07
Oct
তীব্ৰ বিতৰ্ক আৰু ৰাজধানীত সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদৰ পিছতে নিজৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ'ল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৭ আৰু ৮ অক্টোবৰত নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰাৰ কথা আছিল যদিও ‘অপৰিহাৰ্য কাৰণ’ দেখুৱাই এই ভ্ৰমণ বাতিল কৰা বুলি ছত্তীশগড়ৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিশ্চিত কৰিছে। ভোটদাতা তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া আৰু প্ৰ-পত্ৰ ৬-ৰ সালসলনিক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধী দলসমূহে ধাৰাবাহিকভাৱে অভিযোগ উত্থাপন কৰি আহিছে। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত আবেদন বিচাৰাধীন হৈ থকাৰ লগতে সংসদত মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে ইমপিচমেণ্ট প্ৰস্তাৱ অনাৰো চৰ্চা চলিছে। ইয়াৰ মাজতে মঙলবাৰে ৰাজধানী দিল্লীত বিৰোধী…
