09
Jun
প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীত সংৰক্ষণৰ ধাৰাবাহিক প্ৰচেষ্টালৈ এক উল্লেখনীয় সফলতা কঢ়িয়াই আনিছে ৰাজ্যখনৰ এক বিশেষ উদ্যোগে। ‘বামন গাহৰি সংৰক্ষণ কাৰ্যসূচী’ৰ অধীনত ১৫ টাকৈ বিৰল প্ৰজাতিৰ বামন গাহৰি এতিয়া মুকলি কৰি দিয়া হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশত। জিলাখনৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত হাতত লোৱা এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে অভিহিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম এক্সত এক পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে এই পদক্ষেপে অসমৰ ঠুনুকা ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু বিলুপ্তপ্ৰায় বামন গাহৰি সুৰক্ষাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিব। বিশ্বৰ আটাইতকৈ সৰু আৰু বিৰল প্ৰজাতিৰ এই বনৰীয়া গাহৰি সুৰক্ষিত কৰাৰ বাবে চৰকাৰে লোৱা স্থায়িত্বমূলক ব্যৱস্থাক প্ৰশংসা…
