Blog

বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত

বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত

ইনষ্টাগ্ৰামৰ জৰিয়তে অভিজাত শ্ৰেণীৰ লোকক টাৰ্গেট কৰা বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত যোৰহাট আৰক্ষীৰ । যুৱতী, মহিলাসহ তিনি যুৱকক গ্ৰেপ্তাৰ ।এই চক্ৰটোৱে তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত এজন মেনেজাৰক প্রেমৰ জালত পেলাই পৰৱর্তী সময়ত ব্লেকমেইলিং কৰি লাখে লাখে টকা সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে ।সুন্দৰী যুৱতীগৰাকীৰ সৈতে ইনষ্টাগ্ৰামত তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত এগৰাকী বেংক মেনেজাৰ চিনাকি হৈছিল। ইয়াৰ পিছতে মেনেজাৰজনক বিবাহিত মহিলাগৰাকীয়ে যোৰহাটত লগ কৰিবলৈ মাতিছিল । আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে বিগত আগষ্ট মাহত যোৰহাটৰ অজন্তা হলৰ সমীপৰ এটা ভাড়া ঘৰত দুয়ো নৈশ যাপন কৰিছিল।ঠিক তেনে সময়তে দুয়োয়ে অন্তৰংগ মুহূৰ্ত কটোৱা সেই কোঠাটোত পৰিকল্পিতভাৱে দুজন যুৱকে প্রৱেশ কৰিছিল । দুয়োয়ে পূৰ্ব পৰিকল্পিতভাৱে…
Read More
দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা

দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা

দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা ৷ দিল্লীৰ সীমাপুৰীৰ ঈদগাহ মাছ বজাৰৰ সমীপত থকা এটা পাঁচ মহলীয়া অট্টালিকা বুধবাৰে ভাঙি পৰে। ইয়াৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয় ।খবৰ অনুসৰি একাংশ লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ততাতৈয়াকৈ আহতসকলক ৰাজীৱ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে । ইয়াৰে এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । তাৰোপৰি ৪জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।বিয়লি প্ৰায় ৩-১৫ বজাত অট্টালিকাটো ভাঙি পৰাৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ লাভ কৰিছিল । লগে লগে ঘটনাস্থলীত দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ…
Read More
নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে

নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে

নানা পাটেকাৰৰ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নানা পাটেকাৰৰ মৃত্যুত বলিউডৰ লগতে ৰাজনৈতিক জগততো শোকৰ ছা পৰিছে ৷ মণিপাল হাস্পতালে তেওঁৰ মৃত্যুৰ তথ্য নিশ্চিত কৰে ৷গোৱাৰ মণিপাল হাস্পতালে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে অভিনেতাজনক গোৱাৰ ড’না প’লাৰ ঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় আৰু লগে লগে তেওঁক চিকিৎসালয়লৈ অনা হয় ৷ চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷১৯৫১ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা নানা নামেৰে পৰিচিত বিশ্বনাথ পাটেকাৰ হিন্দী আৰু মাৰাঠী চিনেমাৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে পৰিগণিত হয় । চলচিত্ৰৰ উপৰিও নানা বিভিন্ন সামাজিক কামৰ লগত জড়িত হোৱাৰ বাবেও পৰিচিত আছিল । ১৯৭৮ চনত ‘গমন’ ছবিৰ…
Read More
নগাঁও সংসদীয় সমষ্টিত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন নাই: পৰ্যবেক্ষক

নগাঁও সংসদীয় সমষ্টিত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন নাই: পৰ্যবেক্ষক

৯নং নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ৬ অক্টোবৰত সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সফলতাৰে অনুষ্ঠিত হয়। নগাঁও আৰু মৰিগাঁও দুয়োখন নিৰ্বাচনী জিলাৰ পৰা পোৱা তথ্য অনুসৰি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ সম্পূৰ্ণ হোৱালৈকে ভোটদানৰ হাৰ ৭৬.১৯%। সমষ্টিটোৰ আটাইবোৰ ভোটকেন্দ্ৰত গভীৰ উৎসাহেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ নাগৰিকৰ দীঘলীয়া শাৰী দেখা যায়। আইন-শৃংখলা বজাই ৰাখি জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ভোটাৰকে ধৰি সকলো ভোটাৰক প্ৰয়োজনীয় সহায় আগবঢ়াই ভোটগ্ৰহণ প্ৰক্ৰিয়াটোক সফল কৰি তোলা হয়। উল্লেখযোগ্য যে, সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যবেক্ষণ অনুসৰি কোনো ধৰণৰ পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজনীয়তা নাই। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে সমষ্টিটোৰ সকলো নাগৰিককে তেওঁলোকৰ সক্রিয় অংশগ্রহণ আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন…
Read More
আইচিআইচিআই বেংকৰ ফেষ্টিভ বোনাঞ্জা মুকলি: শ্বপিং, ভ্ৰমণ আৰু লাইফষ্টাইলৰ ক্ষেত্ৰত লাভ কৰিব আকৰ্ষণীয় ৰেহাই

আইচিআইচিআই বেংকৰ ফেষ্টিভ বোনাঞ্জা মুকলি: শ্বপিং, ভ্ৰমণ আৰু লাইফষ্টাইলৰ ক্ষেত্ৰত লাভ কৰিব আকৰ্ষণীয় ৰেহাই

আইচিআইচিআই বেংকে ফেষ্টিভ ছিজন চমু চাপি অহাৰ লগে লগে গ্ৰাহকসকলৰ বাবে পুনৰ আগবঢ়াইছে বাৰ্ষিক উৎসৱকালীন উপহাৰ ফেষ্টিভ বোনাঞ্জা। এই বোনাঞ্জাৰ অধীনত অনলাইন শ্বপিং, ম’বাইল ফোন, ইলেক্ট্ৰনিক্স, ভ্ৰমণ, ফেশ্বন, আচবাব আৰু কুইক-কমাৰ্চ প্লেটফৰ্মসমূহৰ ক্ষেত্ৰত বিভিন্ন ৰেহাই আৰু কেশ্ববেকৰ সুবিধা প্ৰদান কৰা হৈছে। বেংক কৰ্তৃপক্ষই জনোৱা অনুসৰি ক্ৰেডিট আৰু ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, কাৰ্ডবিহীন ইএমআই আৰু নো-কষ্ট ইএমআই আদি বিকল্প ব্যৱহাৰ কৰা গ্ৰাহকসকলে এই অফাৰসমূহৰ লাভ আদায় কৰিব পাৰিব। ফ্লিপকাৰ্টৰ সৈতে বেংকৰ অংশীদাৰিত্বৰ ফলত অহা ৮ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া বিগ বিলিয়ন ডে’জ চেলৰ সময়ত গ্ৰাহকসকলে ১০% লৈকে ৰেহাই লাভ কৰিব। নতুন আইফোন ডুঅ', আইফোন ১৮ প্ৰ' আৰু আইফোন ১৮ প্ৰ'  মেক্স…
Read More
এমএছএমইসমূহক গুণগত মানদণ্ডক প্ৰতিযোগিতামূলক ক্ষমতাৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে আইএফকিউএমে

এমএছএমইসমূহক গুণগত মানদণ্ডক প্ৰতিযোগিতামূলক ক্ষমতাৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে আইএফকিউএমে

নতুন দিল্লীত অনুষ্ঠিত আইএফকিউএম সন্মিলন ২০২৬ৰ দ্বিতীয় দিনা উদ্যোগ খণ্ডৰ নেতৃবৃন্দই কয় যে, ভাৰতীয় এমএছএমইসমূহে গোলকীয় প্ৰতিযোগিতাত নিজকে শক্তিশালী কৰিবলৈ ডিজাইন, উৎপাদন আৰু সামগ্ৰী যোগান ধৰাৰ সমগ্ৰ প্ৰক্ৰিয়াত গুণগত মানদণ্ডৰ দ্ৰুত গ্ৰহণ কৰিব লাগিব। গুণগত মানদণ্ড, উদ্ভাৱন, প্ৰযুক্তি আৰু উৎপাদনশীলতা সন্দৰ্ভত আলোচনা কৰিবলৈ এই দুদিনীয়া সন্মিলনত উদ্যোগ, চৰকাৰ, শিক্ষানুষ্ঠান, গোলকীয় গুণগত মানদণ্ড প্ৰতিষ্ঠান আৰু এমএছএমই খণ্ডৰ প্ৰায় ৫০ গৰাকী মুখ্য কাৰ্যবাহী বিষয়া, ২০০গৰাকী মুখ্য বিষয়া আৰু ৪০০ৰো অধিক অংশগ্ৰহণকাৰী সমবেত হয়। উন্নত কাৰ্যপ্ৰণালীৰ আদান-প্ৰদান, অপচয় হ্ৰাস আৰু উদ্ভাৱনক উদগনি যোগোৱাৰ উদ্দেশ্যে আইএফকিউএমে প্ৰথমে এমএছএমইসমূহৰ বাবে আৰু পৰৱৰ্তী সময়ত বৃহৎ উদ্যোগসমূহৰ বাবে এটা নেতৃত্ব বিকাশ কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰে।…
Read More
ৰাজপাল যাদৱৰ চেক বাউঞ্চ গোচৰ: উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ অভিনেতাজনে জনালে নিজৰ আৰ্থিক লোকচানৰ কথা

ৰাজপাল যাদৱৰ চেক বাউঞ্চ গোচৰ: উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ অভিনেতাজনে জনালে নিজৰ আৰ্থিক লোকচানৰ কথা

প্ৰখ্যাত বলিউড অভিনেতা ৰাজপাল যাদৱে বুধবাৰে তেওঁৰ বিৰুদ্ধে চলি থকা চেক বাউঞ্চ গোচৰৰ শুনানিৰ সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ত নিজেই উপস্থিত হৈ নিজৰ পক্ষ দাঙি ধৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত অভিনেতাজন আৰু ন্যায়ালয়ৰ মাজত এক দীঘলীয়া কথোপকথন হয়। শুনাণিৰ সময়ত ৰাজপাল যাদৱে তেওঁৰ ছবি ‘অতা পতা লাপাতা’ৰ ফলত হোৱা বৃহৎ আৰ্থিক ক্ষতি, নিজৰ কেৰিয়াৰ আৰু বিগত ১৬ বছৰ ধৰি চলি থকা এই আইনী সংঘাতৰ বিষয়ে ন্যায়ালয়ক অৱগত কৰে। ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত যাদৱে জনায় যে তেওঁ নিজৰ কেৰিয়াৰত প্ৰায় ২-২.৫ শ ছবিত অভিনয় কৰিছে, কিন্তু যোৱা ১৩ বছৰত প্ৰায় ২০০ ৰ পৰা ২৫০ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে।…
Read More
প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসম চি এছ আৰ ঘূৰণীয়া মেজমেলত কৃষিৰ প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা

প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসম চি এছ আৰ ঘূৰণীয়া মেজমেলত কৃষিৰ প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অনুষ্ঠিত "অসম চি এছ আৰ ঘূৰণীয়া মেজমেল"ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কৃষি, কৃষকৰ জীৱিকা আৰু বান তথা জলবায়ুজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু কৰ্প’ৰেট খণ্ডৰ যুটীয়া সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোচনা কৰাই আছিল এই মেজমেলৰ মূল উদ্দেশ্য।  মেজমেলখনত ভাষণ প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে যে ভাৰতবৰ্ষৰ সম্পূৰ্ণ উদ্যোগীকৰণ হ’বলৈ এতিয়াও প্ৰায় ৫০ বছৰৰ প্ৰয়োজন হ’ব। তেতিয়ালৈকে আমাৰ দেশ প্ৰাথমিকভাৱে কৃষিৰ ওপৰতে নিৰ্ভৰশীল আৰু সেয়েহে কৃষকসকলক অধিক উৎপাদন আৰু উচ্চ উৎপাদনক্ষম খেতিৰ দিশত সহায় কৰাটো অতি জৰুৰী।কোম্পানীসমূহৰ বাবে নিজৰ উপাৰ্জনৰ ২% অংশ ‘চি এছ…
Read More
‘হৰ কল আছান’ প্ৰতিশ্ৰুতিৰে আইচিআইচিআই লাইফ ইঞ্চুৰেন্সৰ নতুন ব্ৰেণ্ড পৰিচয় উন্মোচন

‘হৰ কল আছান’ প্ৰতিশ্ৰুতিৰে আইচিআইচিআই লাইফ ইঞ্চুৰেন্সৰ নতুন ব্ৰেণ্ড পৰিচয় উন্মোচন

আইচিআইচিআই লাইফ ইঞ্চুৰেন্স লিমিটেড(পূৰ্বতে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড নামেৰে জনাজাত)-এ সোমবাৰে ভাৰতীয় গ্ৰাহকসকলৰ বাবে জীৱন বীমা অধিক সৰল, স্বচ্ছ, নমনীয় আৰু সহজলভ্য কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন ব্ৰেণ্ড পৰিচয় আৰু টেগলাইন ‘হৰ কল আছান’ মুকলি কৰিছে। কোম্পানীটোৱে কয় যে নতুন ব্ৰেণ্ড পৰিচয়ে গ্ৰাহকসকলক অধিক স্পষ্টতা, আত্মবিশ্বাস আৰু সুবিধাৰে দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে। এই নতুন স্থিতিৰ লক্ষ্য হৈছে জীৱন বীমাৰ আলোচনা কেৱল অনিশ্চয়তাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাৰ পৰিসৰৰ পৰা আগুৱাই লৈ গৈ মানুহক বিত্তীয় ভৱিষ্যতৰ সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰা। আইচিআইচিআই লাইফ ইঞ্চুৰেন্স লিমিটেডৰ মাৰ্কেটিং, ডিজিটেল আৰু বেংকুশ্বৰেঞ্চ…
Read More
ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা

ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা

চৰকাৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো চুক্তিভিত্তিক ধন মুকলি কৰাৰ নামত ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লোকনিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা। মঙলবাৰে ডিব্ৰুগড়স্থিত লোকনিৰ্মাণ বিভাগৰ (গৃহ শাখা) অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এক অতৰ্কিত অভিযান চলাই উৎকোচ গ্ৰহণৰ মুহূৰ্ততে গ্ৰেপ্তাৰ কৰে অভিযন্তা মৃদুল বাগলাৰীক। জানিব পৰা মতে, লাহোৱালৰ মাদৰখাট চাহ বাগিচাত প্ৰায় ১ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষ জগন্নাথ কমিউনিটি হল আৰু এটা দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণৰ তিনিটাকৈ প্ৰকল্পৰ কাম লাভ কৰিছিল ৰাজ শেখৰ হাজৰিকা নামৰ এজন ঠিকাদাৰৰ প্ৰতিষ্ঠানে। নিৰ্ধাৰিত সময়ৰ ভিতৰতে কামসমূহ সম্পূৰ্ণ কৰা হৈছিল যদিও প্ৰকল্পৰ বাকী থকা ধন মুকলিৰ নথিপত্ৰত স্বাক্ষৰ কৰাৰ বাবদ…
Read More