Blog

ৰিং এৰি ৰাজপথত অলিম্পিয়ান লাভলীনা বৰগোঁহাই; মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত দিল্লী আৰক্ষীৰ সৈতে দিলে সান্ধ্য টহল

ৰিং এৰি ৰাজপথত অলিম্পিয়ান লাভলীনা বৰগোঁহাই; মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত দিল্লী আৰক্ষীৰ সৈতে দিলে সান্ধ্য টহল

বক্সিঙৰ ৰিঙত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ পিছত এইবাৰ মহিলাৰ সুৰক্ষা আৰু সজাগতাৰ হকে ৰাজপথলৈ ওলাই আহিল অসম কন্যা লাভলীনা বৰগোঁহাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজৌৰী গাৰ্ডেন অঞ্চলত মহিলা আৰক্ষী কৰ্মীসকলৰ সৈতে এক বিশেষ সান্ধ্যকালীন পদযাত্ৰা তথা টহলত অংশ লয় অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে। মহিলাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা আৰু জনসাধাৰণক মহিলা নিৰাপত্তাৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্যেই দিল্লী আৰক্ষীয়ে হাতত লৈছিল এই অভিনৱ পদক্ষেপ। টহলৰ সময়ছোৱাত লাভলীনাই মহিলা আৰক্ষীৰ দলটোৰ সৈতে মিলি বজাৰ এলেকাৰ ব্যৱসায়ী, স্থানীয় বাসিন্দা তথা সাধাৰণ মহিলাসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে। ৰাজহুৱা স্থানসমূহত মহিলাৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰক্ষীৰ এনে প্ৰচেষ্টাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি লাভলীনাই সকলোকে…
Read More
ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

ভূটানত আদানী গোষ্ঠীৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প; ৭৭০ মেগাৱাট শক্তি উৎপাদনৰ বাবে ড্ৰুক গ্ৰীণ পাৱাৰৰ সৈতে ঐতিহাসিক চুক্তি

দক্ষিণ এছিয়াৰ শক্তি খণ্ডক অধিক স্বাৱলম্বী কৰাৰ দিশত অগ্ৰসৰ হৈ ভূটানৰ মাটিত আন এক মেগা প্ৰকল্পত হাত দিলে ভাৰতৰ আদানী পাৱাৰে। ভূটান চৰকাৰৰ অধীনস্থ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্পোৰেচন চমুকৈ ডিজিপিচিৰ সৈতে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰি দেশখনত ৭৭০ মেগাৱাট সম্পন্ন চামখাৰছু-১ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পথ প্ৰশস্ত কৰিছে প্ৰতিষ্ঠানটোৱে। ২০২৭ চনৰ প্ৰথম ভাগৰ পৰাই আৰম্ভ হ’বলগীয়া এই প্ৰকল্পৰ কাম ভূমি পূজনৰ ছয় বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ভূটানৰ ঝেমগাং জিলাৰ চামখাৰছু নদীৰ বুকুত গঢ় লৈ উঠিবলগীয়া এই মেগা প্ৰকল্পটো আদানী পাৱাৰ আৰু ডিজিপিচিৰ মাজত ৪৯:৫১ অংশীদাৰিত্বৰে গঢ়ি তোলা হ’ব। নিৰ্মাণ, মালিকীস্বত্ব, পৰিচালনা আৰু হস্তান্তৰ চমুকৈ বুট আৰ্হিত নিৰ্মাণ…
Read More
মালাবাৰ গ্ৰুপৰ ২০ কোটি টকীয়া চিএছআৰ প্ৰকল্পৰ জৰিয়তে ব্যাপক সামাজিক বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ

মালাবাৰ গ্ৰুপৰ ২০ কোটি টকীয়া চিএছআৰ প্ৰকল্পৰ জৰিয়তে ব্যাপক সামাজিক বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ

দেশৰ আগশাৰীৰ ব্যৱসায়িক গোষ্ঠী তথা মালাবাৰ গ’ল্ড এণ্ড ডায়মণ্ডছৰ মূল কোম্পানী মালাবাৰ গ্ৰুপে কৰ্পৰেট-চৰকাৰী সহযোগিতা আৰু সামগ্ৰিক উন্নয়নক অধিক সুদৃঢ় কৰিবলৈ পশ্চিম বংগ চৰকাৰৰ সৈতে এক সন্মতি পত্ৰত স্বাক্ষৰ কৰিছে। গ্ৰুপটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পশ্চিম বংগত চিএছআৰ পদক্ষেপৰ বাবে ২০ কোটি টকা আৱণ্টন কৰিছে।বিত্ত মন্ত্ৰী ড° স্বপন দাসগুপ্তৰ সৈতে এই সন্মতি পত্ৰত মালাবাৰ গ’ল্ড এণ্ড ডায়মণ্ডছৰ আঞ্চলিক মুৰব্বী (পূব ভাৰত) তহচিল আহমেদ, উৎপাদন মুৰব্বী চাজিদ এন কে আৰু জ্যেষ্ঠ প্ৰবন্ধক (চিএছআৰ) শ্ববীৰ পি কে-ই স্বাক্ষৰ কৰে। এই অংশীদাৰিত্ব ৰাজ্যখনৰ সংহত চিএছআৰ গাঁথনিৰ সৈতে সংগতিপূৰ্ণ, য’ত বিত্ত বিভাগ, ৰাজ্যিক চিএছআৰ পৰিষদ, পশ্চিম বংগ চিএছআৰ পৰ্টেল আৰু চিএছআৰ প্ৰকল্প সুবিধা গোট…
Read More
আইএফকিউএম ছিম্প’জিয়াম ২০২৬: ‘বিকশিত ভাৰত’ অভিযানক গতি দিবলৈ গুণগত মানদণ্ড আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ

আইএফকিউএম ছিম্প’জিয়াম ২০২৬: ‘বিকশিত ভাৰত’ অভিযানক গতি দিবলৈ গুণগত মানদণ্ড আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ

নতুন দিল্লীত সোমবাৰে অনুষ্ঠিত তৃতীয় আইএফকিউএম ছিম্প’জিয়াম ২০২৬ত উদ্যোগৰ অগ্ৰদূতসকলে কয় যে, বিশ্বজুৰি প্ৰতিযোগিতামূলক আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ ভাৰতৰ লক্ষ্য গুণগত মানদণ্ড, উদ্ভাৱন আৰু পৰিসৰৰ দ্বাৰা চালিত হ’ব লাগিব।কেন্দ্ৰীয় যোগাযোগ তথা ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই মূল ভাষণ প্ৰদান কৰি কয় যে, গুণগত মানদণ্ড, উদ্ভাৱন আৰু আত্মনিৰ্ভৰশীলতাৰ শিক্ষাৰ বাবে বিশ্বই ক্ৰমাৎ ভাৰতৰ ফাললৈ মনোযোগ দিব লাগিব। তেওঁ ইণ্ডিয়ান ফাউণ্ডেচন ফৰ কোৱালিটি মেনেজমেণ্ট(আইএফকিউএম)ৰ দৰে পদক্ষেপসমূহক বিকশিত ভাৰত@২০৪৭ আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে সংগতি থকাৰ কথা উল্লেখ কৰে।টাটা ছনছৰ কাৰ্যবাহী সভাপতি এন চন্দ্ৰশেকৰণে এই বিষয়ে কয় যে, বিশ্বজনীন অনিশ্চয়তাৰ মাজতো আন্তঃগাঁথনি, উৎপাদন, নিৰীক্ষণভিত্তিক উৎপাদন, শিক্ষা আৰু দক্ষতা উন্নয়নত ভাৰতৰ প্ৰগতিয়ে…
Read More
টিভিএছৰ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি

টিভিএছৰ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি

টিভিএছ মটৰে সোমবাৰে ওড়িশাৰ কটকত এটা দিনতে আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ ১০০তকৈও অধিক বাহন গ্ৰাহকক যোগান ধৰিবলৈ সক্ষম হয়, যিয়ে ফেষ্টিভ ছিজনত এই বৈদ্যুতিক স্কুটাৰখনৰ প্ৰতি গ্ৰাহকৰ তীব্ৰ সঁহাৰিৰ দিশটো পোহৰাই তুলিছে। ভাৰতীয় ৰাজপথত ১ মিলিয়নতকৈ অধিক টিভিএছ আইকিউব স্কুটাৰ বিক্ৰীৰ মাইলষ্টোন স্পৰ্শৰ স্মৃতি ৰোমন্থন কৰি যোৱা ২৫ আগষ্টত এই স্পেচিয়েল এডিচনটো মুকলি কৰাৰ কিছুদিন পিছতেই এই বৃহৎ ডেলিভাৰী অনুষ্ঠানটো অনুষ্ঠিত হয়। টিভিএছ মটৰে কয় যে, এই গুৰুত্বপূৰ্ণ সাফল্যই এখন আগশাৰীৰ পাৰিবাৰিক ইলেট্ৰিক স্কুটাৰ হিচাপে আইকিউবৰ স্থিতি অধিক সুদৃঢ় কৰিছে, আনহাতে কোম্পানীটোৱে এই বছৰ ইলেট্ৰিক দুচকীয়া বাহন খণ্ডত বজাৰ অংশীদাৰিত্বৰ ফালৰ পৰা শীৰ্ষ স্থানত উপনীত হৈছে। ৩.৫ কিলোৱাট ঘণ্টা ভেৰিয়েণ্টৰ…
Read More
ইভি বাহন আৰু আন্তঃৰাষ্ট্ৰীয় বিক্ৰী দ্ৰুততৰ হোৱাৰ ফলত টিভিএছ মটৰে দ্বিতীয় ত্ৰৈমাসিকত অৰ্জন কৰিছে ২৭% বৃদ্ধি

ইভি বাহন আৰু আন্তঃৰাষ্ট্ৰীয় বিক্ৰী দ্ৰুততৰ হোৱাৰ ফলত টিভিএছ মটৰে দ্বিতীয় ত্ৰৈমাসিকত অৰ্জন কৰিছে ২৭% বৃদ্ধি

টিভিএছ ভেন্যুৰ অংশ টিভিএছ মটৰ কোম্পানীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত দুচকীয়া বাহনৰ বিক্ৰীত ২৭% বৃদ্ধিৰ কথা সদৰি কৰিছে। এই পৰিসংখ্যাই কোম্পানীটোৰ বিক্ৰী পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষৰ একে ত্ৰৈমাসিকৰ ১.৫ নিযুত খন বাহনৰ পৰা বৃদ্ধি পাই ১.৮ নিযুতখন বাহন হৈছেগৈ। কোম্পানীটোৱে মুঠ ত্ৰৈমাসিক বিক্ৰী ১.৯ নিযুতলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।  তিনিচকীয়া বাহনৰ বিক্ৰী ৪৭% বৃদ্ধি পাই ৫৩,৪৪৯ ইউনিটৰ পৰা ৭৮,৪৭৫ ইউনিট হৈছে, আনহাতে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় ৩৫% বৃদ্ধি পাই প্ৰায় ৪০০,০০০খন বাহনৰ পৰা ৫৩৯,০০০ খন হৈছে। বৈদুতিক দুচকীয়া বাহনৰ বিক্ৰী প্ৰধান বিকাশৰ চালিকাশক্তি হিচাপে প্ৰমাণিত হৈছে, যি এই ত্ৰৈমাসিকত ১৩৩% বৃদ্ধি পাই ১৮৬,০০০ ইউনিট স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। টিভিএছ মটৰে ২০২৬ চনৰ…
Read More
ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ ষষ্ঠ সমাৱৰ্তন: সুধা মূৰ্তি আৰু ড° অশোক ছেঠক প্ৰদান কৰা হ’ব সন্মানীয় ডিগ্ৰী

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ ষষ্ঠ সমাৱৰ্তন: সুধা মূৰ্তি আৰু ড° অশোক ছেঠক প্ৰদান কৰা হ’ব সন্মানীয় ডিগ্ৰী

গুৱাহাটীৰ আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ (RGU) ষষ্ঠ সমাৱৰ্তন অনুষ্ঠান অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত সভাপতিত্ব কৰিব অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এই সমাৱৰ্তনত নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে পাঁচগৰাকী ব্যক্তিক সন্মানীয় 'অনাৰিছ কজা' (Honoris Causa) ডিগ্ৰী প্ৰদান কৰা হ’ব। নতুন দিল্লীৰ ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ অধ্যক্ষ তথা পদ্মভূষণ বিজয়ী ড° অশোক ছেঠক 'ডক্টৰ অফ চাইন্স' (D.Sc.) ডিগ্ৰী প্ৰদান কৰা হ’ব। একেদৰে, ৰাজ্যসভাৰ সাংসদ, বিশিষ্ট লেখিকা তথা সমাজকৰ্মী সুধা মূৰ্তিক 'ডক্টৰ অফ লেটাৰ্ছ' (D.Litt.) ডিগ্ৰী প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সজ্জন জিন্দাল, অসমৰ এডভোকেট জেনেৰেল তথা…
Read More
১০ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰলৈকে দেশজুৰি কংগ্ৰেছে কৰিব প্ৰতিবাদ

১০ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰলৈকে দেশজুৰি কংগ্ৰেছে কৰিব প্ৰতিবাদ

১০ অক্টোবৰৰ পৰা দেশৰ বিভিন্ন পৰ্যায়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে ৷ সোমবাৰে এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতৃত্বই ৷সোমবাৰে সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিসকল সৈতে হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ নেতৃত্বই ৷
Read More
ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পূজা মণ্ডপত আৰম্ভ হৈছে প্ৰস্তুতিৰ কাম। পূজা মণ্ডপ সজাই-পৰাই তোলাৰ লগতে আলোকসজ্জা আৰু অন্যান্য কামতো ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল।সমান্তৰালভাৱে ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰো। দিন-ৰাতি একাকাৰ কৰি দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল। মাটি, খেৰ আৰু অন্যান্য সামগ্ৰীৰে নিপুণ হাতেৰে প্ৰতিমাক ৰূপ দিয়াৰ কাম এতিয়া পূৰ্ণগতিত চলিছে।প্ৰতিমাৰ আকাৰ আৰু নক্সা অনুসৰি শিল্পীসকলে দিনে-নিশাই কাম কৰি আছে। প্ৰথমে মাটিৰে প্ৰতিমাৰ গাঁথনি প্ৰস্তুত কৰাৰ পিছত ধাপে ধাপে মাটিৰ প্ৰলেপ, শুকোৱা, ৰং কৰা আৰু অলংকাৰ সংযোজনৰ কাম সম্পন্ন কৰা হৈছে।দুৰ্গা পূজাৰ আগমনৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি…
Read More
ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব

ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব

বিশ্বজুৰি পুনৰ মহামাৰী প্লেগ (Plague) ৰোগৰ আতংকৰ সৃষ্টি হৈছে ৷ ক'ভিড মহামৰীতকৈও অধিক ভয়াৱহ প্লেগ বেমাৰ ৰাছিয়াৰ পৰা বিয়পিছে বুলি বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে ৷ যাৰ বাবে ৰাছিয়াৰ ২০০ জনৰো অধিক লোকক কোৱাৰেণ্টাইনত ৰখা বুলি জানিব পৰা গৈছে ৷ সমান্তৰালকৈ ৰাছিয়াৰ কেইবাখনো চিকিৎসালয়ক কোৱাৰেণ্টাইন জ'ন হিচাবে ঘোষণা কৰি বন্ধ কৰি দিছে প্ৰশাসনে ৷ৰাছিয়াত শেহতীয়াকৈ আৰম্ভ হৈছে কোৱাৰেণ্টাইন প্ৰক্ৰিয়া ৷ দেশখনত নতুনকৈ প্ৰৱেশ কৰা নাগৰিকক পৃথককৈ ৰখা হৈছে ৷ বিমান বন্দৰৰ পৰা বা বাছেৰে যোৱা মানুহক পৰিয়ালৰ সৈতে লগ হ'বলৈ দিয়া নাই চিকিৎসকে ৷ ৰাজহুৱা স্থানৰ পৰা যোৱা লোকক পৃথককৈ ৰখা হৈছে ৷ ৰাছিয়াৰ স্থানীয় সংবাদ মাধ্যম TASS-এ দাবী কৰা অনুসৰি,…
Read More