ইনষ্টাগ্ৰামৰ জৰিয়তে অভিজাত শ্ৰেণীৰ লোকক টাৰ্গেট কৰা বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত যোৰহাট আৰক্ষীৰ । যুৱতী, মহিলাসহ তিনি যুৱকক গ্ৰেপ্তাৰ ।এই চক্ৰটোৱে তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত এজন মেনেজাৰক প্রেমৰ জালত পেলাই পৰৱর্তী সময়ত ব্লেকমেইলিং কৰি লাখে লাখে টকা সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে ।সুন্দৰী যুৱতীগৰাকীৰ সৈতে ইনষ্টাগ্ৰামত তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত এগৰাকী বেংক মেনেজাৰ চিনাকি হৈছিল। ইয়াৰ পিছতে মেনেজাৰজনক বিবাহিত মহিলাগৰাকীয়ে যোৰহাটত লগ কৰিবলৈ মাতিছিল । আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে বিগত আগষ্ট মাহত যোৰহাটৰ অজন্তা হলৰ সমীপৰ এটা ভাড়া ঘৰত দুয়ো নৈশ যাপন কৰিছিল।ঠিক তেনে সময়তে দুয়োয়ে অন্তৰংগ মুহূৰ্ত কটোৱা সেই কোঠাটোত পৰিকল্পিতভাৱে দুজন যুৱকে প্রৱেশ কৰিছিল । দুয়োয়ে পূৰ্ব পৰিকল্পিতভাৱে সেই অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ৰেকর্ডিং কৰে । ৰেকর্ডিঙৰ পিছতে চক্রটোৱে ব্লেকমেইলিং আৰম্ভ কৰি প্রথমে বেংক মেনেজাৰৰ পৰা ২ লাখ পিছত ১ লাখ ১৫ হাজাৰ টকা সংগ্রহ কৰিছিল । পৰৱৰ্তী সময়ত পুনৰ ৫ লাখ টকা দাবী কৰিছিল ।উপায়ন্তৰ হৈ তিনিচুকীয়াৰ এটা বেংকত কৰ্মৰত বেংক মেনেজাৰজনে আৰক্ষীৰ কাষ চাপে আৰু এজাহাৰ দাখিল কৰে ।
বৃহৎ হানি ট্ৰেপিং চক্ৰক উৎখাত
