Blog

সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ; প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ নিৰ্দেশ

সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ; প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ নিৰ্দেশ

অধিক সংকটজনক হৈ উঠিছে বিশিষ্ট পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। বিগত ১৯ দিন ধৰি তেওঁ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অব্যাহত ৰখা অনশন ধৰ্মঘটৰ প্ৰভাৱ এতিয়া পৰিলক্ষিত হৈছে তেওঁৰ স্বাস্থ্যত। এনে পৰিপ্ৰেক্ষিততে তেওঁৰ স্বাস্থ্য সুৰক্ষাক অগ্ৰাধিকাৰ দি কেন্দ্ৰীয় চৰকাৰলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে দিল্লী উচ্চ ন্যায়ালয়ে। অনশনত বহি থকা সোণম ৱাংচুকৰ স্বাস্থ্য প্ৰতিদিনে চিকিৎসকৰ জৰিয়তে পৰীক্ষা কৰাৰ লগতে প্ৰয়োজন অনুসৰি তৎক্ষণাত চিকিৎসা প্ৰদান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে। মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। সোণম ৱাংচুকৰ জৰুৰী চিকিৎসাৰ দাবীত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি…
Read More
অম্বুবাচী মেলাত শুদ্ধোৎসৱৰ জৰিয়তে হাজাৰ হাজাৰ ভক্তক সেৱা আগবঢ়ালে ছানৰাইজ পিয়ৰে

অম্বুবাচী মেলাত শুদ্ধোৎসৱৰ জৰিয়তে হাজাৰ হাজাৰ ভক্তক সেৱা আগবঢ়ালে ছানৰাইজ পিয়ৰে

আইটিচি লিমিটেড-ৰ অন্তৰ্ভুক্ত মচলা ব্ৰেণ্ড‘ছানৰাইজ পিয়ৰ-এ গুৱাহাটীৰ কামাখ্যা মন্দিৰত আয়োজিত অম্বুবাচী মেলা ২০২৬ৰ সময়ত নিজৰ ধ্বজাবাহী কাৰ্যসূচী শুদ্ধোৎসৱ আয়োজন কৰে। ২১ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত এই ৬ দিনীয়া সামাজিক জনসংযোগ কাৰ্যসূচীৰ জৰিয়তে ব্ৰেণ্ডটোৱে হাজাৰ হাজাৰ ভক্তক সেৱা আগবঢ়ায়।এই পদক্ষেপৰ অংশ হিচাপে ব্ৰেণ্ডটোৱে প্ৰতিদিনে ৫০০তকৈও অধিক ভক্তক সতেজভাৱে প্ৰস্তুত কৰা খিচিৰি যোগান ধৰে আৰু উৎসৱ থলীত ৩,০০০তকৈও অধিক দৰ্শনাৰ্থীৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্যসূচীয়ে সামাজিক সেৱাক গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰে, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ আৰু পবিত্ৰ ধৰ্মীয় সমাৱেশত অংশ লোৱা ভক্তসকলৰ মাজত ব্ৰেণ্ডটোৰ স্থিতি অধিক সুদৃঢ় হয়।আইটিচি লিমিটেডৰ মচলা শাখাৰ ব্যৱসায়িক মুৰব্বী পীয়ূষ মিশ্ৰই…
Read More
আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

পুনৰ জনতাৰ ওপৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। এইবাৰ একে সময়তে বৃদ্ধি পালে চাউল, খোৱা তেল, চেনি আৰু পিয়াঁজকে ধৰি কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ৰাজ্যৰ বিভিন্ন বজাৰত নতুন দৰত বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে দৈনন্দিন বজাৰ খৰচো যথেষ্ট বৃদ্ধি পাইছে। শেহতীয়া বজাৰদৰ অনুসৰি, সোণাশক্তি চাউলৰ এটা বস্তাৰ মূল্য ১,৫৭০ টকাৰ পৰা বৃদ্ধি পাই প্ৰায় ১,৮২০ টকাত উপনীত হৈছে। আৰহাম চাউলৰ দাম ১,২৮০ টকাৰ পৰা ১,৪৩০ টকা আৰু লক্ষ্মীভোগ চাউলৰ দাম ১,২৩৫ টকাৰ পৰা প্ৰায় ১,৩৮০ টকালৈ বৃদ্ধি পাইছে। মিঠাতেলৰ মূল্যও প্ৰতিলিটাৰত ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে। পূৰ্বে ২৩৭ টকাত বিক্ৰী হোৱা ইঞ্জিন ব্ৰেণ্ডৰ তেল বৰ্তমান ২৫৫ টকা আৰু ধাৰা ব্ৰেণ্ডৰ…
Read More
ফাল্কলেণ্ড দ্বীপপুঞ্জ আৰ্জেণ্টিনাৰ দাবীৰে বেনাৰ প্ৰদৰ্শন

ফাল্কলেণ্ড দ্বীপপুঞ্জ আৰ্জেণ্টিনাৰ দাবীৰে বেনাৰ প্ৰদৰ্শন

২০২৬ৰ বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত ইংলেণ্ডক ২-১ গ'লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ পিছত আৰ্জেণ্টিনাৰ খেলুৱৈসকলে এক বিতৰ্কত সাঙোৰ খাই পৰিছে। খেলখন জিকাৰ পিছত আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিছান্দ্ৰ’ মাৰ্টিনেজ আৰু জিওভানি ল’ চেলচ’ই ষ্টেডিয়ামৰ ভিতৰতে এটা ৰাজনৈতিক বেনাৰ প্ৰদৰ্শন কৰে। সেই বেনাৰখনত স্পেনিছ ভাষাত লিখা আছিল— লাছ মালভিনাচ চন আৰ্জেণ্টিনাছ' (ফাল্কলেণ্ড দ্বীপপুঞ্জ আৰ্জেণ্টিনাৰ)। ফিফাৰ ষ্টেডিয়াম নিয়মাৱলী অনুসৰি, খেলপথাৰ বা ষ্টেডিয়ামৰ ভিতৰত কোনো ধৰণৰ ৰাজনৈতিক, আপত্তিজনক বা বৈষম্যমূলক বেনাৰ, পতাকা বা কাপোৰ প্ৰদৰ্শন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। আৰ্জেণ্টিনাৰ খেলুৱৈসকলৰ এই কাৰ্যই ফিফাৰ এই নিয়ম ভংগ কৰা বুলি চৰ্চা হৈছে। ব্ৰিটেইন আৰু আৰ্জেণ্টিনাৰ মাজত ফাল্কলেণ্ড (আৰ্জেণ্টিনাত 'মালভিনাচ' নামেৰে পৰিচিত) দ্বীপপুঞ্জৰ সাৰ্বভৌমত্বক লৈ দীৰ্ঘদিনীয়া বিবাদ…
Read More
টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

টোপনিৰ সময়তে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিলে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ। নিজ ঘৰত শুই থকা সময়তে এখন চিমেণ্টভৰ্তি ট্ৰাকে দেৱাল ভাঙি ভিতৰত প্ৰৱেশ কৰাত নিদ্ৰাৰত অৱস্থাতে ট্ৰাকৰ তলত পিষ্ট হৈ মৃত্যুক সাৱটি লয় তিনিওজনে। দুৰ্ঘটনাটোত ১২ বছৰীয়া কিশোৰীসহ আন দুজন সদস্য গুৰুতৰভাৱে আহত হয়। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি, বাৰাণসীৰ পৰা সোনভদ্ৰ অভিমুখে গৈ থকা চিমেণ্টভৰ্তি ট্ৰাকখনৰ এটা টায়াৰ পুৱা প্ৰায় ৩ বজাত হঠাতে বিস্ফোৰিত হয়। ফলত চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত ট্ৰাকখনে পথৰ দাঁতিতে থকা বাসগৃহটোৰ দেৱাল ভাঙি ভিতৰত সোমাই পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত ঘৰটোৰ এটা…
Read More
ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত ছীল ব্যক্তিগত মাদ্ৰাছা; ১৪৮ ছাত্ৰীক স্বগৃহলৈ প্ৰেৰণ

ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত ছীল ব্যক্তিগত মাদ্ৰাছা; ১৪৮ ছাত্ৰীক স্বগৃহলৈ প্ৰেৰণ

যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈ উঠা বঙাইগাঁৱৰ ব্যক্তিগত এখন মাদ্ৰাছাৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে জিলা প্ৰশাসনে। এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত প্ৰতিবাদ আৰু উত্তেজনাৰ সৃষ্টি হোৱা মাদ্ৰাছাখন ছীল কৰি দিয়াৰ লগতে অধ্যয়নৰত ১৪৮ গৰাকী নাবালিকা ছাত্ৰীক নিজ নিজ পৰিয়ালৰ জিম্মাত প্ৰেৰণ কৰে প্ৰশাসনে। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেৰ্গাঁৱৰ ইশ্বাতুল উলুম মাদ্ৰাছাতুল বানাতত সংঘটিত হয় এই ঘটনা। মাদ্ৰাছাখনৰ শিক্ষক আমিনুল ইছলামে এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে মাদ্ৰাছাখনৰ সামগ্ৰীৰ ক্ষতিসাধন কৰে। ঘটনাৰ পিছত আৰক্ষী অধীক্ষক নুমল মহত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাৰ্যবাহী দণ্ডাধীশক লগত লৈ মাদ্ৰাছাখনত উপস্থিত…
Read More
পাছপ’ৰ্ট নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ নহয়, ই কেৱল ভ্ৰমণৰ নথিহে: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

পাছপ’ৰ্ট নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ নহয়, ই কেৱল ভ্ৰমণৰ নথিহে: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ভাৰতীয় পাছপ’ৰ্ট এখন দেশৰ নাগৰিকসকলৰ বিদেশ যাত্ৰা নিয়ন্ত্ৰণ আৰু সুচল কৰাৰ বাবেহে জাৰি কৰা হয়। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে বৰ্তমান সময়ত ভাৰতৰ মুঠ জনসংখ্যাৰ ৮ শতাংশতকৈও কম লোকৰ হাততহে পাছপ’ৰ্ট আছে। ১৯৬৭ চনৰ পাছপ’ৰ্ট আইন আৰু ১৯৮০ চনৰ পাছপ’ৰ্ট নিয়ম অনুসৰি নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছতহে এই নথিপত্ৰ প্ৰদান কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, পাছপ’ৰ্ট হৈছে মূলতঃ বিদেশ ভ্ৰমণৰ বাবে ব্যৱহৃত এখন নথিপত্ৰ। ভাৰতত নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে কোনো এটা নিৰ্দিষ্ট একক নথিপত্ৰ নাই। উচ্চতম ন্যায়ালয় আৰু দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়দান অনুসৰি— ভোটাৰ…
Read More
অনশন ভংগ কৰিবলৈ সোণম ৱাংচুকলৈ আহ্বান এবছুৰ; কেন্দ্ৰক আলোচনাত বহিবলৈ দাবী

অনশন ভংগ কৰিবলৈ সোণম ৱাংচুকলৈ আহ্বান এবছুৰ; কেন্দ্ৰক আলোচনাত বহিবলৈ দাবী

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত ১৯ দিন ধৰি অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। সময় বাগৰাৰ লগে লগে তেওঁৰ স্বাস্থ্যক লৈও বৃদ্ধি পাইছে উদ্বেগ। এনে পৰিপ্ৰেক্ষিততে এইবাৰ সোণম ৱাংচুকৰ আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিও অনশন ভংগ কৰিবলৈ আহ্বান জনালে অসমৰ অন্যতম প্ৰভাৱশালী ছাত্ৰ সংগঠন সদৌ বড়ো ছাত্ৰ সন্থাই (এবছু)। লগতে আন্দোলনৰ সমাধানৰ বাবে শীঘ্ৰেই আলোচনাত বহিবলৈ কেন্দ্ৰীয় চৰকাৰকো দাবী জনায় সংগঠনটোৱে। কোকৰাঝাৰত সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি খোৰামদাও ৱাৰীয়ে কয় যে, ১৮ দিন ধৰি অনশন পালন কৰি থকা সোণম ৱাংচুকৰ স্বাস্থ্য আৰু অধিক বিপদাপন্ন হোৱাটো কোনেও কামনা নকৰে। ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ আন্দোলন চলি থাকক যদিও তেওঁৰ…
Read More
প্ৰাগজ্যোতিষ নামঘৰত নতুন সভাঘৰৰ উদ্ধোধন

প্ৰাগজ্যোতিষ নামঘৰত নতুন সভাঘৰৰ উদ্ধোধন

গুৱাহাটীৰ প্ৰাগজ্যোতিষ নামঘৰত  প্ৰাক্তন মন্ত্ৰী  ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত কাৰ্যকালত তেওঁৰ বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা আগবঢ়োৱা ৫ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা নতুন সভাঘৰৰ শুভ উদ্ধোধন কৰা হয়।মাংগলিক কাৰ্যৰ মাজেৰে শতাধিক ৰাইজৰ উপস্থিতিত নতুন সভাঘৰটো উদ্ধোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত  শ্ৰী শ্ৰী কুমৰপাৰা ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপ , ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ দেৱজিৎ হাজৰিকা,  যুৱ সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা দেৱান ধ্ৰুৱজ্যোতি মৰলসহ  অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি, ভকত-বৈষ্ণৱ আৰু শুভাকাংক্ষী উপস্থিত থাকে। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি…
Read More
বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেলৰ নিশা ৩.৩০ বজালৈ খোলা থাকিব গুৱাহাটীৰ ৰেষ্টুৰেণ্ট; বিশেষ অনুমতি অসম চৰকাৰৰ

বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেলৰ নিশা ৩.৩০ বজালৈ খোলা থাকিব গুৱাহাটীৰ ৰেষ্টুৰেণ্ট; বিশেষ অনুমতি অসম চৰকাৰৰ

ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচে উত্তেজনা বঢ়াই তোলাৰ পাছত এতিয়া আহি পৰিছে বহুল প্ৰতীক্ষিত ছেমিফাইনেল আৰু ফাইনেলৰ সময়। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফুটবল অনুৰাগীসকলৰ বাবে বিশেষ ঘোষণা কৰিলে অসম চৰকাৰে। বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেল উপভোগ কৰিবলৈ সুবিধা কৰি দি নিৰ্দিষ্ট কেইটামান দিন গুৱাহাটীৰ ৰেষ্টুৰেণ্টসমূহ নিশা ৩.৩০ বজালৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে, ফুটবলে বিশ্বজুৰি কোটি কোটি মানুহক এক সূত্ৰত বান্ধে। সেইবাবে গুৱাহাটীৰ ফুটবল অনুৰাগীসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ ছেমিফাইনেল আৰু ফাইনেল উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।…
Read More