১০জনৰ ভিতৰত ৭জন চহৰীয়া ভাৰতীয়ই পৰম্পৰাগত অৱসৰৰ বয়স ৫৮-৬০ বছৰ হোৱাৰ পূৰ্বে অৱসৰ লোৱাৰ আকাংক্ষা কৰে, যদিহে নিজৰ বিত্তীয় প্ৰয়োজনীয়তাসমূহ পৰ্যাপ্তভাৱে পূৰণ হয়। আনহাতে নিজৰ আধাতকৈ বেছি সংখ্যকে ৫০ বছৰ বয়সৰ পূৰ্বে বিত্তীয় স্বতন্ত্ৰতা আৰু সোনকালে অৱসৰ(ফায়াৰ) অৰ্জন কৰিব বিচাৰে। কান্তাৰ-ৰ সৈতে যুটীয়াভাৱে চলোৱা এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্সৰ ‘ভৰোছা টকছ ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্স ষ্টাডী’ৰ ষষ্ঠ সংস্কৰণত এই তথ্য প্ৰকাশ পাইছে। অধ্যয়নটোত পোৱা গৈছে যে সামগ্ৰিকভাৱে অৱসৰকালীন প্ৰস্তুতি শক্তিশালী হৈ আছে, যাৰ ফলত আইআৰআইএছ স্ক’ৰ ২০২৫ চনৰ ৪৮ আৰু ২০২২ চনৰ ৪৪ৰ পৰা বৃদ্ধি পাই ২০২৬ চনত ৪৯ হৈছেগৈ। অৱশ্যে, অংশগ্ৰহণকাৰীসকলে গড়ে নিজৰ লক্ষ্য নিৰ্দিষ্ট অৱসৰকালীন পুঁজিৰ মাত্ৰ ২৮%হে সঞ্চয় কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ১১% লোকে বিশ্বাস কৰে যে নিজৰ এই পুঁজিয়ে সমগ্ৰ জীৱন জোৰা অৱদান আগবঢ়াব পাৰিব, আনহাতে ৩৯% লোকে আশা কৰে যে ই ৫ বছৰো নাযাব পাৰে।
অৱসৰৰ ওচৰ চপা লোকসকলৰ মাজত এই ব্যৱধান অধিক স্পষ্ট হৈ পৰিছে, য’ত ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ ৮২% জেন এক্স+ উত্তৰদাতাই কৈছে যে, নিয়মীয়া উপাৰ্জনৰ বাবে কাম কৰি থাকিব বা ব্যৱসায় চলাই থাকিব লগীয়া হ’ব পাৰে। এই গোটটোৰ প্ৰায় ৯১% লোকে অৱসৰকালীন বিনিয়োগ সোনকালে আৰম্ভ নকৰাৰ বাবে অনুশোচনা প্ৰকাশ কৰিছে। যুৱ প্ৰজন্মৰ ভাৰতীয়সকলে বহু সোনকালে পৰিকল্পনা আৰম্ভ কৰিছে, য’ত ৬২% জেন জি উত্তৰদাতাই ইতিমধ্যে অৱসৰৰ বাবে বিনিয়োগ কৰিছে। আধা সংখ্যক চহৰীয়া ভাৰতীয়ই বিশ্বাস কৰে যে প্ৰথম দৰমহা লাভ কৰাৰ পৰাই পৰিকল্পনা আৰম্ভ কৰিব লাগে, আনহাতে জেন জি-এ ইয়াৰ গড় আৰম্ভণিৰ বয়স ২৯ বছৰ বুলি ধাৰ্য কৰিছে।
এই অধ্যয়নে লগতে দেখুৱাইছে যে ১ কোটি টকাৰ অৱসৰকালীন মানদণ্ডই আজিৰ তাৰিখত ক্ৰমান্বয়ে আকৰ্ষণ হেৰুৱাইছে। ১ কোটি বা তাতকৈ কম টকা পৰ্যাপ্ত বুলি ভবা লোকৰ সংখ্যা ২০২৫ চনৰ ৭৭%ৰ পৰা ২০২৬ চনত ৭০%লৈ হ্ৰাস পাইছে। গুৱাহাটী মহানগৰীত এই পৰিসংখ্যাসমূহে মেট্ৰ’ চহৰৰ বাহিৰেও সোনকালে অৱসৰৰ পৰিকল্পনাৰ বৰ্ধিত প্ৰাসংগিকতাৰ দিশলৈ আঙুলিয়াই দিয়ে। দ্বিতীয় শ্ৰেণীৰ চহৰসমূহৰ আইআৰআইএছ স্ক’ৰ ৪৪ৰ পৰা ৪৮লৈ বৃদ্ধিৰ পৰিসংখ্যাই অধ্যয়নটোত ইংগিত দিয়ে যে অৱসৰকালীন প্ৰস্তুতি গুৱাহাটীৰ দৰে উদীয়মান বজাৰসমূহক অন্তৰ্ভুক্ত কৰি সমগ্ৰ চহৰীয়া ভাৰতত ব্যাপক হৈ পৰিছে।
