাৰ পৰামৰ্শ সভা অনুষ্ঠিত

কিশোৰ ন্যায় আইনৰ ১০ বছৰ: গুৱাহাটীত বহু-অংশীদাৰ পৰামৰ্শ সভা অনুষ্ঠিত

অসমৰ মুখ্য সচিব ৰবি কোটাই শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিশোৰ ন্যায় সমিতিৰ উদ্যোগত ৰাজ্যিক শিশু সুৰক্ষা সমিতি (SCPS), অসম, মহিলা আৰু শিশু উন্নয়ন বিভাগ, অসম চৰকাৰ আৰু ইউনিচেফৰ সহযোগত আয়োজিত “কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ৰ ১০ বছৰ: অগ্ৰগতি, প্ৰত্যাহ্বান, সুযোগ আৰু আগলৈ যোৱাৰ পথৰ ওপৰত চিন্তা” শীৰ্ষক বহু-অংশীদাৰ পৰামৰ্শ সভাত ভাষণ দিয়ে। গুৱাহাটীত অনুষ্ঠিত এই পৰামৰ্শ সভাত কিশোৰ ন্যায় সমিতিৰ অধ্যক্ষ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা; অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ ইউনিচেফ কাৰ্যালয়ৰ মুৰব্বী ড° মধুলিকা জোনাথন; অতিৰিক্ত মুখ্য সচিব মুকেশ চন্দ্ৰ চাহুৰ লগতে ন্যায়িক বিষয়া, জ্যেষ্ঠ চৰকাৰী বিষয়া, CWC আৰু JJBৰ সদস্য, আৰু আইনী সেৱা, শিক্ষা আৰু নাগৰিক…
Read More
এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এলআইচি হাউছিং ফাইনেন্স লিমিটেডক প্ৰায় ১,৩২২ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগত তীব্ৰ আইনী সংকটত সোমাই পৰিছে জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰ। শনিবাৰে উদ্যোগপতিগৰাকীৰ লগতে আন কেইবাজনৰো বিৰুদ্ধে এক গোচৰ ৰুজু কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। ইপিনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণতো (এনচিএলটি) এক মোক্ষম আঘাতৰ সন্মুখীন হয় সুভাষ চন্দ্ৰ। মুঠ ২২,০০৬.৫৭ কোটি টকাৰ দাবীৰ বিপৰীতে মাত্ৰ ৬.২৫ কোটি টকা পৰিশোধ কৰি নিজৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়া নিষ্পত্তি কৰাৰ বাবে তেওঁক পূৰ্বে দিয়া অনুমতি স্থগিত ৰাখে ন্যায়াধিকৰণে। এনচিএলটিৰ মুৰব্বী অনুপিন্দৰ সিং গ্ৰেৱালৰ নেতৃত্বাধীন পাঁচজনীয়া বিশেষ বিচাৰপীঠে স্পষ্ট কৰে যে ঋণ পৰিশোধৰ পৰিকল্পনাত কোনো নিৰ্দিষ্ট সংখ্যাগৰিষ্ঠতা নাই। ইয়াৰ লগতে কোনো ধৰণৰ সম্পত্তি হস্তান্তৰ…
Read More