Blog

ৰথ যাত্ৰাৰ পূৰ্বে জগন্নাথ মহাপ্ৰভুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন চিকিৎসকৰ; ১৫ দিনীয়া ‘অনৱসৰ’ৰ অন্তত সুস্থ ঘোষণা

ৰথ যাত্ৰাৰ পূৰ্বে জগন্নাথ মহাপ্ৰভুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন চিকিৎসকৰ; ১৫ দিনীয়া ‘অনৱসৰ’ৰ অন্তত সুস্থ ঘোষণা

শতাব্দীপ্ৰাচীন এক ধৰ্মীয় পৰম্পৰাই এইবাৰো দৃষ্টি আকৰ্ষণ কৰিছে দেশজুৰি। উত্তৰ প্ৰদেশৰ জৌনপুৰস্থিত ৰাস মণ্ডল জগন্নাথ মন্দিৰত ১৫ দিনীয়া 'অনৱসৰ' পৰ্ব সামৰি ভগৱান জগন্নাথৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিলে এদল জ্যেষ্ঠ চিকিৎসকে। পৰীক্ষাৰ অন্তত চিকিৎসকসকলে জনায় যে, ভগৱান জগন্নাথ সম্পূৰ্ণ সুস্থ হৈ উঠিছে। ইয়াৰ পিছতেই আৰম্ভ হৈছে ৰথযাত্ৰাৰ চূড়ান্ত প্ৰস্তুতি। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, স্নান পূৰ্ণিমাৰ দিনা মহাস্নানৰ পিছত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা জ্বৰত আক্ৰান্ত হয়। ইয়াৰ পিছত ১৫ দিনলৈ দেৱ-দেৱীক জনসাধাৰণৰ দৰ্শনৰ পৰা আঁতৰাই ৰখা হয়। এই সময়ছোৱাক 'অনৱসৰ' বুলি কোৱা হয়। অনৱসৰৰ সময়ত দেৱ-দেৱীক প্ৰতীকীভাৱে চিকিৎসা আগবঢ়োৱা হয়। পৰম্পৰা অনুসৰি, আয়ুৰ্বেদিক ঔষধ আৰু বিশেষ খাদ্য নিবেদন কৰা হয়। ভক্তসকলৰ…
Read More
ক্ৰমাৎ জটিল হৈ পৰিছে সোণম ৱাংচুকৰ স্বাস্থ্য; জৰুৰী চিকিৎসাৰ দাবীৰে উচ্চ ন্যায়ালয়ত দাখিল আবেদন

ক্ৰমাৎ জটিল হৈ পৰিছে সোণম ৱাংচুকৰ স্বাস্থ্য; জৰুৰী চিকিৎসাৰ দাবীৰে উচ্চ ন্যায়ালয়ত দাখিল আবেদন

ক্ৰমাৎ অধিক জটিল হৈ পৰিছে দেশৰ বিশিষ্ট পৰিৱেশকৰ্মী, উদ্ভাৱক আৰু শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত বিগত ১৮ দিন ধৰি অনশন ধৰ্মঘট পালন কৰি আছে ৱাংচুকে। এনে পৰিপ্ৰেক্ষিতত ধীৰে ধীৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত জীৱনক লৈ গুৰুতৰ আশংকা প্ৰকাশ কৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে এজন আবেদনকাৰীয়ে। আবেদনখনত উল্লেখ কৰা অনুসৰি, অনশন আৰম্ভ কৰাৰ পিছৰে পৰা সোণম ৱাংচুকৰ ওজন প্ৰায় ৮.৫ কিলোগ্ৰাম হ্ৰাস পাইছে। চিকিৎসকৰ মতামত অনুসৰি অনশন অব্যাহত থাকিলে তেওঁৰ শৰীৰত জীৱনসংকটজনক জটিলতা দেখা দিব পাৰে। এই পৰিস্থিতিত সোণম ৱাংচুকক তৎকালে এখন চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰি জৰুৰী চিকিৎসাৰ ব্যৱস্থা নিশ্চিত…
Read More
ধুবুৰী-দক্ষিণ শালমাৰাত নদী অঞ্চলৰ 34.6 কিঃমিঃত বেৰা দিয়া সম্ভৱ নহয়: অসম চৰকাৰ

ধুবুৰী-দক্ষিণ শালমাৰাত নদী অঞ্চলৰ 34.6 কিঃমিঃত বেৰা দিয়া সম্ভৱ নহয়: অসম চৰকাৰ

অসম চৰকাৰে বিধানসভাত জনায় যে মুঠ 267.5 কিঃমিঃ অসম-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত 228.541 কিঃমিঃ কাঁইটীয়া তাঁৰৰ বেৰেৰে সুৰক্ষিত কৰা হৈছে। ভৌগোলিক কাৰণ আৰু বাংলাদেশৰ আপত্তিৰ বাবে 38.959 কিঃমিঃ সীমান্ত এতিয়াও বেৰাবিহীন হৈ আছে। বিধানসভাত এখন প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে অসম-বাংলাদেশ সীমান্ত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ মাজেৰে বিস্তৃত। Survey of India ৰ তথ্য অনুসৰি ইয়াৰ মুঠ দৈৰ্ঘ্য 267.5 কিঃমিঃ। চৰকাৰ মতে, বেৰাবিহীন 38.959 কিঃমিঃৰ ভিতৰত 34.609 কিঃমিঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ নদী অঞ্চলত পৰিছে। ভূ-প্ৰকৃতিৰ কাৰণে এই অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ সম্ভৱ নহয়। আনহাতে শ্ৰীভূমি জিলাৰ কুশিয়াৰা নদীৰ পাৰৰ 4.35 কিঃমিঃ অঞ্চলত ভাৰতীয় বসতি নদীপাৰত থকাৰ…
Read More
প্ৰায় আধা ঘণ্টা পূৰ্বে পাতিছিল পৰিয়ালৰ সৈতে কথা! তাৰ পিছতে সূদুৰ সমুদ্ৰৰ বুকুত মৃত্যু ভাৰতীয় নাৱিকৰ

প্ৰায় আধা ঘণ্টা পূৰ্বে পাতিছিল পৰিয়ালৰ সৈতে কথা! তাৰ পিছতে সূদুৰ সমুদ্ৰৰ বুকুত মৃত্যু ভাৰতীয় নাৱিকৰ

পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে কথা পতাৰ কেইটামান মুহূৰ্তৰ পিছতে সুদুৰ সমুদ্ৰৰ বুকুত মৃত্যুৰ কোলাত শুই পৰিল এজন ভাৰতীয় নাৱিক। ওমান উপকূলৰ সমীপৰ কৌশলগত হৰমুজ প্ৰণালীত এখন বাণিজ্যিক জাহাজত সংঘটিত আকাশী আক্ৰমণত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ পুণেৰ মাৰ্চেণ্ট নেভীৰ অভিযন্তা হেৰম্ভ কৰমৰকাৰে। ইৰান-আমেৰিকা সংঘাতৰ মাজতে সংঘটিত এই ঘটনাত আন কেইবাজনো ভাৰতীয় নাগৰিকো আহত হয়। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, হেৰম্ভ কৰমৰকাৰ 'এমভি জিএফএছ গেলেক্সি' নামৰ বাণিজ্যিক জাহাজখনত অভিযন্তা হিচাপে কৰ্মৰত আছিল। দেওবাৰে নিশা ২:৪৯ বজাত তেওঁ পুণেস্থিত পৰিয়ালৰ সৈতে অন্তিমবাৰৰ বাবে ফোনত কথা পাতে। তাৰ মাত্ৰ ৪১ মিনিটৰ পিছতে, পুৱতি নিশা প্ৰায় ৩:৩০ বজাত ওমানৰ সামুদ্ৰিক…
Read More
ৰাজ্যত অব্যাহত বানৰ প্ৰকোপ! মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি, বানাক্ৰান্ত ৩৭ হাজাৰ

ৰাজ্যত অব্যাহত বানৰ প্ৰকোপ! মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি, বানাক্ৰান্ত ৩৭ হাজাৰ

এফালে অব্যাহত আছে বৰষুণ, আনফালে দ্ৰুতগতিত বাঢ়িছে অসমত বানৰ প্ৰকোপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পোৱাৰ লগতে বানাক্ৰান্তৰ সংখ্যাও ৩৭ হাজাৰ অতিক্ৰম কৰিছে। বুধবাৰে এই তথ্য প্ৰকাশ কৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ)। এএছডিএমএই জনায় যে, শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰত বান-সম্পৰ্কীয় আন এক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। নিহত ব্যক্তিজন ১৩ জুলাইৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল। পিছদিনা, অৰ্থাৎ ১৪ জুলাইত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাধিকৰণৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিগত ২৪ ঘণ্টাত বানপানীৰ প্ৰকোপ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলত বানৰ কবলত পৰা লোকৰ সংখ্যাও প্ৰায় চাৰিগুণ বৃদ্ধি…
Read More
পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

এতিয়াও শেষ হোৱা নাই এগৰাকী মাতৃৰ সংগ্ৰাম! পুত্ৰৰ মৃত্যুৰ পিছতো ন্যায়ৰ আশাত প্ৰতিদিনে তেওঁৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি আছে মাতৃয়ে। এইবাৰ সেই ন্যায়ৰ দাবীকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন আৱেগিক পত্ৰ প্ৰেৰণ কৰিলে কেতন আগৰৱালৰ মাতৃ ৰাখী আগৰৱালে। পত্ৰখনত ৰাখী আগৰৱালে লিখে যে, "প্ৰতিগৰাকী মাতৃৰ দৰেই মইও সপোন দেখিছিলোঁ, কেতনে সুন্দৰ জীৱন গঢ়িব, বিয়া কৰাব আৰু আমাৰ সৈতে বুঢ়া হ'ব। কিন্তু তাৰ সলনি নিজৰ সন্তানৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া হ'ল। এগৰাকী মাতৃৰ বাবে ইয়াতকৈ ডাঙৰ যন্ত্ৰণা আৰু একোৱেই হ'ব নোৱাৰে।" তেওঁ কয় যে, আজিও ঘৰৰ প্ৰতিটো কোণে কেতনৰ স্মৃতি সজীৱ কৰি ৰাখিছে। তেওঁৰ কোঠা, কাপোৰ, ফটো আৰু তেওঁৰ হাঁহিৰ…
Read More
পাক অধিকৃত কাশ্মীৰত পুনৰ অগ্নিগৰ্ভ পৰিস্থিতি; পাক সেনাৰ গুলীত নিহত ৬ অসামৰিক লোক

পাক অধিকৃত কাশ্মীৰত পুনৰ অগ্নিগৰ্ভ পৰিস্থিতি; পাক সেনাৰ গুলীত নিহত ৬ অসামৰিক লোক

পাক অধিকৃত কাশ্মীৰত পুনৰ জ্বলি উঠিছে জনৰোষ। বিগত কিছু মাহ ধৰি পাকিস্তানৰ শাসনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে এইবাৰ সাধাৰণ জনতাৰ ওপৰত গুলীচালনা কৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে। এই ঘটনাত কমেও ৬ জন অসামৰিক লোক নিহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। নতুনকৈ সংঘটিত এই ৰক্তক্ষয়ী ঘটনাই পাকিস্তান অধিকৃত কাশ্মীৰত চলি থকা অস্থিৰ পৰিস্থিতিক আৰু অধিক তীব্ৰ কৰি তুলিছে। বাতৰি অনুসৰি, ৰাৱালাকোট চহৰৰ নিউ বাছ টাৰ্মিনেলৰ সমীপত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে সাধাৰণ লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিছতে সংঘৰ্ষৰ সূচনা হয়। সেই সময়তে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত ৬ জন অসামৰিক লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত বালুচ ছাধুনাটি জিলাৰ জাহিদ মুগল, জাফৰ মুগল, আৰছালান আকবৰ…
Read More
অসমীয়া ছবিজগতত অপূৰণীয় ক্ষতি; চিৰবিদায় বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ

অসমীয়া ছবিজগতত অপূৰণীয় ক্ষতি; চিৰবিদায় বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ

অসমীয়া ছবিজগতৰ এটা উজ্জ্বল অধ্যায়ৰ অৱসান ঘটিল। সুদীৰ্ঘ অভিনয় জীৱনত ৰূপালী পৰ্দা আৰু টেলিভিছনৰ জৰিয়তে লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰা বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ মঙলবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। অসুস্থ হৈ পৰাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। তেওঁৰ নশ্বৰদেহ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহলৈ অনা হয়। পৰিয়ালৰ সদস্য, সহশিল্পী, অনুৰাগী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয়। অসমীয়া চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় মুখ পূৰবী শৰ্মাই 'আজলি নবৌ' ছবিৰে ৰূপালী পৰ্দাত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক সময়ৰ আন এখন ছবি 'ৰাগিনী'য়ে ৰাষ্ট্ৰীয়…
Read More
আইচিএআৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জাংত বহনক্ষম কৃষিৰ ওপৰত আলোচনা

আইচিএআৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জাংত বহনক্ষম কৃষিৰ ওপৰত আলোচনা

কৃষকসকলৰ মাজত বৈজ্ঞানিক আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰৰ লগতে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ মঙলবাৰে কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), তৱাংৰ উদ্যোগত জাংত এখন "ইনপুট বিতৰণ-কাম-ICAR প্ৰতিষ্ঠা দিৱস শৃংখলা" কাৰ্যসূচী অনুষ্ঠিত হয়। জাং–থিংবু ব্লকৰ যুথুম্বু আৰু ডুংচে গাঁৱৰ মুঠ ৫৭ গৰাকী কৃষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁলোকে কাৰিকৰী অধিৱেশনত সক্ৰিয়ভাৱে অংশ লয় আৰু আধুনিক কৃষিৰ বিভিন্ন দিশত বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে। সমবেত লোকক সম্বোধন কৰি KVK তৱাংৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড০ অঞ্জনা নন্দ ত্ৰিপাঠীয়ে গৱেষণা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰসাৰ জৰিয়তে ভাৰতৰ কৃষি ক্ষেত্ৰত ICAR য়ে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰে। তেওঁ কৃষি, উদ্যানপালন,…
Read More
অসমতো ফিফা বিশ্বকাপৰ লহৰ

অসমতো ফিফা বিশ্বকাপৰ লহৰ

অসমতো ফিফা বিশ্বকাপৰ লহৰ দেখিবলৈ পোৱা গৈছে ৷ জনসাধাৰণৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে এক বিশেষ ঘোষণা কৰে ৷পোষ্টটোত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ফুটবলে মানুহক একত্ৰিত কৰে, আৰু আমি বিচাৰো যে আমাৰ ক্ৰীড়াপ্ৰেমীসকলে ফিফা বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল অসুবিধা নোহোৱাকৈ উপভোগ কৰক । মই গুৱাহাটীৰ জিলা প্ৰশাসনক ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ পুৱা ৩:৩০ বজালৈ ৰেস্তোঁৰা চলোৱাৰ সময় বৃদ্ধি কৰিবলৈ কৰ্তৃত্ব দিছো, যাতে অনুৰাগীসকলে খেল চোৱাত সুবিধা হয় । মই আন জিলাৰ প্ৰশাসনক অনুমোদন দিছো যে য’তেই ৰেস্তোঁৰাৰ মালিক সংস্থা আৰু স্থানীয় জনসাধাৰণে অনুৰোধ কৰে, তাতেই একেধৰণৰ সম্প্ৰসাৰণৰ অনুমতি দিব লাগে । দায়িত্বশীলভাৱে সুন্দৰকৈ খেল উপভোগ কৰক ।’’
Read More