24
Sep
চলন্ত বাহনৰ ভিতৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে ৯ জনকৈ যাত্ৰীয়ে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাস্থিত যমুনা এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা সংঘটিত এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হয় আন কেইবাজনো যাত্ৰী। নয়ডাৰ পৰা মাহোবা অভিমুখে গৈ থকা অৱস্থাত ৩৫ গৰাকী আৰোহীসহ যাত্ৰীবাহী ডাবল ডেকাৰ শ্লিপাৰ বাছখনত হঠাৎ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। সেই সময়ত বাছখনৰ প্ৰায়সংখ্যক যাত্ৰীয়েই গভীৰ নিদ্ৰাত নিমগ্ন আছিল। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাথমিক তদন্ত অনুসৰি, শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থাত বিস্ফোৰণ ঘটি ইঞ্জিনৰ লুব্ৰিকেটিং তেলত জুই লগাৰ ফলতেই সমগ্ৰ বাহনখনলৈ এই জুই ক্ষিপ্ৰতাৰে বিয়পি পৰে। শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ প্ৰবল সম্ভাৱনা ব্যক্ত কৰিছে অনুসন্ধানকাৰী দলে। ক'লা ধোঁৱাৰে বাছখনৰ ভিতৰচৰা…
