ইউৰোপীয় চহৰসমূহত সুলভ বৈদ্যুতিক বাহনৰ সম্প্ৰসাৰণৰ বাবে নিছানে উন্মোচন কৰিলে পিক্সো

নিছানে মঙলবাৰে উন্মোচন কৰিলে সম্পূৰ্ণ নতুন পিক্সো বাহন। এইখন বাহন বিশেষকৈ ইউৰোপৰ চহৰাঞ্চলত চলোৱাৰ বাবে বিকশিত কৰা এখন সংপৃক্ত বৈদ্যুতিক চিটী কাৰ, যাৰ জৰিয়তে শেহতীয়াকৈ মুকলি কৰা লিফ আৰু মাইক্ৰা-ৰ সৈতে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানটোৰ ক্ৰমবৰ্ধমান বৈদ্যুতিক বাহন বিকল্পৰ অধিক সম্প্ৰসাৰণ ঘটিল। এ-চেগমেণ্টৰ পিক্সো বাহনখনত এটা ২৭.৫ কিলোৱাট ঘণ্টা লিথিয়াম আইৰণ ফচফেট বেটাৰী প্ৰদান কৰা হৈছে, যিয়ে ২৫৯ কিলোমিটাৰ পৰ্যন্ত ড্ৰাইভিং ৰেঞ্জ প্ৰদান কৰে। ইয়াত মানসম্পন্ন ৫০ কিলোৱাট ডিচি ৰেপিড ছাৰ্জিং কৰিব পৰা যায়, যাৰ দ্বাৰা বেটাৰীটো প্ৰায় ২৮ মিনিটত ১৫ৰ পৰা ৮০ শতাংশলৈ ছাৰ্জ কৰিব পৰা যায়। ঘৰ আৰু কৰ্মক্ষেত্ৰত ছাৰ্জ কৰাৰ বাবে ১১ কিলোৱাট এচি বাই-ডাইৰেকশ্বনেল ছাৰ্জিং প্ৰণালীও উপলব্ধ।

দীঘলে ৩,৭৯৬ এমএম আৰু প্ৰস্থৰে ১,৭৯০ এমএম জোখৰ পিক্সো বাহনখনক চহৰৰ ঠেক ৰাস্তা আৰু সংকীৰ্ণ পাৰ্কিং স্থানৰ বাবে বিশেষ ধৰণে প্ৰস্তুত কৰা হৈছে। ইয়াৰ স্বতন্ত্ৰ পিছফালৰ শ্লাইডিং আসনসমূহে অধিক নমনীয়তা প্ৰদান কৰে, আনহাতে পিছফালৰ আসনসমূহ পোনকৈ ৰাখিলে বুট সামৰ্থ্য ৩৫৬ লিটাৰ আৰু সেইবোৰ জাপি দিলে ১,২২১ লিটাৰ হয়। বাহনখনত বিল্ট-ইন গুগল, জেমিনি, ফেচ আইডি, এখন ১০ ইঞ্চিৰ ইনফ’টেইনমেণ্ট স্ক্ৰীন আৰু এখন ৭ ইঞ্চিৰ ড্ৰাইভাৰ ডিচপ্লে আছে। ইয়াত মানসম্পন্ন ৰূপত ৱান পেডেল প্ৰযুক্তি, এডাপ্টিভ ক্ৰুজ কণ্ট্ৰ’ল, লেন ডিপাৰ্চাৰ ৱাৰ্নিং আৰু হেণ্ডছ-ফ্ৰী পাৰ্কিঙৰ সুবিধাও দিয়া হৈছে।

গুৱাহাটী মহানগৰীত পিক্সো বাহনৰ সংপৃক্ত মাত্ৰা, ব্যৱহাৰিক কেবিন আৰু বৈদ্যুতিক পাৱাৰট্ৰেইন বিশেষকৈ দৈনিক যাতায়ত আৰু চহৰৰ যান-জঁটপূৰ্ণ ৰাজপথতত চলাচল কৰাৰ বাবে সৰু চহৰৰ বাহনসমূহৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহৰ ক্ষেত্ৰত প্ৰাসংগিক হ’ব পাৰে। অৱশ্যে, নিছানে ভাৰতত ইয়াৰ মুকলি বা মূল্য সন্দৰ্ভত কোনো পৰিকল্পনাৰ কথা সদৰি কৰা নাই। নিছানৰ দ্বাৰা ডিজাইন কৰা আৰু ৰেন’ৰ দ্বাৰা নিৰ্মিত পিক্সো শ্লোভেনিয়াৰ নোভো মেষ্টোত উৎপাদন কৰি গ্ৰাহকক যোগান ধৰা হ’ব। ইউৰোপত ২০২৭ চনৰ আৰম্ভণিৰে পৰা বাহন যোগান ধৰা হ’ব আৰু চলিত বছৰৰ ডিচেম্বৰ মাহৰ পৰা ইয়াৰ মূল্য আৰু প্ৰি-অৰ্ডাৰৰ সবিশেষ জানিব পৰা যাব বুলি আশা কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *