অসম

আৰবিএছকে ২.০ৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে

আৰবিএছকে ২.০ৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে

শিশুৰ সুস্বাস্থ্য, সৰ্বাংগীণ বিকাশ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (RBSK) ২.০ৰ জৰিয়তে শিশু স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই কাৰ্যসূচীৰ নিৰ্দেশনাৱলী উন্মোচন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। আৰবিএছকে ২.০ৰ অধীনত জন্মগত বিসংগতি, অপুষ্টি, বিভিন্ন ৰোগ আৰু বিকাশজনিত পলমৰ আগতীয়া চিনাক্তকৰণৰ লগতে শিশুৰ মানসিক স্বাস্থ্য, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু অন্যান্য উদীয়মান স্বাস্থ্যজনিত সমস্যাসমূহৰ প্ৰতিও গুৰুত্ব দিয়া হ’ব। এনে সমস্যাসমূহ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰিব পাৰিলে উপযুক্ত চিকিৎসা প্ৰদান…
Read More
সোণৰ মহঙা দিনত গ্ৰাহকে প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই

সোণৰ মহঙা দিনত গ্ৰাহকে প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই

পবিত্ৰ ধনতেৰাছ আৰু দীপাৱলীলৈ মাজত মাথো কেইদিনমান বাকী । এই সময়ছোৱাত গ্ৰাহকে সোণ , ৰূপ ক্ৰয়ত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত আপুনি প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব। এই ৰেহাই লাভ কৰিব টনিষ্কশ্ব' ৰূমত। কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ বাবে টাটা গোষ্ঠীৰ আগশাৰীৰ অলংকাৰ ব্ৰেণ্ড টনিষ্কে এক বিশেষ উৎসৱকালীন অফাৰ ঘোষণা কৰিছে । ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অফাৰৰ অধীনত গ্ৰাহকসকলে সোণৰ অলংকাৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব । ইয়াৰ উপৰি, ১৮ কেৰেটতকৈ অধিক বিশুদ্ধতাৰ পুৰণি সোণৰ অলংকাৰ বিনিময় কৰিলে…
Read More
ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতি আৰু কুমাৰপাৰা নয়নতৰা ক্লাবক প্ৰতাৰণা

ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতি আৰু কুমাৰপাৰা নয়নতৰা ক্লাবক প্ৰতাৰণা

পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী । ষষ্ঠীলৈ মাজত মাথো তিনি দিন ।  বিমোৰত গুৱাহাটীৰ দুখনকৈ পূজা কমিটি।  মহানগৰীৰৰ  ছাত্ৰীবাৰী দেৱপূজাস্হানসমিতি আৰু কুমাৰপাৰাৰ  নয়নতৰা ক্লাৱৰ ধন লৈ পলায়ন কলকাতাৰ সুদীপ্ত পালৰ ।  অসমীয়া ঐতিহ্যৰ আৰু অসমৰ জনগোষ্ঠী সমূহক লৈ আটাইকেইটা জনগোষ্ঠীক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে এইবাৰৰ পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ছাত্ৰীবাৰী দেৱপূজাস্হানসমিতিয়ে ।   এই মণ্ডপ নিৰ্মাণৰ বাবে পালৰ লগত ৮ লাখ টকাৰ এগ্ৰিমেণ্ট কৰা হৈছিল ।তেও সকলো কাম  সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু  মাত্ৰ ৪০%   পেণ্ডেলৰ কাম কৰি ৫লাখ ৩৫ হাজাৰ টকা লৈ পলাই যায় । ঘটনা সন্দৰ্ভতভৰলু থানাত এজাহৰ দাখিল কৰিছে পূজা কমিটিয়ে ৷
Read More
চি জে পিৰ নেতা আশুতোষ ৰাংকা-সৌৰভ দাসক পুনৰ আটক

চি জে পিৰ নেতা আশুতোষ ৰাংকা-সৌৰভ দাসক পুনৰ আটক

​দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱাৰ সময়তে চি জে পি(CJP)ৰ মুখ্য মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাক দিল্লী আৰক্ষীয়ে আটক কৰিছে। শেহতীয়াভাৱে যন্তৰ-মন্তৰক প্ৰতিবাদীস্থল হিচাপে থকা স্বীকৃতি বাতিল কৰাৰ পিছতো তেওঁলোকৰ এই প্ৰতিবাদ চৰ্চালৈ আহিছে। ভিডিঅ’ত দেখা গৈছে যে চি.জে.পি. নেতা ৰাংকা আৰু দাসে কেইজনমান সমৰ্থকৰ সৈতে ৰাষ্ট্ৰীয় পতাকা হাতত লৈ যন্তৰ-মন্তৰৰ বন্ধ গেট জপিয়াই ভিতৰত প্ৰৱেশ কৰিছিল। তাত তেওঁলোকে "ভাৰত মাতা কী জয়" আৰু "ইনকিলাৱ জিন্দাবাদ" ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে। পিচত উপস্থিত আৰক্ষীয়ে তেওঁলোকক খেদি গৈ আটক কৰে। চাৰি দিনৰ ভিতৰত এয়া হৈছে তেওঁলোকৰ দ্বিতীয়বাৰৰ বাবে আটকাধীন হোৱাৰ ঘটনা। ইয়াৰ পূৰ্বে শনিবাৰে দিল্লী বিমান বন্দৰত অৱতৰণ…
Read More
চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত এক লাখৰো অধিক মহিলাৰ পঞ্জীয়ন

চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত এক লাখৰো অধিক মহিলাৰ পঞ্জীয়ন

মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগটোৰ প্ৰথমখন ত্ৰৈমাসিক নিউজলেটাৰ আৰু সামাজিক আচৰণ পৰিৱৰ্তন সম্পৰ্কীয় কৌশলপত্ৰ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ বাবে বিভাগৰ লগতে এই কামত সহযোগ কৰা আই পি ই গ্লোবেলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। লগতে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, বেটী বচাও বেটী পঢ়াও আৰু পোষণ অভিযানৰ দৰে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে মহিলা আৰু শিশুৰ কল্যাণৰ হকে বিভাগটোৱে আগবঢ়োৱা অৱদানৰ শলাগ লয়। তেওঁ অংগনৱাড়ী কৰ্মীসকলকে ধৰি বিভাগটোৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সমাজৰ সৈতে সংযোগ স্থাপন আৰু সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত থকা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে। উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ…
Read More
দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী

দিল্লীৰ প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি; মেট্ৰ’ আৰু ইণ্টাৰনেট স্বাভাৱিক ৰখাৰ নিৰ্দেশ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক আটক নকৰিবলৈ সতৰ্কবাণী

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানীত মেট্ৰ’ ষ্টেচন বন্ধ আৰু বিৰোধী নেতাসকলক আটক কৰা কাৰ্যক লৈ দেওবাৰে বিশেষ শুনানি অনুষ্ঠিত কৰে উচ্চতম ন্যায়ালয়ে। দেওবাৰৰ বন্ধৰ দিনটোতে অনুষ্ঠিত এই জৰুৰী শুনানিত প্ৰশাসনৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক বেআইনীভাৱে আটক নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে। একেদৰে দিল্লীত মেট্ৰ’ আৰু ৰে’ল সেৱা পূৰ্বৰ দৰে স্বাভাৱিক কৰি তোলাৰ লগতে ইণ্টাৰনেট সেৱাত কোনো বাধা আৰোপ নকৰিবলৈ প্ৰশাসনক স্পষ্ট নিৰ্দেশ দিয়ে ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে। উল্লেখ্য যে, শনিবাৰে যন্তৰ মন্তৰত বিৰোধী ঐক্যমঞ্চ আৰু চিজেপিয়ে আহ্বান জনোৱা প্ৰতিবাদ প্ৰতিহত কৰিবলৈ দিল্লীত একাধিক মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়াৰ…
Read More
হায়দৰাবাদৰ ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব আঠগাঁও পূজাৰ মণ্ডপ

হায়দৰাবাদৰ ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব আঠগাঁও পূজাৰ মণ্ডপ

হায়দৰাবাদৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব পূজাৰ মণ্ডপ, প্ৰতি ৪৫ মিনিটৰ মূৰে মূৰে কৰা হ’ব গংগা আৰতি ব্যতিক্ৰমী বিষয়বস্তু, নান্দনিক শিল্পকলাৰ উপস্থাপন আৰু সমাজৰ প্ৰতি ইতিবাচক বাৰ্তাৰ বাবে বিশেষ পৰিচিত আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজা সমিতিয়ে এইবাৰো ভক্ত-দৰ্শনাৰ্থীসকলৰ বাবে এক আকৰ্ষণীয় আৰু বৰ্ণাঢ্য দুৰ্গাপূজাৰ আয়োজন কৰিছে। ১৯৮৩ চনত প্ৰতিষ্ঠা হোৱা এই পূজা সমিতিয়ে ধৰ্মীয় ভক্তি, সাংস্কৃতিক ঐতিহ্য আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ সমন্বয়েৰে প্ৰতি বছৰে নিজৰ সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰি আহিছে।এইবাৰৰ দুৰ্গাপূজাৰ মূল বিষয়বস্তু হিচাপে সমিতিয়ে বাছি লৈছে হায়দৰাবাদৰ বিখ্যাত শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া ‘স্বৰ্ণগিৰি’। সংবাদমেলত সমিতিৰ সভাপতি প্ৰমোদ হৰলালকা (লালা)ই জনোৱা মতে, এই বিষয়বস্তুৰ জৰিয়তে মন্দিৰটোৰ ঐশ্বৰিক…
Read More
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ স্নাতক ডিজাইন প্ৰদৰ্শনীত মুখ্য অতিথি হিচাপে উপস্থিত অঞ্জু মোডী

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ স্নাতক ডিজাইন প্ৰদৰ্শনীত মুখ্য অতিথি হিচাপে উপস্থিত অঞ্জু মোডী

অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ (RGU) ৰয়েল স্কুল অৱ ফেশ্বন ডিজাইন এণ্ড টেকন'লজীয়ে (RSFT) শুকুৰবাৰে বিশ্ববিদ্যালয় চৌহদৰ ৰয়েল গাৰ্ডেনত ‘Synthesis 2026 - স্নাতক ডিজাইন প্ৰদৰ্শনী’ৰ জৰিয়তে স্নাতক ডিজাইনাৰসকলৰ সৃজনশীলতা আৰু প্ৰতিভাক উদযাপন কৰে। এই প্ৰদৰ্শনীয়ে ফেশ্বন, শিল্পকলা, সাংস্কৃতিক আখ্যান, বহনক্ষমতা আৰু সমসাময়িক ডিজাইনক একত্ৰিত কৰিছিল, যাৰ জৰিয়তে স্নাতক শিক্ষাৰ্থীসকলক ফেশ্বন পেছাদাৰী, ডিজাইনাৰ, সৃজনশীল অনুশীলনকাৰী, শিক্ষাবিদ আৰু ফেশ্বন অনুৰাগীৰে গঠিত দৰ্শকৰ সন্মুখত তেওঁলোকৰ মৌলিক সংগ্ৰহসমূহ উপস্থাপন কৰাৰ বাবে এক পেছাদাৰী মঞ্চ প্ৰদান কৰা হৈছিল। অনুষ্ঠানটোত দেশৰ খ্যাতনামা ফেশ্বন আৰু পোছাক ডিজাইনাৰ অঞ্জু মোডীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁৰ বিখ্যাত কৰ্মৰাজি তেওঁৰ নিজা ফেশ্বন লেবেলৰ পৰা আৰম্ভ কৰি বাজীৰাও মস্তানী আৰু হীৰামাণ্ডীৰ…
Read More
দিল্লীত আৰক্ষীৰ জিম্মাত থকাৰ মাজতে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ পৰলোকপ্ৰাপ্তি; গৃহ চহৰত আৰক্ষীৰ ব্যাপক নিৰাপত্তা

দিল্লীত আৰক্ষীৰ জিম্মাত থকাৰ মাজতে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ পৰলোকপ্ৰাপ্তি; গৃহ চহৰত আৰক্ষীৰ ব্যাপক নিৰাপত্তা

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আৰক্ষীৰ জিম্মাত থকাৰ সময়তে এক ব্যক্তিগত শোকৰ সন্মুখীন হ'ল ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ হিংগোলী জিলাৰ সন্তুক পিম্পৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে দীপকেৰ আইতাক সাবিত্ৰীবাই দীপকেয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল সাবিত্ৰীবাই দীপকে। বিশেষভাৱে মন কৰিবলগীয়া যে দিল্লী বিমানবন্দৰত অৱতৰণ কৰা বিমানখনৰ ভিতৰৰ পৰাই দীপকেক আৰক্ষীয়ে আটক কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতেই এই বিয়োগৰ খবৰ আহে। মুম্বাইৰ পৰা সতীৰ্থ সৌৰভ দাস আৰু আশুতোষ ৰাংকাক লগত লৈ যন্তৰ মন্তৰৰ…
Read More
হোটেল মালিকৰ সতৰ্কতাত গোৱালপাৰাত অবৈধ বাংলাদেশী দল আটক

হোটেল মালিকৰ সতৰ্কতাত গোৱালপাৰাত অবৈধ বাংলাদেশী দল আটক

শুকুৰবাৰে নিশা অসমৰ গোৱালপাৰা চহৰত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহত দুটা শিশুকে ধৰি ১২ জন বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰে। প্ৰতিবেদন অনুসৰি, গোৱালপাৰাত উদ্ধাৰ হোৱাৰ তিনিদিন পূৰ্বে দলটোৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰিছিল বুলি অভিযোগ উঠিছে। তেওঁলোকে এখন হোটেলত থাকিবলৈ বিচাৰি যোৱাৰ সময়ত বিষয়টো পোহৰলৈ আহে। তেওঁলোকৰ কথোপকথন শুনি হোটেলৰ মালিকৰ সন্দেহ উপজে আৰু আৰক্ষীক খবৰ দিয়ে। এই খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দলটোক সোধা-পোছাৰ বাবে গোৱালপাৰা টাউন থানালৈ লৈ যায়। জেৰাৰ সময়ত ব্যক্তিসকলে বাংলাদেশৰ পৰা অহা বুলি আৰু ছিলেট অঞ্চলৰ মাজেৰে অসমত প্ৰৱেশ কৰি গোৱালপাৰালৈ অহা বুলি কোৱা বুলি অভিযোগ উঠিছে। ইয়াৰ পিছত আৰক্ষীয়ে দলটোক দেশত অবৈধভাৱে প্ৰৱেশ কৰাৰ…
Read More