Blog

বৰপেটাৰ কাৰাইখাইতিত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

বৰপেটাৰ কাৰাইখাইতিত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ কাৰাইখাইতি বজাৰত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই কাছুমাৰা আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।আৰক্ষীৰ অভিযোগ অনুসৰি, ৰফিকুল ইছলামে কাৰাইখাইতি বজাৰত দীৰ্ঘদিন ধৰি চিকিৎসকৰ পৰিচয় দি অবৈধভাৱে চিকিৎসা সেৱা আগবঢ়াই আহিছিল। ইয়াৰ উপৰি, তেওঁ অবৈধভাৱে গৰ্ভপাত কৰোৱাৰ কামতো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি, স্বয়ম্ভু চিকিৎসকজনে এখন ফাৰ্মাচীও অবৈধভাৱে চলাই আহিছিল। কাছুমাৰা আৰক্ষীয়ে অভিযান চলাই ৰফিকুল ইছলামৰ ফাৰ্মাচীৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে।ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা ৰফিকুল ইছলামৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।
Read More
ইতিহাস সৃষ্টি কৰি ডিএলবি পাটকাইৰ ডিব্ৰুগড়ৰ পৰা ঢাকালৈ যাত্রা: ৰাজ্যিক বিজেপি

ইতিহাস সৃষ্টি কৰি ডিএলবি পাটকাইৰ ডিব্ৰুগড়ৰ পৰা ঢাকালৈ যাত্রা: ৰাজ্যিক বিজেপি

স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ডিব্ৰুগড়ৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰা আজিৰে পৰা ঐতিহাসিক শুভাৰম্ভ হৈছে। কেন্দ্রীয় চৰকাৰৰ বন্দৰ-জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ইয়াৰ শুভাৰম্ভণি কৰে। নামৰূপত থকা অসম পেট্র'কেমিকেলছে উৎপাদন কৰা ৫৪০ টন মিথানল কঢ়োৱা ডিএলবি পাটকাই জাহাজখনক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ ঢাকাত থকা পানগাঁও বন্দৰলৈ বুলি চুইছ অ'ন কৰি যাত্ৰা কৰোৱাই। ব্ৰহ্মপুত্র নদীত থকা ৰাষ্ট্ৰীয় জলপথ ২ ৰে ডিব্ৰুগড়ৰ পৰা বিদেশী বন্দৰলৈ পণ্য পৰিবহনৰ এই যাত্ৰাই অসমৰ বাবে পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰমুখ প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। এই ব্যৱস্থাই উদ্যোগসমূহৰ বাবে কম ব্যয় সাপেক্ষ সেউজ…
Read More
ৰাণীত ৰান্ধনি আৰু ৰন্ধন সহায়কক শিক্ষামন্ত্ৰীৰ সন্মান: ১২৩ গৰাকীক প্ৰদান মুখ্যমন্ত্ৰীৰ প্ৰশংসাপত্ৰ

ৰাণীত ৰান্ধনি আৰু ৰন্ধন সহায়কক শিক্ষামন্ত্ৰীৰ সন্মান: ১২৩ গৰাকীক প্ৰদান মুখ্যমন্ত্ৰীৰ প্ৰশংসাপত্ৰ

কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত পিএমশ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰিত আজি সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত আয়োজিত ৰান্ধনি আৰু ৰন্ধন সহায়কসকলৰ সন্মান প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ সৈতে অংশগ্ৰহণ কৰে। ‘সেৱা সংকল্প অভিযান’ৰ অংশ হিচাপে আয়োজিত অনুষ্ঠানত ৰাণী শিক্ষা খণ্ডৰ ১২৩ গৰাকী ৰান্ধনি আৰু ৰন্ধন সহায়কক তেওঁলোকৰ নিষ্ঠা, দায়বদ্ধতা আৰু সেৱাৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ প্ৰশংসাপত্ৰ আৰু চেক প্ৰদান কৰা হয়। ৰাজ্যজুৰি মুঠ ১,০৭,০৪৭গৰাকী ৰান্ধনি আৰু ৰন্ধন সহায়কক এইদৰে সন্মানিত কৰা হ’ব।
Read More
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন: কাইলৈ ১৯ লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৫ প্ৰাৰ্থীৰ ভাগ্য

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন: কাইলৈ ১৯ লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৫ প্ৰাৰ্থীৰ ভাগ্য

মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। প্ৰায় ১৯ লাখ ভোটাৰে এই নিৰ্বাচনত ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। চৰকাৰী সূত্ৰই জনোৱা মতে, দুয়োখন নিৰ্বাচনী জিলাতে আইন-শৃংখলা আৰু নিৰ্বাচনী আচৰণ বিধিৰ কাৰ্যকৰী বলবৎকৰণৰ সকলো দিশ পৰ্যালোচনা কৰা হৈছে। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। নিৰ্বাচনী সামগ্ৰীৰ সৈতে ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীসকল ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰত উপস্থিত হৈছে। মুঠ ১৯,০২,০০৯ গৰাকী ভোটাৰৰ ভিতৰত ৯,৫৮,৫৯৫ গৰাকী পুৰুষ, ৯,৪৩,৩৬৪ গৰাকী মহিলা আৰু ৫০ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। সমষ্টিটোৰ ২,১১২ টা ভোটকেন্দ্ৰত…
Read More
অৰুণাচলৰ জিৰ’ত প্ৰকৃতি প্ৰেমীৰ সমাৱেশ: পক্ষী আৰু পখিলা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ

অৰুণাচলৰ জিৰ’ত প্ৰকৃতি প্ৰেমীৰ সমাৱেশ: পক্ষী আৰু পখিলা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ জিৰ’স্থিত চেইণ্ট ক্লেৰেট মহাবিদ্যালয়ত দেওবাৰে প্ৰথমবাৰৰ বাবে 'জিৰ’ পক্ষী আৰু পখিলা মহোৎসৱ'ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোত ৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ উদযাপনো আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানৰ পিছত এই মহোৎসৱৰ কাৰ্যসূচী তালে বন্যপ্ৰাণী অভয়াৰণ্যৰ পাংগেলৈ স্থানান্তৰ কৰা হ’ব। তাত অংশগ্ৰহণকাৰীসকলে তিনিদিন ধৰি পক্ষী আৰু পখিলাৰ জনসংখ্যা নিৰীক্ষণ কৰাৰ লগতে সংৰক্ষণমূলক কাৰ্যসূচীত অংশ ল’ব। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি হাপোলী বন সংমণ্ডলৰ ডি এফ অ’ টিলিং টাকাৰ আৰু এ ডি চি এফ অয়াং দুছুৱে বন্যপ্ৰাণী সপ্তাহৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকে অঞ্চলটোৰ থলুৱা পক্ষী আৰু পখিলাৰ জৈৱিক বৈচিত্ৰ্যই পৰিৱেশ তন্ত্ৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ…
Read More
কেম্ব্ৰিজত অসমৰ জীয়ৰীৰ চমক: আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত কৃতি ধানুকাৰ স্বৰ্ণ জয়

কেম্ব্ৰিজত অসমৰ জীয়ৰীৰ চমক: আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত কৃতি ধানুকাৰ স্বৰ্ণ জয়

ব্ৰিটেইনৰ কেম্ব্ৰিজত অসমৰ জীয়ৰী কৃতি ধানুকাই অসাধাৰণ সাফল্য অৰ্জন কৰি ভাৰত তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃতি ধানুকাই সন্মানীয় CEFC International Olympiad Competition-ত স্বৰ্ণ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ মেধা আৰু প্ৰতিভাৰ উজ্জ্বল পৰিচয় দাঙি ধৰিছে। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত Selwyn College-ত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। কৃতি ধানুকা ডেৰাডুনৰ Welham Girls’ School-ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। তেওঁ গুৱাহাটীৰ বিশিষ্ট সমাজসেৱী ড° অশোক কুমাৰ ধানুকা আৰু কুসুম ধানুকাৰ নাতিনী, তথা ড° ঘনশ্যাম দাস ধানুকা আৰু স্বাতী ধানুকাৰ সুপুত্ৰী।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬৬গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ভাৰতৰ ১৭গৰাকী শিক্ষাৰ্থী আছিল। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ…
Read More
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ হেলেন লেপচা ছিকিম চৰকাৰী চিকিৎসা মহাবিদ্যালয় ভ্ৰমণ

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ হেলেন লেপচা ছিকিম চৰকাৰী চিকিৎসা মহাবিদ্যালয় ভ্ৰমণ

কেন্দ্ৰীয় শিক্ষা আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন (DoNER) মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে সোমবাৰে তেওঁৰ দুদিনীয়া ছিকিম ভ্ৰমণৰ অংশ হিচাপে হেলেন লেপচা ছিকিম চৰকাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। প্ৰতিষ্ঠানখনত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ভৱন আৰু গৃহ নিৰ্মাণ বিভাগৰ পিচিই-তথা-সচিব চন্দ্ৰ বিজয় বসনেট, পিচিই ৱাই.এন. গৌতম আৰু ছিকিম চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলে আদৰণি জনায়। ভ্ৰমণকালত মজুমদাৰে চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বুজ লয়। মহাবিদ্যালয়খনৰ ডিন বিক্ৰম খাৰগাই তেওঁক চৌহদটোৰ বিভিন্ন সা-সুবিধাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথমটো বেচৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে। ছিকিমৰ প্ৰথমখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হিচাপে হেলেন লেপচা ছিকিম চৰকাৰী চিকিৎসা মহাবিদ্যালয়খন ২০২৬ চনৰ…
Read More
অসম বিত্ত সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ কুমাৰ দাসৰ মৃ*ত্যু

অসম বিত্ত সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ কুমাৰ দাসৰ মৃ*ত্যু

গুৱাহাটী মহানগৰীৰ খাৰঘূলি নিবাসী , বিশিষ্ট সমাজকর্মী , অসম বিত্ত সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া  ৰাজেন্দ্র কুমাৰ দাসৰ অসুখত ভুগি গুৱাহাটীৰ  এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। অসম চৰকাৰৰ জ্যেষ্ঠ বিত্ত বিষয়া হিচাপে ২০১৬ চনত অৱসৰ গ্ৰহণ কৰা ৰাজেন্দ্ৰ কুমাৰ দাসে মৃত্যুৰ সময়ত পত্নী  বিনীতা দাস, দুজনী চিকিৎসক আৰু এজনী  অভিযন্তাকে ধৰি তিনিজনী জীয়ৰী , এজন অধিবক্তা পুত্র, দুজন জোৱাই আৰু দুগৰাকী নাতি  ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই  অসম চৰকাৰৰ বিত্ত সচিব দিলীপ কুমাৰ বৰাকে ধৰি বহু গুণমুগ্ধ লোক বাসগৃহত উপস্থিত  শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । উল্লেখ্য…
Read More
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ মৃত্যুৰ বিপৰীতে দাবী পৰিশোধ 

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ মৃত্যুৰ বিপৰীতে দাবী পৰিশোধ 

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত ডেথ ক্লেইম(মৃত্যু দাবী) পৰিশোধ কৰিছে আৰু ধাৰাবাহিকভাৱে দ্বিতীয় বছৰৰ বাবে এই স্থিতি অক্ষুণ্ণ ৰখাৰ কথা কোম্পানীটোৱে সদৰি কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ তথ্য অনুসৰি, বীমাকাৰী প্ৰতিষ্ঠানটোৰ গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম ২০২১ বিত্তীয় বৰ্ষত প্ৰায় ১০ লাখ টকাৰ পৰা বৃদ্ধি পাই ২০২৬ বিত্তীয় বৰ্ষত ১৫ লাখ টকা হৈছেগৈ। সলনি হৈ থকা উপাৰ্জনৰ স্তৰ, ঋণ আৰু পাৰিবাৰিক দায়িত্বৰ সৈতে সংগতি ৰাখি জীৱন বীমাৰ সুৰক্ষাৰ আৱৰণ পুনৰীক্ষণ কৰাৰ গুৰুত্ব উপলব্ধি কৰি যোৱা চাৰিটা বিত্তীয় বৰ্ষত এই গড় দাবীৰ পৰিমাণ ১৪-১৫ লাখ টকাৰ ভিতৰতে আছিল। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ আণ্ডাৰৰাইটিং এণ্ড ৰিটেইল ক্লেইমচ শাখাৰ…
Read More
পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা বিহাৰৰ যুৱক আৰু এজন প্ৰাক্তন সেনাক গুৱাহাটীত গ্ৰেপ্তাৰ ৷ ভাৰতীয় সেনাৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ ৷শনিবাৰে মহানগৰীৰ সাতগাঁৱৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত কাম কৰা এজনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ স্পেছিয়েল টাক্স ফৰ্চ চমুকৈ এছটিএফে ৷ বিহাৰৰ পূব চম্পাৰণৰ অভিষেক কুমাৰ সিং নাম এজনক গ্ৰেপ্তাৰ কৰিছে এছটিএফে ৷ অভিযোগ অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত সিঙক মহানগৰীৰ সাতগাঁৱ থানা এলেকাৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
Read More