Blog

মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় সিদ্ধান্তক লৈ কমিছনৰ ভিতৰচৰাত নজিৰবিহীন সংঘাত; কেবিনেট সচিবৰ কাষ চাপিল দুই নিৰ্বাচনী আয়ুক্ত

মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় সিদ্ধান্তক লৈ কমিছনৰ ভিতৰচৰাত নজিৰবিহীন সংঘাত; কেবিনেট সচিবৰ কাষ চাপিল দুই নিৰ্বাচনী আয়ুক্ত

দেশৰ সৰ্বোচ্চ গণতান্ত্ৰিক অনুষ্ঠান নিৰ্বাচন আয়োগৰ ভিতৰচৰাতেই এইবাৰ মুকলিকৈ পোহৰলৈ আহিল এক অভূতপূৰ্ব অন্তৰ্দ্বন্দ্ব আৰু মতানৈক্যৰ ছবি। মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় কাৰ্যকলাপ আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ স্বয়ং আন দুজন নিৰ্বাচনী আয়ুক্ত পোনপটীয়াকৈ কেবিনেট সচিবৰ দ্বাৰস্থ হোৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুজন নিৰ্বাচনী আয়ুক্ত ড০ সুখবীৰ সিং সান্ধু তথা ড০ বিবেক যোশীৰ মাজত বিগত ১০ মাহত কমেও ১৪ বাৰকৈ গভীৰ মতানৈক্যৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে যে মুখ্য নিৰ্বাচনী আয়ুক্তই কি সিদ্ধান্ত গ্ৰহণ কৰে, সেই বিষয়ে আন দুজন নিৰ্বাচনী আয়ুক্তই সমলেই গম নাপায়। বিশেষকৈ এছআইআৰ সম্পৰ্কীয় সিদ্ধান্ত আৰু…
Read More
মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কামৰূপত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিজ-গন্ধমৌত লালচান্দ আলী নামৰ এজন লোকৰ ঘৰত শুৱালকুছি আৰক্ষীৰ অভিযান। এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।এই অভিযানত লালচান্দ আলীৰ ঘৰৰ পৰা উদ্ধাৰ ১০জন লোক।লোককেইজনক অসমৰ বিভিন্ন প্রান্তৰ পৰা আনি আৱদ্ধ কৰি ৰাখিছিল।এজেণ্টৰ জৰিয়তে লালচান্দ আলীয়ে আনিছিল লোককেইজনক।
Read More
৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুলভ কৰি তুলিবলৈ তামিলনাডু চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।অহা ২ অক্টোবৰৰ পৰা সমগ্ৰ তামিলনাডুত মহিলা আৰু লিংগপ্ৰাৰ্থী (ট্রান্সজেণ্ডাৰ) সকলৰ বাবে এক বিশেষ বিনামূলীয়া বাছ যাত্ৰাৰ সম্প্ৰসাৰিত প্ৰকল্প আৰম্ভ হ’বলৈ গৈ আছে, যাৰ নাম দিয়া হৈছে ‘ভেট্ৰি পয়ণম’ (Vettri Payanam)। প্ৰতি বছৰে ২ অক্টোবৰত সমগ্ৰ দেশজুৰি পালন কৰা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। এই বিশেষ দিনটোত তামিলনাডু চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ বাবে এক ডাঙৰ উপহাৰ ঘোষণা কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়ৰ নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল, সুলভ আৰু সুৰক্ষিত কৰি তোলাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক…
Read More
অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক

অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক

ভাৰত-বাংলাদেশ সীমান্তৰে অসমত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ২২ টা বাংলাদেশীক মঙলবাৰে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ অসম আৰক্ষীয়ে লগতে মানকাচৰৰ পৰা ৬ টা অনুপ্ৰৱেশকাৰী আটক কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা নিশ্চিত কৰিছে ৷সামাজিক মাধ্যম এক্সত মঙলবাৰে নিশা কৰা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসম আৰক্ষীয়ে ২২টা অনুপ্ৰৱেশকাৰীক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিয়াৰ বিপৰীতে অবৈধভাৱে প্ৰৱেশ কৰা আন ছটা অবৈধ অনুপ্ৰৱেশকাৰী আটক কৰিছে ।"
Read More
চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন

চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন

উজনি অসমৰ ভয়াৱহ বানাক্ৰান্ত ৰাইজক উচিত ক্ষতিপূৰণ আৰু সাহাৰ্য প্ৰদানৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদী স্থলীত ৰাইজৰ দলৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিটা মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ প্ৰাপ্য সাহায্য নিদিয়াৰ অভিযোগ তুলি শ শ বানপীড়িত ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। লগতে এই গণ বিক্ষোভ কাৰ্যসূচীত কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ লগতে চিজেপিৰ তিনিগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে।নিজৰ ঘৰ-বাৰী, খেতি-বাতি ধ্বংস হোৱাৰ পিছতো চৰকাৰৰ কৃপাদৃষ্টি নোপোৱাত হাহাকাৰ কৰা এইসকল লোকে প্ৰতিবাদ স্থলীত উপস্থিত হৈ চৰকাৰ বিৰোধী উত্তাল শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে।
Read More
চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত আক্ৰমণ: গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰৰ বাহন লণ্ডভণ্ড

চামগুৰিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত আক্ৰমণ: গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰৰ বাহন লণ্ডভণ্ড

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (APCC) সোমবাৰে দাবী কৰে যে আগন্তুক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বৰমা-কাৱৈমাৰী অঞ্চলত অনুষ্ঠিত এক ৰোডশ্ব’ৰ সময়ত দলৰ জ্যেষ্ঠ নেতাসকলক কঢ়িয়াই নিয়া এটা কংগ্ৰেছৰ কনভয়ত আক্ৰমণ চলোৱা হয়। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰসকলে সাংসদ ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, নগাঁও লোকসভা উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা আৰু কেইবাজনো বিধায়কক কঢ়িয়াই নিয়া কনভয়টোত দুষ্কৃতিকাৰীয়ে চলোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। ঘটনাটোৰ বিৱৰণ দি এপাচিচিৰ সংবাদ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই অভিযোগ কৰে যে চামগুৰিৰ পৰা লৰিমুখলৈ যোৱাৰ সময়ত "বিজেপিয়ে ভাড়া কৰা" গুণ্ডাই কংগ্ৰেছৰ…
Read More
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ১০ মাহ পাছতো ফিক্সড পে’ৰ পৰা বঞ্চিত হৈ আছে শতাধিক অস্থায়ী বন শ্ৰমিক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ১০ মাহ পাছতো ফিক্সড পে’ৰ পৰা বঞ্চিত হৈ আছে শতাধিক অস্থায়ী বন শ্ৰমিক

অসম চৰকাৰৰ বন বিভাগত  প্ৰয়োজনীয় বনকৰ্মীৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান  , বন্যপ্ৰাণী অভয়াৰণ্য , সংৰক্ষিত বনাঞ্চল , ব্যঘ্ৰ প্ৰকল্প সমুহত  বন্যপ্ৰাণী , জীৱ জন্তু , গছ - গছনি আদি চোৰাং চিকাৰী , দুস্কৃতিকাৰীৰ  কবলৰ পৰা ৰক্ষা কৰা , চোৱা চিতা বা  পৰিচৰ্যা কৰা , তহল দিয়া আদি কাৰ্যৰ বাবে বনকর্মীৰ অভাৱ হোৱা বুলি বিভাগটোৰ  শীৰ্ষ বিষয়াই সময়ে সময়ে সদৰি কৰি আহিছে। সেই সময়ত বন বিভাগত তৃণমূল পৰ্যায়ৰ বনকৰ্মী হিচাপে পৰিচিত কেবা শতাধিক কেজুৱেল বন শ্ৰমিকে  বছৰ বছৰ ধৰি এই পৰ্যন্ত নিৰ্ধাৰিত হাৰত বেতন লাভ কৰা বা ফিক্সড পে' হাৰত দৰমহা লাভৰ পৰা দুখলগাকৈ বঞ্চিত হৈ আহিছে । এই সন্দৰ্ভত সদৌ…
Read More
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ ক্ষিপ্ৰ ক্লেইম নিষ্পত্তিয়ে বীমা পৰিশোধত সূচনা কৰিছে নতুন অধ্যায়ৰ

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ ক্ষিপ্ৰ ক্লেইম নিষ্পত্তিয়ে বীমা পৰিশোধত সূচনা কৰিছে নতুন অধ্যায়ৰ

২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত পলিচীধাৰী আৰু পৰিয়ালসমূহে এক গুৰুত্বপূৰ্ণ বিত্তীয় সাহায্য লাভ কৰে, য’ত আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ৯৯.৩১% ক্লেইম নিষ্পত্তিৰ অনুপাত অৰ্জনৰ কথা প্ৰকাশ কৰিছে। ফৰ্ম এল-৩৯ আৰু এল-৪০ৰ জৰিয়তে কৰা ৰাজহুৱা বিবৃতিৰ ওপৰত ভিত্তি কৰি কোম্পানীটোৱে জনাইছে যে এই ত্ৰৈমাসিকত ভাৰতৰ অগ্ৰণী জীৱন বীমা কোম্পানীসমূহৰ ভিতৰত এয়া আছিল সৰ্বাধিক। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৪১৪.০৮ কোটি টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম নিষ্পত্তি কৰিছে। প্ৰতিটো ক্লেইমৰ গড় মূল্য আছিল প্ৰায় ১৫ লাখ টকা, যি এই সময়ছোৱাত অগ্ৰণী জীৱন বীমা কোম্পানীসমূহৰ ভিতৰত সৰ্বাধিক বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে। তদন্ত-অনুসন্ধান নকৰা ক্লেইমসমূহৰ ক্ষেত্ৰত, অন্তিমখন নথি লাভ কৰাৰ দিনটোৰ পৰা…
Read More
ব্যস্ত ৰাজপথৰ পৰা একে-৪৭ দেখুৱাই মন্ত্ৰীক অপহৰণ! দুৰ্বৃত্তৰ গুলীচালনাত আহত আন এজন মন্ত্ৰী

ব্যস্ত ৰাজপথৰ পৰা একে-৪৭ দেখুৱাই মন্ত্ৰীক অপহৰণ! দুৰ্বৃত্তৰ গুলীচালনাত আহত আন এজন মন্ত্ৰী

ব্যস্ত ৰাজপথৰ পৰা দিন দুপৰতে অপহৰণ কৰা হ'ল এগৰাকী মন্ত্ৰীক! ক’লা বস্ত্ৰ আৰু মুখত মাস্ক পৰিধান কৰি অহা একাংশ দুষ্কৃতিকাৰীয়ে মন্ত্ৰীৰ কনভয়ৰ নিৰাপত্তাৰ বেহু ফালি অপহৰণ কৰি লৈ যায় খাইবাৰ-পাখতুনখোৱাৰ প্ৰাদেশিক মন্ত্ৰী ফজল শুকুৰ খানক। ইয়াৰ ঠিক সমান্তৰালকৈ মালাকাণ্ড অঞ্চলত দলটোৰে আন এজন প্ৰাদেশিক মন্ত্ৰী শাকিল আহমেদৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই চলায় উপৰ্যুপৰি গুলীচালনা। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ চমুকৈ পিটিআইয়ে তেওঁলোকৰ মুৰব্বীৰ কাৰাগাৰৰ পৰা মুক্তিৰ দাবীত অহা ২৭ ছেপ্টেম্বৰত ইছলামাবাদত এক বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে সংঘটিত হৈছে এই দুটাকৈ ভয়ংকৰ কাণ্ড। পিটিআইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পেশোৱাৰ মটৰৱে’ৰ টোল প্লাজাৰ সমীপতে অটোমেটিক…
Read More
আনক নিজৰ চিমকাৰ্ড ব্যৱহাৰ কৰিবলৈ দিলেই হ’ব পাৰে কাৰাবাস; টেলিকম বিভাগৰ নতুন নিৰ্দেশনা জাৰি

আনক নিজৰ চিমকাৰ্ড ব্যৱহাৰ কৰিবলৈ দিলেই হ’ব পাৰে কাৰাবাস; টেলিকম বিভাগৰ নতুন নিৰ্দেশনা জাৰি

সাৱধান হওক। যদি আপোনাৰ নামত থকা মোবাইল চিমকাৰ্ড আনে ব্যৱহাৰ কৰি আছে, তেন্তে ভৰিবলগীয়া হ’ব পাৰে ৫০ লাখ টকাৰ জৰিমনা আৰু খাটিবলগীয়া হ’ব পাৰে তিনি বছৰৰ কাৰাদণ্ড। শেহতীয়াকৈ টেলিকম বিভাগে জাৰি কৰা এক কঠোৰ নিৰ্দেশনাত চিমকাৰ্ডৰ অনিয়ম আৰু অপব্যৱহাৰক লৈ সমগ্ৰ দেশৰ নাগৰিকক এনেদৰে সতৰ্ক কৰি দিয়া হৈছে। নিজৰ পৰিচয়পত্ৰৰে সংগ্ৰহ কৰা চিমকাৰ্ডৰ জৰিয়তে যদি কোনো ব্যক্তিয়ে চাইবাৰ প্ৰৱঞ্চনা বা অসামাজিক কাৰ্যকলাপ সংঘটিত কৰে, তেন্তে প্ৰকৃত নথিপত্ৰ থকা মূল গৰাকীৰ বিৰুদ্ধেও আৰক্ষীয়ে সমানে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। ভুৱা পৰিচয়ৰে চিম ক্ৰয়-বিক্ৰয় কৰা অথবা মোবাইলৰ আইএমইআই নম্বৰ সলনি কৰাৰ অপৰাধত তিনি বছৰলৈকে কাৰাদণ্ড আৰু ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ কঠোৰ…
Read More