এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড(এবিডি)-এ অসমত নতুন প্ৰিমিয়াম হুইস্কী ‘দ্য ইণ্ডিয়ান এডিট’ মুকলি কৰিছে, যি ব্ৰেণ্ডটোক ভাৰতীয় পৰিচয়ৰ এক সমসাময়িক প্ৰকাশ আৰু দেশৰ বৰ্ধিত প্ৰিমিয়াম স্পিৰিটছ বজাৰ হিচাপে স্থান প্ৰদান কৰা হৈছে। দ্য ইণ্ডিয়ান এডিট হৈছে উন্নত স্কচ মল্টৰ সৈতে ভাৰতীয় মল্ট আৰু গ্ৰেইন স্পীৰিটৰ এক অনন্য মিশ্ৰণ। কোম্পানীটোৰ মতে এই হুইস্কীত ভেনিলা, কেৰামেল আৰু ওকৰ মৃদু সোৱাদ আছে, য’ত উষ্ম, সমৃদ্ধ আৰু দীঘলীয়া সমাপ্তিৰ বাবে বিশেষ ৰূপ দিয়া হৈছে। ব্ৰেণ্ডটোৰ পেকেজিঙত ভাৰতীয় সাংস্কৃতিক উপাদানসমূহৰ পৰা অনুপ্ৰেৰণা লোৱা হৈছে, বটলত আঞ্চলিক ভাষাসমূহ খোদিত কৰা হৈছে, ভাৰতীয় মুদ্ৰাৰ নোটৰ দ্বাৰা অনুপ্ৰাণিত ডিজাইন, ক্লাছিক ট্ৰেভেলিং চাৰ্কাছৰ কথা সোঁৱৰাই দিয়া এটা ভিণ্টেজ মটিফ আৰু মহাৰাজাৰ মুকুটৰ আভা দিয়া এটা কেপ খোদিত কৰা হৈছে। এবিডিৰ পৰিচালন সঞ্চালক অমৰ সিনহাই কয় যে, ভাৰতৰ সুৰাৰ উদ্যোগ বৰ্তমান গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে, য’ত গ্ৰাহকসকলে ক্ৰমান্বয়ে গুণগত মান, স্বকীয়তা আৰু অধিক উন্নত পানীয়ৰ সোৱাদ বিচাৰিছে। তেওঁ কয় যে, দ্য ইণ্ডিয়ান এডিটে ভাৰতৰ প্ৰিমিয়ামাইজেচন যাত্ৰাত অগ্ৰণী ভূমিকা পালন কৰাৰ এবিডিৰ উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে। এবিডিৰ গ্ৰুপ চীফ মাৰ্কেটিং এণ্ড ইনভেচন অফিচাৰ বিক্ৰম বসুৱে এই বিষয়ে কয় যে, এই হুইস্কীয়ে পৰম্পৰাগত মূল্যবোধৰ সৈতে জড়িত হৈ থকাৰ সমান্তৰালভাৱে আধুনিক, বিশ্বজুৰি প্ৰতিযোগিতামূলক ভাৰতীয়ক উদযাপন কৰে। দ্য ইণ্ডিয়ান এডিট অসম, মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পঞ্জাৱ, চণ্ডীগড়, ঝাড়খণ্ড, ত্ৰিপুৰা, ৰাজস্থান, গোৱা, দমন, তেলেংগানা আৰু পশ্চিম বংগত ৭৫০ মিলি, ৫০০ এমএল আৰু ১৮০ এমএল ফৰ্মেটত উপলব্ধ হ’ব। অসমত ৭৫০ এমএল পেকৰ মূল্য ৯৯০ টকা, আবকাৰী বিধি আৰু কৰৰ বাবে বিভিন্ন ৰাজ্যত মূল্য ভিন্ন হয়।
অসমত এবিডিয়ে মুকলি কৰিলে ‘দ্য ইণ্ডিয়ান এডিট’ প্ৰিমিয়াম হুইস্কী
