22
Sep
তিস্তাৰ উত্তাল জলৰাশিত নিশ্চিত মৃত্যুৰ মুখত পৰা মাত্ৰ তিনি-চাৰিদিনীয়া এটা কণমানি হাতীৰ পোৱালিক নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কৰিলে কেইবাগৰাকীও মানৱদৰদী মাছমৰীয়াই। নদী পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে পানীৰ তীব্ৰ সোঁতত মাতৃৰ পৰা বিচ্ছিন্ন হৈ উটি গৈছিল পোৱালিটো। নদীৰ জলপ্ৰকল্পৰ বান্ধ পাৰ হৈ মৃত্যুৰ দিশে গতি কৰা অৱস্থাতে স্থানীয় লোকৰ চকুত পৰে দৃশ্যটো। ঠিক সেই সময়তে নিজৰ জীৱন বিপন্ন কৰি নদীত নাও লৈ নামি পৰে স্থানীয় মাছমৰীয়াৰ এটা দল। প্ৰায় চাৰি কিলোমিটাৰ নদীৰ সোঁতত খেদি গৈ অৱশেষত পোৱালিটোক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় তেওঁলোকে। ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে পুৱা প্ৰায় আঠ বজাত গজলডোবা অঞ্চলৰ তিস্তা নৈত পোৱালিটো উটি যোৱা প্ৰত্যক্ষ…
