দ্বৈত বিনিয়োগ পদ্ধতিৰে টাটা এআইএ-ৰ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স ফাণ্ড মুকলি

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে টাটা এআইএ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে, যি হৈছে এক ইউনিট-সংযোজিত বিনিয়োগ বিকল্প। ই জীৱন বীমা সুৰক্ষাৰ লগতে বৈচিত্ৰ্যপূৰ্ণ ইকুইটি এক্সপ’জাৰ প্ৰদান কৰিবলৈ মমেণ্টাম আৰু ভেল্যু বিনিয়োগ পদ্ধতিৰ সংমিশ্ৰণ ঘটায়। এই ফাণ্ডে মমেণ্টাম আৰু ভেল্য়ুৰ বৈশিষ্ট্য-প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বিএছই ৫০০ ইউনিভাৰ্ছৰ পৰা কোম্পানীসমূহ বাছনি কৰিব, যিবোৰ আইআৰডিএআইৰ প্ৰয়োজনীয়তা পূৰণ কৰাকৈ বিশেষ ধৰণে কাষ্টমাইজ কৰা হৈছে আৰু ইয়াক বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স(কাষ্টমাইজড)ৰ সৈতে মানসম্পন্ন কৰি তোলা হ’ব।

মমেণ্টাম পদ্ধতিয়ে তুলনামূলকভাৱে শক্তিশালী বজাৰ প্ৰদৰ্শন দেখুওৱা কোম্পানীসমূহৰ ওপৰত গুৰুত্ব দিয়ে, আনহাতে ভেল্যু ৰণকৌশলে এনে কোম্পানীসমূহক চিনাক্ত কৰে যিবোৰে মৌলিক দিশসমূহৰ তুলনাত আকৰ্ষণীয় মূল্যায়ন আগবঢ়াব পাৰে। এই ফাণ্ডৰ নিউ ফাণ্ড অফাৰ ২৩ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ মুকলি থাকিব, যি প্ৰতিটো ইউনিট ১০ টকাৰ এনএভিত জাৰি কৰা হ’ব। এই পুঁজিয়ে ৮০-১০০ শতাংশ ইকুইটি আৰু ইকুইটি সম্পৰ্কীয় সঁজুলিত আৱণ্টন কৰিব, আনহাতে ২০ শতাংশ পৰ্যন্ত নগদ ধন, মুদ্ৰা বজাৰৰ সঁজুলি আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে।

গুৱাহাটী মহানগৰীত দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ বাবে বিনিয়োগকাৰীসকলে বৈচিত্ৰ্যপূৰ্ণ পথ বিচৰাৰ ফলত বজাৰ-সংলগ্ন বিত্তীয় সামগ্ৰীসমূহৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহৰ মাজতে এই ফাণ্ড মুকলি কৰা হৈছে। বিনিয়োগৰ সুযোগ আৰু জীৱন বীমা সুৰক্ষাৰ এই সংমিশ্ৰণে এই অঞ্চলৰ গ্ৰাহকসকলক আকৰ্ষিত কৰিব পাৰে, যিসকলে বিনিয়োগ আৰু সুৰক্ষাৰ উদ্দেশ্য একত্ৰিত কৰা বিত্তীয় সামগ্ৰীৰ সন্ধান কৰি আছে। টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিনিয়োগ বিষয়া হৰ্ষদ পাটিলে এই বিষয়ে কয় যে, এই পুঁজিয়ে গ্ৰাহকৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ এক প্ৰণালীবদ্ধ আৰু স্বচ্ছ গাঁথনিৰ জৰিয়তে মমেণ্টাম আৰু ভেল্যুৰ বৈশিষ্ট্যসমূহক একত্ৰিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *