Blog

জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ

জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অৱশেষত প্ৰথমগৰাকী অভিযুক্তৰ জামিন লাভ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে। কেবাটাও চৰ্ত আৰোপ কৰি উচ্চ ন্যায়ালয়ে দুজন জামিনদাৰ আৰু ৫০ হেজাৰ টকা মূল্যৰ বিনিময়ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে।
Read More
ৰে’লত সিঁচৰতি হৈ থকা পোৱালি কুকুৰাক ৰে’ললাইনত দলিয়াই দিয়া ভাইৰেল ভিডিঅ’, আৰক্ষীৰ ব্যৱস্থা

ৰে’লত সিঁচৰতি হৈ থকা পোৱালি কুকুৰাক ৰে’ললাইনত দলিয়াই দিয়া ভাইৰেল ভিডিঅ’, আৰক্ষীৰ ব্যৱস্থা

এজন ব্যক্তিয়ে পোৱালি কুকুৰাবোৰক ৰে’ললাইনত দলিয়াই দি মৰিবলৈ এৰি দিয়াৰ এক ভয়ংকৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াই দাখিল কৰা অভিযোগৰ ভিত্তিত গুৱাহাটী আৰক্ষীয়ে এক প্ৰাথমিক তথ্য প্ৰতিবেদন (এজাহাৰ) দাখিল কৰিছে। পেটা ইণ্ডিয়াই স্থানীয় প্ৰাণী অধিকাৰ কৰ্মী অদিতি বক্সীৰ সহযোগত ভিডিঅ’টো লাভ কৰাৰ পিছত আৰক্ষীৰ ওচৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ৰ ৩২৫ নং ধাৰা আৰু পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ ১১(১)(ক), ১১(১)(ঘ), ১১(১)(ঙ), ১১(১)(ট) আৰু ৩৮(৩) ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰে। পোৱালি কুকুৰাবোৰ কণী বা মাংস উদ্যোগৰ পৰা অহা বুলি বিশ্বাস কৰা হৈছে। ভিডিঅ’টোত ৰে’লৰ মজিয়াত…
Read More
প্ৰধানমন্ত্ৰী মোডীৰ ২৫ বছৰীয়া ৰাজহুৱা সেৱা সন্দৰ্ভত অসম কেবিনেটৰ ৭৫টা প্ৰস্তাৱ গ্ৰহণ

প্ৰধানমন্ত্ৰী মোডীৰ ২৫ বছৰীয়া ৰাজহুৱা সেৱা সন্দৰ্ভত অসম কেবিনেটৰ ৭৫টা প্ৰস্তাৱ গ্ৰহণ

অসম কেবিনেটে ৯ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আৰু উত্তৰ-পূবৰ উন্নয়নত আগবঢ়োৱা অৱদানক উল্লেখ কৰি ৭৫টা প্ৰস্তাৱ গ্ৰহণ কৰে। আন্তঃগাঁথনি, সংযোগ, ঔদ্যোগিক বিকাশ, স্বাস্থ্যসেৱা, শিক্ষা, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোডীৰ ৰাজহুৱা সেৱাৰ ২৫ বছৰ উপলক্ষে আয়োজিত বিশেষ ৯০ মিনিটীয়া কেবিনেট বৈঠকত সভাপতিত্ব কৰে, য'ত তেওঁৰ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকালৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী হিচাপে থকা বছৰসমূহ সামৰি লোৱা হয়। বৈঠকৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি শৰ্মাই কয় যে সুৰক্ষা ব্যৱস্থাৰ উন্নতিয়ে উন্নয়নৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে, উন্নত সংযোগে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিছে আৰু ঔদ্যোগিক বিকাশ আৰু বিনিয়োগে…
Read More
কাইলৈ পৰা আৰম্ভ ইণ্ডিয়ান ছুপাৰ লিগ ২০২৬-২৭

কাইলৈ পৰা আৰম্ভ ইণ্ডিয়ান ছুপাৰ লিগ ২০২৬-২৭

বিগত ছিজনৰ নানা বিতৰ্ক আৰু সংক্ষিপ্ত ৰূপৰ অন্ত পেলাই শনিবাৰৰ পৰা পুৰণি ঘৰুৱা-বহিঃঘৰুৱা ফৰ্মেটেৰে পুনৰ আৰম্ভ হ’বলৈ গৈ আছে ইণ্ডিয়ান ছুপাৰ লিগ ২০২৬-২৭ ছিজন। লীগৰ ১৩ সংখ্যক সংস্কৰণত বেংগালুৰুৰ শ্ৰী কান্টীৰৱা ষ্টেডিয়ামত উদ্বোধনী মেচখন বেংগালুৰু এফ চি আৰু এছ চি দিল্লীৰ মাজত অনুষ্ঠিত হ’ব।  লিগৰ শেষত পইণ্ট তালিকাৰ শীৰ্ষত থকা দলটোৱে ‘আই এছ এল শ্বিল্ড’ অৰ্জন কৰিব আৰু প্ৰথম ছটা দলে ‘আই এছ এল কাপ’ৰ বাবে প্লে-অফ পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিব। মটৰ আৰু অটোমোবাইল প্ৰতিষ্ঠান এম জি-ৰ সৈতে ২৫ কোটি টকাৰ দুবছৰীয়া প্ৰায়োজক চুক্তি স্বাক্ষৰ কৰাৰ লগতে ইউটিউবৰ সৈতে ডিজিটেল সম্প্ৰচাৰৰ অংশীদাৰিত্ব লাভ কৰিছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ১.১ কোটি টকাৰ…
Read More
প্ৰতিবাদ ৰুধিবলৈ দিল্লীত ৰে’ল-মেট্ৰ’ সম্পূৰ্ণ স্তব্ধ কৰা কাৰ্যক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি; সাধাৰণ নাগৰিকৰ যাতায়াতৰ অধিকাৰ খৰ্ব নকৰিবলৈ সকীয়নি

প্ৰতিবাদ ৰুধিবলৈ দিল্লীত ৰে’ল-মেট্ৰ’ সম্পূৰ্ণ স্তব্ধ কৰা কাৰ্যক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি; সাধাৰণ নাগৰিকৰ যাতায়াতৰ অধিকাৰ খৰ্ব নকৰিবলৈ সকীয়নি

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টী আৰু বিৰোধী দলসমূহে ঘোষণা কৰা ১০ অক্টোবৰৰ প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানীত মেট্ৰ’ আৰু ৰে’ল সেৱা বন্ধ কৰা কাৰ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। প্ৰতিবাদ নিয়ন্ত্ৰণৰ নামত জনসাধাৰণৰ মৌলিক সা-সুবিধা আৰু যাতায়াতৰ অধিকাৰ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে আদালতে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত তিনিজনীয়া বিচাৰপীঠে শুক্ৰবাৰে দিল্লীত বলৱৎ কৰা নিষেধাজ্ঞা সম্পৰ্কীয় আৱেদনসমূহৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল, গোপাল শংকৰনাৰায়ণন আৰু বৃন্দা গ্ৰোভাৰে মেট্ৰ’ ষ্টেচন ছীল কৰা আৰু দূৰণিবটীয়া ৰে’লসমূহ আৰম্ভণি…
Read More
কাৰাগাৰৰ পৰা মহিলা কয়দীক ঘৰলৈ নি বান্দীৰ দৰে আচৰণ! নিজৰ অধীনত থকা কাৰাগাৰৰে কয়দী হ’ল প্ৰাক্তন জেইলাৰ দিব্যা চৌধুৰী

কাৰাগাৰৰ পৰা মহিলা কয়দীক ঘৰলৈ নি বান্দীৰ দৰে আচৰণ! নিজৰ অধীনত থকা কাৰাগাৰৰে কয়দী হ’ল প্ৰাক্তন জেইলাৰ দিব্যা চৌধুৰী

কয়দী নহয় যেন নিজৰ ঘৰৰ বান্দীহে! কাৰাগাৰৰ মহিলা কয়দীক ঘৰলৈ নি ঘৰ মচা, ঘৰ সৰাৰ দৰে কামত খটাই আহিছিল এগৰাকী জেইলাৰে। শেহতীয়াকৈ ৰাজস্থানৰ অজমেৰত এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মহিলা কাৰাগাৰৰ তদানীন্তন ভাৰপ্ৰাপ্ত জেইলৰ দিব্যা চৌধুৰীক। জানিব পৰা মতে, যোৱা ১২ জুলাইত সংঘটিত হৈছিল এই ঘটনা। দিব্যা চৌধুৰীয়ে ছোনিয়া নামৰ এগৰাকী মহিলা কাৰাৰক্ষীৰ সহযোগত কাৰাগাৰৰ সকলো নীতি-নিয়ম উলংঘা কৰি দুগৰাকী মহিলা কাৰাবন্দীক বাহিৰলৈ উলিয়াই নিয়ে। কাৰাগাৰৰ অন্যান্য কৰ্মচাৰীসকলে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰা সত্ত্বেও নিজৰ প্ৰভাৱ খটুৱাই তেওঁলোকক নিজৰ ব্যক্তিগত আৱাসলৈ লৈ যায় আৰু তাত ঘৰ মচা, ঘৰ সৰা আদি চাফ-চিকুণৰ কাম…
Read More
ওড়িশাৰ বক্সাইট খনিৰ বাবে ব্যক্তিগত নেটৱৰ্ক নিৰ্মাণ কৰিবলৈ ভি বিজনেছ আৰু হিণ্ডালকোৰ অংশীদাৰিত্ব

ওড়িশাৰ বক্সাইট খনিৰ বাবে ব্যক্তিগত নেটৱৰ্ক নিৰ্মাণ কৰিবলৈ ভি বিজনেছ আৰু হিণ্ডালকোৰ অংশীদাৰিত্ব

টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়াৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে হিণ্ডালকো ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই পদক্ষেপৰ অধীনত ওড়িশাৰ ৰায়গড়া জিলাত অৱস্থিত হিণ্ডালকোৰ বাফলি মালী বক্সাইট খনি প্ৰকল্পত এটা সমৰ্পিত ব্যক্তিগত নেটৱৰ্ক স্থাপন কৰা হ’ব। কোম্পানীটোৰ বাবে এয়া হ’ল প্ৰথমটো ব্যক্তিগত নেটৱৰ্কৰ ৰূপায়ণ। এই বহুদিনীয়া পৰিচালিত সেৱাৰ নিয়োজনত স্পেকট্ৰাম, ক’ৰ আৰু পৰিচালিত সেৱাকে ধৰি সমগ্ৰ ব্যক্তিগত নেটৱৰ্ক ষ্টেক অন্তৰ্ভুক্ত থাকিব। এই নেটৱৰ্কে খনিৰ সমগ্ৰ কাৰ্য-কলাপত সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য সংযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। লগতে ই হিণ্ডালকোৰ ইণ্ডাষ্ট্ৰী ৪.০ আৰু ডিজিটেল পৰিৱৰ্তনৰ উদ্যোগসমূহৰ বাবে ডিজিটেল মেৰুদণ্ড হিচাপে কাম কৰিব। কোম্পানী দুটাৰ মতে, এই নেটৱৰ্কে শ্ৰমিকৰ সুৰক্ষা সংক্ৰান্তীয় সেৱা, যান-বাহন পৰিচালনা,…
Read More
মিছানোত টিআৰআইচিৰ প্ৰথম প্ৰদৰ্শনেৰে গোলকীয় মটৰচাইকেল যাত্ৰা ইউৰোপলৈ সম্প্ৰসাৰণ  টিভিএছ মটৰ কোম্পানীৰ

মিছানোত টিআৰআইচিৰ প্ৰথম প্ৰদৰ্শনেৰে গোলকীয় মটৰচাইকেল যাত্ৰা ইউৰোপলৈ সম্প্ৰসাৰণ  টিভিএছ মটৰ কোম্পানীৰ

বিশ্বৰ তৃতীয় বৃহত্তম দ্বি-চকীয়া বাহন নিৰ্মাতা আৰু ত্ৰি-চকীয়া বাহন নিৰ্মাণৰ গোলকীয় প্ৰতিষ্ঠান টিভিএছ মটৰ কোম্পানীয়ে ইটালীৰ মিছানো এড্ৰিয়াটিকোৰ ঐতিহাসিক মিছানো ৱৰ্ল্ড চাৰ্কিটত ২০২৬ টিভিএছ ৰেচিং ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপৰ ইউৰোপীয় প্ৰথম প্ৰদৰ্শনেৰে নিজৰ গোলকীয় মটৰচাইকেল উচ্চাকাংক্ষাক অধিক সুদৃঢ় কৰি তুলিছে। ২০২৬ চনৰ ২-৪ অক্টোবৰত অনুষ্ঠিত ইটালীৰ এই প্ৰতিযোগিতাখনে টিভিএছ মটৰৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত এক গুৰুত্বপূৰ্ণ নতুন অধ্যায়ৰ সূচনা কৰে, যিয়ে ইয়াৰ ৰেচিং ঐতিহ্য, অভিযান্ত্ৰিক দক্ষতা আৰু প্ৰদৰ্শন-ভিত্তিক দৰ্শনক বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত মটৰচাইকেল পৰিস্থিতিতন্ত্ৰলৈ লৈ আহিছে। ইটালী ৰাউণ্ডত ৪খন মহাদেশৰ ১২খন দেশক প্ৰতিনিধিত্ব কৰা ১৪ গৰাকী দ্ৰুততম ৰেচাৰে টিআৰআইচি ৰেচ-স্পেক টিভিএছ আপাচে আৰআৰ ৩১০ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। টিআৰআইচিৰ এই ইউৰোপীয় আত্মপ্ৰকাশ এই যাত্ৰাৰ আন…
Read More
হিংসাজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

হিংসাজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

হিংসাজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা । এক ব্যাপক কূটাঘাতমূলক পৰিকল্পনা ব্যৰ্থ কৰে নিৰাপত্তা বাহিনীয়ে । যাৰ বাবে বহু লোকৰ হতাহতৰ সম্ভাৱনা প্ৰতিহত কৰিব পৰা যায় ।মণিপুৰৰ কামজং জিলাত ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত স্থাপন কৰা ২৭টা ইম্প্ৰভাইজড বিস্ফোৰক (আই ই ডি) উদ্ধাৰ কৰে ।উদ্ধাৰ হোৱা এই আইইডিকেইটা ভাৰতীয় সেনাৰ বোমা নিষ্কাশনকাৰী দলে শ্বাংখালোক-পিলং ষ্ট্ৰেচত নিষ্ক্ৰিয় কৰে ।পাহাৰীয়া পথৰ জোপোহাৰ মাজত এই আইইডিকেইটা লুকুৱাই ৰখা হৈছিল বুলি বিষয়াসকলে জনায় । এই অভিযানত স্নিফাৰ ডগো নিয়োগ কৰা হৈছিল ।
Read More
পুনৰ ধৰা পৰিছে বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিক

পুনৰ ধৰা পৰিছে বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিক

গুৱাহাটীত পুনৰ ধৰা পৰিছে বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিক । মঙলবাৰ আৰু বুধবাৰে আৰক্ষীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ মুঠ ১৮ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ ৫৭ জন বাংলাদেশীক আটক কৰা হয় ।বিগত দুদিনত আৰক্ষীয়ে দুটা পৃথকে পৃথকে চলোৱা অভিযানত মহিলা আৰু শিশুকে ধৰি বাংলাদেশৰ ১৮ জন লোকক আটক কৰিছিল । বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই কামাখ্যা জংচনত ৫৭ জন বাংলাদেশী নাগৰিকক আটক কৰে । ব্ৰহ্মপুত্র মেইলেৰে দিল্লীৰ পৰা আহিছিল দলটো । কাশ্মীৰৰ পৰা দিল্লী হৈ বাংলাদেশী নাগৰিকৰ দলটো গুৱাহাটীলৈ আহি ধৰা পৰে ।
Read More