Blog

ৰাছিয়াই নিক্ষেপ কৰা বোমা বিস্ফোৰিত হৈ ইউক্ৰেইনত কমেও ৩০ জন লোকৰ মৃত্যু

ৰাছিয়াই নিক্ষেপ কৰা বোমা বিস্ফোৰিত হৈ ইউক্ৰেইনত কমেও ৩০ জন লোকৰ মৃত্যু

ৰাছিয়াই নিক্ষেপ কৰা বোমা বিস্ফোৰিত হৈ ইউক্ৰেইনত কমেও ৩০ জন লোকৰ মৃত্যু হয় । দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ মাজতেই পূব ইউক্ৰেইনত যাত্ৰীৰে ঠাহ খাই থকা বাছ এখনত বোমা নিক্ষেপ কৰাত এই যাত্ৰীকেইগৰাকীয়ে প্ৰাণ হেৰুৱায় ।বৃহস্পতিবাৰে ইউক্ৰেইন কৰ্তৃপক্ষই এই কথা সদৰী কৰিছে । এই বিস্ফোৰণৰ পিছতে চহৰখনত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে । উল্লেখ্য যে ইউক্ৰেইনৰ ডনেস্কৰ যুদ্ধবিধ্বস্ত ক্ৰমাটৰ্স্ক চহৰৰ বাছ আস্থানৰ কাষত পুৱাই চলা এই আক্ৰমণৰ ফলত স্থানীয় জনসাধাৰণ শংকিত হৈ পৰে ।
Read More
ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা

ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা

ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা ৷ ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে এইবেলি দেশখনৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ ভাৰতীয় পাইলট মাচ্চাৰক আগবঢ়োৱা হ’ব বুলি বৃহস্পতিবাৰে এক ঘোষণা কৰে ৷ ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা টেল আভিভলৈ উৰা মৰা ফ্লাইডুবাই বিমান এফজেড ১০৭৩ত সহ-পাইলটে কৰা আক্ৰমণৰ পিছত মাচ্চাৰে অসাধাৰণ সাহস প্ৰদৰ্শন কৰি প্ৰায় ১৭০ গৰাকী যাত্ৰীৰ প্ৰাণৰক্ষা কৰিছিল ৷ তাৰ সুবাদতে কেপ্টেইন মাচ্চাৰলৈ এই বঁটা আগবঢ়োৱা হ’ব ৷
Read More
জেএচডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিলে ২০২৬ চনৰ হেক্টৰ ষ্টৰ্ম শৃংখলা

জেএচডব্লিউ এমজি মটৰ ইণ্ডিয়াই মুকলি কৰিলে ২০২৬ চনৰ হেক্টৰ ষ্টৰ্ম শৃংখলা

মজি মটৰ ইণ্ডিয়াই আজি সীমিত সংস্কৰণৰ ষ্টৰ্ম শৃংখলা মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ভিতৰত আছে হেক্টৰ ব্লেকষ্টৰ্ম আৰু হেক্টৰ স্ন’ষ্টৰ্ম। হেক্টৰৰ বলিষ্ঠ আৰ্হি, উন্নত প্ৰযুক্তি, বৰ্ধিত সুৰক্ষা আৰু উৎকৃষ্ট আৰামৰ প্ৰতিষ্ঠিত উত্তৰাধিকাৰক ভিত্তি কৰি এই বিশেষ সংস্কৰণসমূহে এক সুকীয়া আৰু ব্যক্তিগতকৃত শৈলী বিচৰা গ্ৰাহকসকলৰ বাবে অনন্য বাহ্যিক সজ্জা, ক’লা ৰঙৰ ভিতৰচ’ৰা আৰু সংস্কৰণ-নিৰ্দিষ্ট সা-সঁজুলি মুকলি কৰিছে। হেক্টৰ ব্লেকষ্টৰ্ম আৰু হেক্টৰ স্ন’ষ্টৰ্ম ৫খন আসনৰ ব্যৱস্থাৰে উপলব্ধ, যিখন স্বয়ংক্ৰিয় গিয়াৰ পৰিৱৰ্তন প্ৰণালীৰ সৈতে যুক্ত এটা ১.৫-লিটাৰ টাৰ্ব’চাৰ্জড পেট্ৰ’ল ইঞ্জিনৰ দ্বাৰা পৰিচালিত। ২০২৬ চনৰ হেক্টৰ ব্লেকষ্টৰ্ম আৰু হেক্টৰ স্ন’ষ্টৰ্ম সংস্কৰণসমূহক এটা নতুন সম্পূৰ্ণ ক’লা মৌচাক আৰ্হিৰ সন্মুখৰ জালিকা আৰু সন্মুখৰ তথা পিছৰ…
Read More
অসমত এবিডিয়ে মুকলি কৰিলে ‘দ্য ইণ্ডিয়ান এডিট’ প্ৰিমিয়াম হুইস্কী

অসমত এবিডিয়ে মুকলি কৰিলে ‘দ্য ইণ্ডিয়ান এডিট’ প্ৰিমিয়াম হুইস্কী

এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড(এবিডি)-এ অসমত নতুন প্ৰিমিয়াম হুইস্কী ‘দ্য ইণ্ডিয়ান এডিট’ মুকলি কৰিছে, যি ব্ৰেণ্ডটোক ভাৰতীয় পৰিচয়ৰ এক সমসাময়িক প্ৰকাশ আৰু দেশৰ বৰ্ধিত প্ৰিমিয়াম স্পিৰিটছ বজাৰ হিচাপে স্থান প্ৰদান কৰা হৈছে। দ্য ইণ্ডিয়ান এডিট হৈছে উন্নত স্কচ মল্টৰ সৈতে ভাৰতীয় মল্ট আৰু গ্ৰেইন স্পীৰিটৰ এক অনন্য মিশ্ৰণ। কোম্পানীটোৰ মতে এই হুইস্কীত ভেনিলা, কেৰামেল আৰু ওকৰ মৃদু সোৱাদ আছে, য'ত উষ্ম, সমৃদ্ধ আৰু দীঘলীয়া সমাপ্তিৰ বাবে বিশেষ ৰূপ দিয়া হৈছে। ব্ৰেণ্ডটোৰ পেকেজিঙত ভাৰতীয় সাংস্কৃতিক উপাদানসমূহৰ পৰা অনুপ্ৰেৰণা লোৱা হৈছে, বটলত আঞ্চলিক ভাষাসমূহ খোদিত কৰা হৈছে, ভাৰতীয় মুদ্ৰাৰ নোটৰ দ্বাৰা অনুপ্ৰাণিত ডিজাইন, ক্লাছিক ট্ৰেভেলিং চাৰ্কাছৰ কথা সোঁৱৰাই দিয়া এটা ভিণ্টেজ মটিফ…
Read More
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ ২৫০ কোটি টকা বিনিয়োগেৰে ইণ্ডোনেছিয়াত মুকলি কৰিলে নতুন উৎপাদন গোট

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ ২৫০ কোটি টকা বিনিয়োগেৰে ইণ্ডোনেছিয়াত মুকলি কৰিলে নতুন উৎপাদন গোট

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ ইণ্ডোনেছিয়াৰ কেন্দাল বিশেষ অৰ্থনৈতিক অঞ্চলত এটা নতুন উৎপাদন গোটৰ প্ৰথমটো পৰ্যায় মুকলি কৰি দেশখনত নিজৰ ব্যৱসায়িক স্থিতি অধিক শক্তিশালী কৰি তুলিছে। এই সমগ্ৰ প্ৰকল্পটো ৫০০ বিলিয়ন ইণ্ডোনেছিয়ান ৰুপিয়া (প্ৰায় ২৫০ কোটি টকা) বিনিয়োগেৰে গঢ়ি তোলা হৈছে।২০১০ চনৰ পৰাই ইণ্ডোনেছিয়াত সক্ৰিয় হৈ থকা গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ ইণ্ডোনেছিয়াই (জিচিপিআই) প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত প্ৰতিষ্ঠানটোৰ ব্যৱসায় ৪.৫ গুণ বৃদ্ধি পাইছে। কোম্পানীটোৰ হিট, ষ্টেলা, মিটু আৰু এনৱাইইউৰ দৰে ব্ৰেণ্ডসমূহে বৰ্তমান ইণ্ডোনেছিয়াৰ প্ৰতি ৪টা পৰিয়ালৰ ভিতৰত এটা পৰিয়ালত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেন্দালত থকা কোম্পানীটোৰ মুঠ ৫.৫ হেক্টৰ ভূমিৰ ভিতৰত প্ৰথম পৰ্যায়ত ২.৫ হেক্টৰ মাটিত এই নতুন গোটটো নিৰ্মাণ…
Read More
১১,৯৯৯ টকাৰ উৎসৱকালীন মূল্যৰে স্মাৰ্টফোনৰ বজাৰত খোজ পেলাইছে মিভিয়ে

১১,৯৯৯ টকাৰ উৎসৱকালীন মূল্যৰে স্মাৰ্টফোনৰ বজাৰত খোজ পেলাইছে মিভিয়ে

দেশীয় গ্ৰাহক প্ৰযুক্তি ব্ৰেণ্ড মিভি-এ নিজৰ প্ৰথমটো মোবাইল ফোন মিভি ৱান ৫জি মুকলিৰ জৰিয়তে স্মাৰ্টফোনৰ বজাৰত প্ৰৱেশ কৰিছে। এই স্মাৰ্টফোনটো ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে’জ ফেষ্টিভ চেলৰ সময়ত একচেটিয়াভাৱে বিক্ৰীৰ বাবে উপলব্ধ হ’ব। ৪জিবি ৰেম + ১২৮জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ বাবে স্মাৰ্টফোনটো ১১,৯৯৯ টকাৰ কাৰ্যকৰী মূল্যত পোৱা যাব। আনহাতে, ৬জিবি + ১২৮জিবি আৰু ৮জিবি + ১২৮জিবি ভেৰিয়েণ্ট দুটাৰ মূল্য ক্ৰমে ১৩,৪৯৯ টকা আৰু ১৪,৯৯৯ টকা ধাৰ্য কৰা হৈছে। এই দামসমূহৰ ভিতৰত প্ৰযোজ্য বেংক/ইউপিআই অফাৰসমূহ অন্তৰ্ভুক্ত হৈ আছে আৰু এইসমূহ ফ্লিপকাৰ্ট তথা সহযোগী বেংকৰ চৰ্তসমূহৰ অধীন হ’ব। যোগ্য ফ্লিপকাৰ্ট প্লাছ, ভিআইপি আৰু ব্লেক মেম্বাৰ তথা যোগ্য কাৰ্ডধাৰীসকলৰ বাবে ৮ অক্টোবৰৰ মাজনিশাৰ পৰা আৰ্লি…
Read More
আইফোন চুৰি কৰি পাছৱৰ্ড বিচাৰি গৰাকীলৈ মেছেজ খোদ চোৰৰ! আৰক্ষীৰ ভূমিকাক লৈ ডেৰাডুনত ক্ষোভ

আইফোন চুৰি কৰি পাছৱৰ্ড বিচাৰি গৰাকীলৈ মেছেজ খোদ চোৰৰ! আৰক্ষীৰ ভূমিকাক লৈ ডেৰাডুনত ক্ষোভ

আজৱ দেশৰ গজৱ কথা! চুৰি কৰি নিয়া ফোনৰ পাছৱৰ্ড বিচাৰি ফোনৰ গৰাকীকে মেছেজ কৰিলে চোৰে। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১২ ছেপ্টেম্বৰত ক্লেমেণ্ট টাউন অঞ্চলৰ এটা ফ্লেটৰ পৰা কৌশিকী ধ্যানী নামৰ এগৰাকী যুৱতীৰ আইফোন চুৰি হয়। একেটা দিনতে সেই ভৱনটো আৰু সমীপৰ পেয়িং গেষ্ট তথা ছাত্ৰাৱাসসমূহৰ পৰা কৌশিকীৰ বন্ধুৰ ভাতৃ সক্ষম নেগীৰ ম’বাইলসহ কেইবাটাও লেপটপ আৰু মেকবুক নিমিষতে নোহোৱা কৰে চোৰে। পুৱা প্ৰায় ৪ বজাৰ পৰা ৮ বজাৰ ভিতৰত সংঘটিত হয় এই বৃহৎ চুৰি কাণ্ড। চাঞ্চল্যকৰ বিষয়টো হ’ল, চুৰি হোৱা আইফোনটোত যোগাযোগৰ নম্বৰটো স্পষ্ট হৈ থকাৰ সুযোগ লৈ চোৰটোৱে কৌশিকীলৈ পোনপটীয়াকৈ বাৰ্তা প্ৰেৰণ কৰে।…
Read More
১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, কথমপি প্ৰাণৰক্ষা ১০৪ যাত্ৰীৰ

১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, কথমপি প্ৰাণৰক্ষা ১০৪ যাত্ৰীৰ

১৭ হাজাৰ ফুট উচ্চতাত উৰি থকা অৱস্থাত নামি অহা প্ৰকৃতিৰ তাণ্ডৱৰ ফলত কথমপি প্ৰাণৰক্ষা পৰিল শতাধিক বিমান যাত্ৰী। পাটনাৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰা ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত মাজ আকাশতে প্ৰচণ্ড বজ্ৰপাত পৰাত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় বিমানখনৰ সন্মুখভাগ। পাইলটৰ তাৎক্ষণিক বুদ্ধিমত্তাৰ বাবে লক্ষ্ণৌ বিমানবন্দৰত বিমানখনৰ নিৰাপদ জৰুৰী অৱতৰণ সম্ভৱ হৈ উঠে আৰু কথমপি নিশ্চিত মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে বিমানখনত থকা ১০৪ গৰাকী যাত্ৰী। সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে বিয়লি ৩:১০ বজাত পাটনা বিমানবন্দৰৰ পৰা ১০৪ গৰাকী যাত্ৰী লৈ ইণ্ডিগ’ৰ ‘৬ই৯২৫’ নম্বৰৰ বিমানখনে লক্ষ্ণৌ অভিমুখে উৰা মাৰিছিল। নিৰ্ধাৰিত সময় অনুসৰি বিয়লি ৪:২০ বজাত বিমানখন লক্ষ্ণৌত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু গন্তব্যস্থান পোৱাৰ…
Read More
দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ

দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ

মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হৈ পৰিল এটা চাৰিমহলীয়া আৱাসিক ভৱন! ধ্বংসস্তূপৰ মাজৰ পৰা ভাহি অহা আৰ্তনাদে কঁপাই তুলিলে সমগ্ৰ অঞ্চল। উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী অন্তসত্ত্বা মহিলা আৰু এটি শিশুকে ধৰি তিনিজন লোকৰ কৰুণ মৃত্যু ঘটে। ইফালে, এটি তিনি বছৰীয়া শিশুকে ধৰি কমেও আঠজন লোক গুৰুতৰভাৱে আহত হয়। ধ্বংসস্তূপ আঁতৰোৱাৰ সময়ত ডেৰ বছৰীয়া এটা নিষ্পাপ শিশুৰ ছিন্নমস্তক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই উপস্থিত প্ৰতিজন লোককে শোকস্তব্ধ কৰি তোলে। বুধবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। স্থানীয় সূত্ৰৰ মতে, ইদ্গাহ মাছ বজাৰৰ সমীপত থকা প্ৰায় ২০-২৫ বছৰ পুৰণি আৱাসিক অট্টালিকাটো হঠাতে খহি পৰে। ঘটনাৰ ফলত…
Read More
গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক

গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক

গুৱাহাটীত প্ৰৱেশ কৰিছে জাকে জাকে অবৈধ বাংলাদেশী নাগৰিক ৷ আৰক্ষীৰ জালত শিশু, মহিলাসহ অবৈধ বাংলাদেশী নাগৰিক ৷অবৈধ বাংলাদেশী নাগৰিকক আশ্ৰয় দিছে পল্টনবজাৰৰ একাংশ হোটেল কৰ্তৃপক্ষই ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে এই কথা ৷ঘটনা অনুসৰি আৰক্ষীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ মুঠ ১৮ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে ৷লোকসকল বাংলাদেশৰ ঢাকা, বগুৰা, ৰাজবাৰী, নড়াইল আৰু জামালপুৰ জিলাৰ বাসিন্দা ৷ ৫ অক্টোবৰত অসমত প্ৰৱেশ কৰি দলটোৱে টকৌবাৰীৰ ‘হোটেল ভিণ্টেজ’ত আশ্ৰয় লৈ আছিল, যাতে ট্ৰেইনেৰে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাব পাৰে ৷"ইফালে আৰক্ষীয়ে আটক কৰা এগৰাকী বাংলাদেশী মহিলাৰ পৰা এখন বৈধ আধাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে, য’ত গুজৰাটৰ…
Read More